Accident in Jharkhand: দ খাৱৈত বাগৰি পৰিল চি আৰ পি এফৰ বাহন, আহত ১১ জন জোৱান

author img

By

Published : Jul 25, 2022, 9:21 AM IST

11-crpf-jawans-injured-after-vehicle-falls-into-pit-in-jharkhand

ঝাৰখণ্ডৰ গিৰিডিহ জিলাত চি আৰ পি এফৰ বাহন দ খাৱৈত বাগৰি পৰি আহত হয় ১১ জনকৈ জোৱান (CRPF jawans injured after vehicle falls into pit in Jharkhand) ৷ মধুবনৰ পৰা চত্ৰা অভিমুখে গৈ থকা অৱস্থাতে সংঘটিত হয় এই দুৰ্ঘটনা ৷

নেশ্যনেল ডেস্ক, 25 জুলাই: ঝাৰখণ্ডৰ গিৰিডিহ জিলাত দেওবাৰে দুৰ্ঘটনাত পতিত হয় চি আৰ পি এফৰ এখন বাহন (Accident in Jharkhand)৷ মধুবন আৰক্ষী থানাৰ অন্তৰ্গত লাটকাটো বনাঞ্চলৰ সমীপৰ ডুমৰি পথত দেওবাৰে বিয়লি প্ৰায় ৩ বজাত সংঘটিত হয় এই দুৰ্ঘটনা ৷ আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পোৱা তথ্য অনুসৰি ভাৰসাম্য হেৰুৱাৰ ফলতেই অৰ্ধ সামৰিক বাহিনীৰ জোৱান কঢ়িয়াই নিয়া বাহনখন বাগৰি পৰে এটা দ খাৱৈত ৷ ফলত আহত হয় ১১ জনকৈ জোৱান (11 jawans of CRPF were injured) ৷

মধুবন আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃত্যুঞ্জয় সিঙে জনোৱা মতে, অৰ্ধ সামৰিক বাহিনীৰ জোৱান কঢ়িয়াই নিয়া বাহনখন মধুবনৰ পৰা চত্ৰা অভিমুখে গৈ থকা অৱস্থাতে সংঘটিত হয় এই দুৰ্ঘটনা ৷ উক্ত স্থানত মধুবন আৰক্ষী উপস্থিত হৈ আহত জোৱান কেইজনক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে ডুমৰি ৰেফাৰেল হাস্পতাললৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক: Road accident at Badarpur: বদৰপুৰৰ শ্ৰীগৌৰীত ভয়ংকৰ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.