ETV Bharat / bharat

Accident at JKs Ramban: ৰামবানৰ দুৰ্ঘটনাত নিহতৰ সংখ্যা ছয় গৰাকীলৈ বৃদ্ধি

author img

By

Published : Jul 25, 2022, 2:20 PM IST

Updated : Jul 25, 2022, 2:39 PM IST

জম্মু-কাশ্মীৰৰ ৰামবান জিলাত সংঘটিত দুৰ্ঘটনাত নিহতৰ সংখ্যা ছয়গৰাকীলৈ বৃদ্ধি পাইছে (Death toll in accident at JKs Ramban rises)। আন দুগৰাকী লোকৰ চিকিৎসালয়ত মৃত্যু হোৱাৰ পিছত এই সংখ্য়া বৃদ্ধি হৈছে ।

ৰামবানৰ দুৰ্ঘটনাত নিহতৰ সংখ্যা ছয় গৰাকীলৈ বৃদ্ধি
ৰামবানৰ দুৰ্ঘটনাত নিহতৰ সংখ্যা ছয় গৰাকীলৈ বৃদ্ধি

নেচনেল ডেস্ক,২৫ জুলাই: জম্মু-কাশ্মীৰৰ ৰামবান জিলাত সংঘটিত দুৰ্ঘটনাত নিহতৰ সংখ্যা ছয় গৰাকীলৈ বৃদ্ধি পাইছে (Death toll in accident at JKs Ramban rises)। আন দুগৰাকী লোকৰ চিকিৎসালয়ত মৃত্যু হোৱাৰ পিছত এই সংখ্য়া ছয়গৰাকীলৈ বৃদ্ধি হোৱা বুলি সোমবাৰে চিকিৎসালয় সূত্ৰই সদৰি কৰিছে । উক্ত দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৪২ বছৰীয়া নাছিমা বেগম আৰু ৪৫ বছৰীয়া নাজা বেগমৰ শ্ৰীনগৰৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হোৱা বুলি চিকিৎসালয় সূত্ৰই জানিবলৈ দিয়ে ।

আনহাতে, আৰু দুগৰাকী আহত মহিলা অনন্তনাগৰ জিএমচি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে । উল্লেখ্য় যে দেওবাৰে জম্মু-কাশ্মীৰৰ ৰামবান জিলাত এখন বাহন পথৰ পৰা পিছলি গৈ খাদত বাগৰি পৰাৰ ফলত চাৰিগৰাকী লোক নিহত হৈছিল । আনহাতে, দুৰ্ঘটনাটোত চাৰিগৰাকী আহতও হৈছিল । বাহনখন ৰামচুৰ হিগনি-বদৰকুট বেল্টৰ এটা সংযোগী পথত ১,০০০ ফুট গভীৰ খাদত পৰাৰ ফলত ঘটনাস্থলীত দুগৰাকী লোকৰ মৃত্যু হৈছিল । ইপিনে, আঘাতপ্ৰাপ্ত জাহিদা বেগম আৰু মুস্তাক আহমেদৰ চিকিৎসালয়ত মৃত্যু হয় ।

উক্ত শোকাৱহ ঘটনাটোত ৰামবান জিলা উন্নয়ন পৰিষদৰ অধ্যক্ষ ৰামবান শামশাদ শানে শোক প্ৰকাশ কৰিছে । তেওঁ ৰাজ্য়পাল লেফটেনেণ্ট মনোজ সিনহাক মৃতকৰ পৰিয়ালক ৫ লাখ টকাৰ অনুদান প্ৰদান কৰিবলৈ আহ্বান জনাইছে । তদুপৰি আহতসকলক উপযুক্ত চিকিৎসা প্ৰদান কৰিবলৈ কৰ্তৃপক্ষকো আহ্বান জনায় । তেওঁ লগতে কয় যে ৰেড ক্ৰছৰ পৰা তাৎক্ষণিকভাৱে ২৫,০০০ টকাৰ সাহায্য মুকলি কৰা হৈছে।

লগতে পঢ়ক:Accident in Jharkhand: দ খাৱৈত বাগৰি পৰিল চি আৰ পি এফৰ বাহন, আহত ১১ জন জোৱান

Last Updated :Jul 25, 2022, 2:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.