ETV Bharat / bharat

Watershed moment for India: দ্ৰৌপদী মূৰ্মুৰ শপতগ্ৰহণক ঐতিহাসিক ক্ষণ আখ্যা প্ৰধানমন্ত্ৰী মোডীৰ

author img

By

Published : Jul 25, 2022, 2:25 PM IST

দেশতৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰিলে দ্ৰৌপদী মূৰ্মুৱে(Droupadi Murmu takes oath as Indias President) । মূৰ্মুৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi attends Murmur swearing-in ceremony) । দেশৰ প্ৰথমগৰাকী জনজাতীয় ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰা ক্ষণক ঐতিহাসিক ক্ষণ আখ্যা দিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

watershed moment for india pm modi on droupadi murmu
Watershed moment for India: দ্ৰৌপদী মূৰ্মুৰ শপতগ্ৰহণক ঐতিহাসিক ক্ষণ আখ্যা প্ৰধানমন্ত্ৰী মোডীৰ

নেশ্যনেল ডেস্ক,২৫ জুলাই: দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণ অনুষ্ঠানৰ সাক্ষী হ'ল দেশবাসী । শপত গ্ৰহণ কৰিলে দ্ৰৌপদী মূৰ্মুৱে(President Droupadi Murmu) । শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi attends Murmur swearing-in ceremony) । শপত গ্ৰহণ অনুষ্ঠানৰ পাছতেই প্ৰধানমন্ত্ৰীৰ বিশেষ মন্তব্য। তেওঁ কয় যে দ্ৰৌপদী মূৰ্মুৱে শপত গ্ৰহণ কৰা সময়ত সমগ্ৰ দেশে গৌৰৱৰে চাই আছিল । তেওঁ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাতো ভাৰতৰ বাবে বিশেষকৈ দৰিদ্ৰ তথা দলিতসকলৰ বাবে এক ঐতিহাসিক মূহুৰ্ত ।

লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে দ্ৰৌপদী মূৰ্মুৰ শপত গ্ৰহণৰ পিছতে দিয়া মন্তব্যৰ ওপৰতো মন্তব্য় আগবঢ়াই । তেওঁ দ্ৰৌপদী মূৰ্মুক শুভকামনা জনাই কয় যে দ্ৰৌপদী মূৰ্মুৰ ভাষণে আশা আৰু সহানুভূতিৰ বাৰ্তা বহন কৰিছে । ভাৰতে আজাদী কা অমৃত মহোৎসৱ পালন কৰাৰ সময়ত মূৰ্মুৰ ভাৰতৰ সফলতাৰ ওপৰত গুৰুত্ব আৰোপ ভৱিষ্যতৰ দৃষ্টিভংগী সচাকৈয়ে আশাব্যঞ্জক ।

উল্লেখ্য যে ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই দ্ৰৌপদী মূৰ্মুক ভাৰতৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাইছিল । মুৰ্মুৱে ভাৰতৰ প্ৰথমগৰাকী জনজাতীয় ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে । শপত লোৱাৰ পিছতে তেওঁ কৈছিল যে শীৰ্ষ সাংবিধানিক পদলৈ তেওঁৰ নিৰ্বাচনে প্ৰমাণ কৰে যে দৰিদ্ৰসকলে কেৱল ভাৰতত সপোন দেখিব নোৱাৰে, ইয়াক পূৰণ কৰিবও পাৰে(Poor can not only dream but also fulfil those aspirations) । প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁক এক ফলপ্ৰসূ ৰাষ্ট্ৰপতিৰ কাৰ্যকালৰ বাবে শুভকামনা জ্ঞাপন কৰে ।

লগতে পঢ়ক: President Droupadi Murmu: দৰিদ্ৰ ভাৰতীয়সকলেও আকাংক্ষা পূৰণ কৰিব পাৰে: দ্ৰৌপদী মূৰ্মু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.