ETV Bharat / entertainment

স্বৰ্গৰথ চাবলৈ স্বৰ্গলৈ নালাগে যাব: কাষৰে চিনেমা হলটোলৈকে যাব - New assamese film swargarath

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 1:52 PM IST

New assamese film Swargarath : কোন চালকে স্বৰ্গৰথেৰে কাক স্বৰ্গযাত্ৰা কৰাব, সেয়া জানিবলৈ ৭ জুনত আপোনালোক সকলো যাব লাগিব ছবিগৃহলৈ, কাৰণ সেইদিনাই আহি আছে "স্বৰ্গৰথ"। মুক্তি পালে ছবিখনৰ অফিচিয়েল টিজাৰ ।

New assamese film swargarath
নতুন অসমীয়া চিনেমা (etv bharat assam)

গুৱাহাটী, 15 মে’ : মুক্তি পাবলগীয়া নতুন অসমীয়া ছবি "স্বৰ্গৰথ" ৰ শীৰ্ষ গীতটোয়ে খলকনি সৃষ্টি কৰাৰ পাচত মুক্তি পালে ছবিখনৰ অফিচিয়েল টিজাৰ । টিজাৰটো মুক্তিৰ পাচতে এতিয়া সামাজিক মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰিছে ছবিখনে । স্বৰ্গ যাত্ৰা আৰু পৃথিৱীত থকাসকলৰ সৰগ সুখ লাভৰ অপাৰ ইচ্ছাক দেখুওৱা হৈছে ছবিখনত ৷ স্বৰ্গৰথ আৰু তাৰ চালকজনৰ কাহিনীক হাস্যৰসিকভাৱে উপস্থাপন কৰি নিৰ্মাণ কৰা হৈছে ছবিখন ।

  • " class="align-text-top noRightClick twitterSection" data="">

এ এম টেলিভিছন প্ৰাইভেট লিমিটেডৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনৰ প্ৰযোজনা কৰিছে ড৹ সঞ্জীৱ নাৰায়ণ আৰু অক্ষতা নাৰায়ণে । আনহাতে "স্বৰ্গৰথ" ৰ পৰিচালনাৰ দায়িত্বত আছে ৰাজেশ ভূঞা । ছবিখনত অভিনয় কৰিছে অভিনেতা সিদ্ধাৰ্থ শৰ্মা, কেনি বসুমতাৰী, কমল লোচন, বনি দেউৰী, ৰিন্তু বৰা আদিকে ধৰি বহু কেইগৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে ।

"স্বৰ্গৰথ" ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য ৰাজেশ ভূঞাৰ লগতে শান্তনু ৰৌমূৰীয়াৰ । সহ-পৰিচালক হিচাপে আছে মনোজ শইকীয়া । ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে প্ৰদীপ দৈমাৰীয়ে । সম্পাদনা প্ৰতীম খাউণ্ডৰ । চলিত মাহতে মুক্তি লাভ কৰে আহিবলগীয়া এই নতুন অসমীয়া ছবিখনৰ শীৰ্ষ গীতটোৱে । ছবিখন শীৰ্ষ গীতটিত কন্ঠদান কৰিছে অৰূপ জ্যোতি বৰুৱাই ৷ গীতটিত লগতে নাগাৰা নাম আৰু "পে পে পে" ৰ জৰিয়তে ভাইৰেল হোৱা কৰিশ্মা নাথকো দেখিবলৈ পোৱা গৈছে । ছবিখনৰ পৰিচালক তথা প্ৰযোজকে জনোৱা অনুসৰি ছবিখনৰ পৰিকল্পনা বিগত ১০ বছৰৰ । ১০ বছৰৰ বহু জল্পনা-কল্পনাৰ অন্তত অহা ৭ জুনত এতিয়া ৰাইজৰ মাজলৈ আহি আছে ছবিখন । ৰাজ্য প্ৰতিটো ছবিগৃহতে মুক্তি পাবলগীয়া এই নতুন অসমীয়া ছবিখনক ৰাইজে আদৰি ল'ব বুলি আশাবাদী ছবিখনৰ পৰিচালক তথা কলাকুশলীসকল ।

লগতে পঢ়ক : চৰ্চাত স্বৰ্গৰথ; মুক্তি পালে মন বন্ধু শীৰ্ষক গীতটি - Assamese Film Swargarath

কৰিশ্মা নাথৰ স্বৰ্গৰথ - New assamese film

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.