ETV Bharat / state

ৰুদ্ৰৰ নায়িকা হ'ব নন্দিনী কাশ্যপ - Assamese Film Rudra

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 8:11 PM IST

Assamese movie Rudra: ঘোষণা হ'ল চলিত বৰ্ষত মুক্তিলাভ কৰিবলগীয়া 'ৰুদ্ৰ'ত ৰবি শৰ্মাৰ বিপৰীতে নায়িকাৰ চৰিত্ৰত অভিনয় কৰিবলগীয়া অভিনেত্ৰীৰ নাম । ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব নন্দিনী কাশ্যপে । প্ৰতিভাসম্পন্ন অভিনেত্ৰীগৰাকীক লৈ ইতিমধ্যে আৰম্ভ হৈছে দৃশ্যগ্ৰহণ ।

Heroine of the upcoming Assamese film Rudra has been announced
ৰুদ্ৰৰ নায়িকা হ'ব নন্দিনী কাশ্যপ (ETV Bharat Assam)

গুৱাহাটী, ১৬ মে': চলিত বৰ্ষত মুক্তি পাবলগীয়া বহুকেইখন প্ৰত্যাশিত ছবিৰ ভিতৰত এখন অন্যতম ছবি হৈছে 'ৰুদ্ৰ' । শ্যাম প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হ'বলগীয়া এই নতুন অসমীয়া ছবিখনৰ মুখ্য চৰিত্ৰ অৰ্থাৎ 'ৰুদ্ৰ'ৰ চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই । 'শ্ৰী ৰঘুপতিৰ' অভূতপূৰ্ব সফলতাৰ পাছত পুনৰ ব্যতিক্ৰমী ৰূপত দৰ্শকে দেখা পাব ছুপাৰষ্টাৰগৰাকীক ।

ছবিখনৰ পৰিচালনা তথা কাহিনী ৰূপক গগৈৰ । আহিবলগীয়া এই নতুন ছবিখনত ৰবি শৰ্মাৰ সহ অভিনেত্ৰী হিচাপে অভিনয় কৰিবলৈ মুখ্য নায়িকাৰ চৰিত্ৰকে ধৰি আন ১৫টা চৰিত্ৰৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাৱান অভিনয় শিল্পীৰ অডিশ্ব'ন লৈছিল পৰিচালক তথা প্ৰযোজকে । অৱশেষত ঘোষণা কৰা হয় ৰবি শৰ্মাৰ বিপৰীতে নায়িকাৰ অভিনয় কৰিবলগীয়া অভিনেত্ৰীৰ নাম ।

ৰবি শৰ্মাৰ বিপৰীতে এই ছবিখনত অভিনয় কৰিব নন্দিনী কাশ্যপে । লগতে অন্যান্য চৰিত্ৰতসমূহত অভিনয় কৰিব জয় কাশ্যপ, অৰ্চিতা আগৰৱালা আৰু অনামিকা‌ বৰ্মন আদিকে ধৰি কেইবাগৰাকী অভিনেতা-অভিনেত্ৰীয়ে । ইফালে ছবিখনত প্ৰযোজক আৰু পৰিৱেশক হিচাপে আছে ৰাজেশ কুমাৰ ম'ৰ । ছবিখনৰ একচন পৰিচালনা কৰিব মুম্বাইত প্ৰতিষ্ঠিত একচন পৰিচালক তথা বলীউডৰ কেইবাগৰাকী জনপ্ৰিয় ষ্টাৰক সমৰ কলাৰ প্ৰশিক্ষণ দিয়া অসম সন্তান পৰিচালক দীপক দাস ।

প্ৰায় ২ কোটি টকাতকৈও অধিক ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া এই নতুন অসমীয়া ছবিখন অসমৰ আইন-শৃংখলা পৰিস্থিতিক বিষয়বস্তুক কাহিনীৰ আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা হ'ব । জানিব পৰা অনুসৰি ছবিখনৰ কাহিনীভাগৰ এটা অংশ অসমৰ গ্ৰাম্যজীৱনৰ দৃশ্য দেখুৱাৰ লগতে এটা অংশ বাহিৰত চাকৰি কৰিবলৈ যোৱা এগৰাকী যুৱকৰ সংগ্ৰামৰ কাহিনী উপস্থাপন কৰা হৈছে । অসমৰ লগতে হাইদাৰাবাদ আদিকে ধৰি বহিঃৰাজ্যত দৃশ্যগ্ৰহণ কৰা হ'ব ছবিখনৰ ।

লগতে পঢ়ক: স্বৰ্গৰথ চাবলৈ স্বৰ্গলৈ নালাগে যাব: কাষৰে চিনেমা হলটোলৈকে যাব - New Assamese Film Swargarath

চৰ্চাত স্বৰ্গৰথ; মুক্তি পালে মন বন্ধু শীৰ্ষক গীতটি - Assamese Film Swargarath

নতুন অসমীয়া ছবি ‘জিয়া’ৰ সম্পৰ্কে কি ক’লে ছবিখনৰ প্ৰযোজক তথা পৰিচালকে ? - New Assamese Movie Jiya

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.