ETV Bharat / entertainment

কৰিশ্মা নাথৰ স্বৰ্গৰথ - New assamese film

author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 10:12 AM IST

assamese film Swargarath
কৰিশ্মা নাথৰ স্বৰ্গৰথ

Assamese film Swargarath : স্বৰ্গৰথত নাগাৰ শিল্পী কৰিশ্মা নাথ ৷ এতিয়া সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চা লাভ কৰিছে ছবিখনৰ গীতৰ টীজাৰটোৱে, একাংশই চৈধ্যগোষ্ঠী উজাৰি গালি দিছে যদি একাংশই আকৌ কৰিশ্মাৰ ৰূপালী পৰ্দাত আত্মপ্ৰকাশক লৈ শুভেচ্ছামূলক বাৰ্তা দিছে ৷

গুৱাহাটী, ২৭ এপ্ৰিল: সামাজিক মাধ্যম আৰু কৰিশ্মা নাথৰ সম্পৰ্ক যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷ এনিশাৰ ভিতৰতেই এটা নাগাৰা নামৰ এটা ক্লিপে ৰাজ্যজুৰি চৰ্চা লাভ কৰিছিল ৷ সকলোৰে সামাজিক মাধ্য়মত ধুনীয়া ছোৱালীজনীৰ কেইমুহূৰ্তমানৰ ক্লিপটোৱে স্থান দখল কৰিছিল ৷ সকলোৰে মুখে মুখে মাথোঁ চৰ্চা হৈছিল কৰিশ্মাৰ ৷ চাওঁতে চাওঁতে সামাজিক মাধ্য়মত নিশাটোৰ ভিতৰতে চেলেব্ৰেটীলৈ পৰিণত হৈছিল নাগাৰ শিল্পী কৰিশ্মা ৷

এইবাৰ নাগাৰা নামেৰে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱা কৰিশ্মা নাথক এইবাৰ ৰাইজে দেখিবলৈ পাব ৰূপালী মঞ্চত । এচিৰেই মুক্তি পাবলগীয়া এখন অসমীয়া ছবিত দেখিব পাব কৰিশ্মা নাথক । ইতিমধ্যে ছবিখনৰ এটা গানীৰ টীজাৰ মুক্তি লাভ কৰাৰ পিচতেই এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে কৰিশ্মা অভিনীত ছবিখনে ৷

ছবিখনৰ গীতৰ টীজাৰটোত নাগাৰা নামেৰে ভুমুকি মাৰিছে কৰিশ্মা নাথে । এ.এম টেলিভিশ্যনৰ বেনাৰত নিৰ্মিত ৰাজেশ ভূঞাৰ পৰিচালনাৰে নিৰ্মিত স্বৰ্গৰথ নামৰ অসমীয়া ছবিখনৰ এটি গীতত দেখা যাব জনপ্ৰিয় কৰিশ্মাক । শুকুৰবাৰে ছবিখনৰ টীজাৰ মুকলি হোৱাৰ পিচতে সামাজিক মাধ্যমত ছবিখনক লৈ চৰ্চা হৈছে ৷

কোনেৱে কৰিশ্মা নাথক ছবিখনত দেখি চৰ্চা কৰিছে আন কোনোৱে নাগাৰা নামক ছবিখনক অন্তৰ্ভুক্ত কৰাৰ বাবে সমালোচনা কৰিছে । বহুজনে নাগাৰা নামক বিকৃত ৰূপত উপস্থাপন কৰা বুলি কটু সমালোচনা কৰিছে ।

উল্লেখ্য যে, অহা ৭ জুনত ছবিগৃহলৈ আহিব স্বৰ্গৰথ । স্বৰ্গৰথৰ কাহিনী তথা চিত্ৰনাট্য ৰাজেশ ভূঞা আৰু শান্তনু ৰৌমূৰীয়াৰ।মনোজ শইকীয়াৰ সহ পৰিচালনাৰে বহুকেইগৰাকী চিনাকি অভিনয় শিল্পীৰ সমাহাৰ ঘটিব স্বৰ্গৰথত ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে বিগত 10 বছৰৰ পৰিকল্পনা এই স্বৰ্গৰথ নামৰ ছবিখন ৷ ছবিখন নিৰ্মাণ কৰি থকাৰ সময়ত বহুকেইগৰাকী কলা-কুশলী সলনি হৈছিল ৷ এতিয়া বহু জল্পনা-কল্পনাৰ অন্তত ৰাইজৰ মাজলৈ আহিব ছবিখন ৷ ছবিখনত জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মাকো দেখা যাব ৷

লগতে পঢ়ক: সৰুপথাৰবাসী ৰাইজৰ পৰা পিতৃৰ বাবে আশীষ বিচাৰি আবেগিক জুবলী বৰুৱা - Rongali Bihu 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.