ETV Bharat / bharat

President Droupadi Murmu: দৰিদ্ৰ ভাৰতীয়সকলেও আকাংক্ষা পূৰণ কৰিব পাৰে: দ্ৰৌপদী মূৰ্মু

author img

By

Published : Jul 25, 2022, 12:39 PM IST

ভাৰতৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে সোমবাৰে শপত গ্ৰহণৰ পাছতে দ্ৰৌপদী মূৰ্মুৱে কয় যে শীৰ্ষ সাংবিধানিক পদলৈ তেওঁৰ নিৰ্বাচনে প্ৰমাণ কৰে যে ভাৰতত দৰিদ্ৰসকলে কেৱল সপোনই নহয়, সেই আকাংক্ষাবোৰো পূৰণ কৰিব পাৰে (Poor can not only dream but also fulfil those aspirations) । ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই তেওঁক ভাৰতৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে শপত বাক্য় পাঠ কৰোৱাৰ পিছত দিয়া ভাষণত মূৰ্মুৱে তেওঁক নিৰ্বাচিত কৰাৰ বাবে সকলো সাংসদ আৰু বিধায়কক ধন্যবাদ জ্ঞাপন কৰে ।

ু
President Droupadi Murmu: দৰিদ্ৰ ভাৰতীয়সকলেও আকাংক্ষা পূৰণ কৰিব পাৰে:মুৰ্মু

নেচনেল ডেস্ক, ২৫ জুলাই: ভাৰতৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে সোমবাৰে শপত গ্ৰহণৰ পাছতে দ্ৰৌপদী মূৰ্মুৱে কয় যে শীৰ্ষ সাংবিধানিক পদলৈ তেওঁৰ নিৰ্বাচনে প্ৰমাণ কৰে যে ভাৰতত দৰিদ্ৰসকলে কেৱল সপোনই নহয়,সেই আকাংক্ষাবোৰো পূৰণ কৰিব পাৰে (Poor can not only dream but also fulfil those aspirations)।

ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই তেওঁক ভাৰতৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে শপত বাক্য় পাঠ কৰোৱাৰ পিছত দিয়া ভাষণত মূৰ্মুৱে তেওঁক নিৰ্বাচিত কৰাৰ বাবে সকলো সাংসদ আৰু বিধায়কক ধন্যবাদ জ্ঞাপন কৰে (Murmu thanked all MPs and MLAs for electing her)। তেওঁ সকলোকে ধন্যবাদ জ্ঞাপন কৰি পুনৰ কয়, 'মই এক গুৰুত্বপূৰ্ণ সময়ত নিৰ্বাচিত হৈছো যেতিয়া দেশখনে স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ কৰিছে । ৰাষ্ট্ৰপতিৰ দৰে দেশৰ সন্মানীয় পদত অধিস্থিত হৈ সৰ্বোচ্চ কাৰ্যালয়টোত উপনীত হোৱাটো মোৰ ব্যক্তিগত সাফল্য নহয়,এয়া দেশৰ সকলো দৰিদ্ৰ লোকৰ সাফল্য় ।'

তেওঁ আবেগিক হৈ দেশবাসীক উদ্দেশ্য়ি কয়, 'মোৰ নিৰ্বাচনে এই সত্যৰ প্ৰমাণ কৰে যে ভাৰতত দৰিদ্ৰ সকলে সপোন দেখিব পাৰে আৰু সেই সপোনবোৰ পূৰণ কৰিব পাৰে ।' ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে পুনৰ কয় যে এইটো ভাৰতৰ গণতন্ত্ৰৰ শক্তি যে দৰিদ্ৰ জনজাতীয় ঘৰত জন্ম গ্ৰহণ কৰা ছোৱালী এগৰাকীয়ে শীৰ্ষতম সাংবিধানিক পদত উপনীত হ'ব পাৰে । ৰাষ্ট্ৰপতিয়ে তেওঁৰ ভাষণত স্বাধীন ভাৰতৰ নাগৰিকৰ পৰা স্বাধীনতা সংগ্ৰামীসকলৰ আশা পূৰণৰ বাবে দ্ৰুত প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

লগতে পঢ়ক:Droupadi Murmu pays tributes at Raj Ghat: ৰাজঘাটত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি দ্ৰৌপদী মূৰ্মুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.