ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল - Daily Horoscope For 11th May

author img

By ETV Bharat Assamese Team

Published : May 11, 2024, 12:46 AM IST

Daily Horoscope For 11th May: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 11th May 2024
আজিৰ দিনটোৰ ৰাশিফল (SOURCE: ETV BHARAT ASSAM DESK)

মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে আজিৰ দিনটো মধ্যমীয়া ৷ আপোনাৰ পৰিকল্পনাসমূহক বাস্তৱায়িত কৰাৰ বাবে আৰু নতুন কাম হাতত লোৱাৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল ৷ ভ্ৰমণ বা ক’ৰবাত ফুৰিবলৈ যোৱাৰ যোগ আছে ৷

বৃষ ৰাশি: বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে গ্ৰহ আজি অনুকূল নহয় ৷ আপোনাৰ সিদ্ধান্তগ্ৰহণৰ ক্ষমতা আজি লুপ্ত হৈ যাব, যাৰ ফলত আপোনাৰ হাতৰপৰা বহুত সুযোগ ওলাই যাব ৷ আজি নতুন কোনো কাম বা প্ৰকল্প হাতত নল’ব ৷ সহকৰ্মী, বন্ধু বা পৰিয়ালৰ লোকৰ সৈতে কথা পতাৰ সময়ত ধীৰ-স্থিৰ হৈ কথা পাতক, কথা কোৱাৰ সময়ত আৰু কোনো কাম কৰাৰ সময়ত বিবেচকৰ দৰে কথা পাতক আৰু কাম কৰক ৷ নিজৰ আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণত ৰাখক ৷ ভাই-ভনীৰ সৈতে সম্পৰ্ক স্বাভাৱিক থাকিব ৷

মিথুন ৰাশি: মিথুন ৰাশিৰ জাতক-জাতিকাসকলে প্ৰিয়জন তথা বন্ধুৰ সৈতে হাঁহি-ফুৰ্তি কৰাৰ বাবে দিনটো ভাল ৷ গতিকে বন্ধুসকলক নিজৰ ঘৰত নৈশভোজ কৰিবলৈ নিমন্ত্ৰণ জনাওঁক, তেওঁলোকৰ সৈতে ক’ৰবাত ফুৰিবলৈ যাওঁক ৷ আৰ্থিক দিশতো আপুনি বিভিন্নভাৱে লাভবান হ’ব ৷ বন্ধু বা প্ৰিয়জনৰপৰা উপহাৰ পাব পাৰে ৷

কৰ্কট ৰাশি: কৰ্কট ৰাশিৰ জাতক-জাতিকাসকল আজি শান্ত হৈ থাকক ৷ আজিৰ গ্ৰহৰ অৱস্থানৰ ফলত আপুনি উদ্বিগ্ন আৰু অস্থিৰ হৈ থাকিব ৷ নহ’লে মানসিক অস্থিৰতাই আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাক লুপ্ত কৰি দিব ৷ যাৰ ফলত আপুনি হতাশাগ্ৰস্ত হৈ পৰিব ৷ আৰ্থিক দিশত সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷

সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে মধ্যমীয়া এটা দিন ৷ আজি পৰিস্থিতি আপোনাৰ অনুকূলত থাকিব ৷ নতুন প্ৰকল্প বা কাম আজি আৰম্ভ নকৰিব, কাৰণ আজিৰ দিনটো ফলদায়ক নহয় ৷ বন্ধুসকলৰ সৎ সংগ পাব আৰু কেইজনমান বন্ধুৱে নিজক আপোনাৰ উপকাৰী বন্ধু হিচাপে প্ৰমাণ দিব ৷ আজি প্ৰমোদভ্ৰমণৰ আয়োজন হ’ব পাৰে ৷ ব্যৱসায়ত ভালে ৷ আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে ৷

কন্যা ৰাশি: আজিৰ দিনটো কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে সুফলদায়ক ৷ আপুনি যদি আজি কোনো নতুন প্ৰকল্প হাতত ল’ব খুজিছে, তেতিয়া হ’লে সদৌ প্ৰথমতে তাকেই কৰক ৷ কাৰণ আজিৰ দিনটো আপোনাৰ জীৱিকাৰ বাবে অনুকূল আৰু অধিক উন্নতিৰ আশা কৰিব পাৰে ৷ লগতে আপুনি আজি পদোন্নতি লাভৰ আশাও কৰিব পাৰে আৰু কৰ্মক্ষেত্ৰত নিজৰ কামৰ প্ৰশংসাও পাব পাৰে ৷

তুলা ৰাশি: বৌদ্ধিক ক্ৰিয়াকলাপত তীব্ৰ আকাংক্ষা অনুভৱ কৰিব বাবে আজি আপুনি সাহিত্য ৰচনা আৰু চিত্ৰাংকনৰ দৰে সুকুমাৰ কলাৰ প্ৰতি আকৃষ্ট হ’ব ৷ নতুন কাম আৰম্ভ কৰাৰ বাবে, পৰিকল্পনাক বাস্তৱায়িত কৰাৰ কাৰণে আজিৰ দিনটো ভাল ৷ কৰ্মক্ষেত্ৰত আপুনি কৰ্ম তৎপৰ হৈ থাকিব ৷

বৃশ্চিক ৰাশি: আজিৰ দিনটো আপোনাৰ প্ৰতি সদয় নহয় ৷ প্ৰত্যেক পদক্ষেপত আপুনি আজি সজাগ হৈ থাকিব লাগিব ৷ নতুন কোনো প্ৰকল্পৰ কাম আৰম্ভ নকৰিব আজি, কিয়নো ইয়াৰ ফলত প্ৰচণ্ড খেলে-মেলি হ’ব পাৰে ৷ ব্যয় নিয়ন্ত্ৰণ কৰক ৷

ধনু ৰাশি: ধনু ৰাশিৰ জাতক-জাতিকাসকল আজি ব্যৱসায়িক অংশীদাৰসকলৰ দ্বাৰা লাভবান হ’ব ৷ আজিৰ দিনটো আপোনাৰ আনন্দত পাৰ হ’ব৷ প্ৰচুৰ মনোৰঞ্জন আৰু আনন্দ-ফুৰ্তিৰ যোগ আছে ৷ সামাজিক কোনো সমাৱেশ বা অনুষ্ঠানত আপুনি বিভিন্ন সংস্কৃতিৰ সৈতে জড়িত লোকক সাক্ষাৎ কৰিব পাৰে ৷ বন্ধু আৰু প্ৰিয়জনৰ সৈতে ভ্ৰমণৰ বাবে যোৱাৰ পৰিকল্পনা কৰিলে ভাল হয় ৷

মকৰ ৰাশি: এখন ছবিয়ে হাজাৰটা শব্দৰ সমান কথা কয় ৷ আপোনাৰ আজিৰ দিনটো ছবিৰ দৰে৷ আমোলাতান্ত্ৰিক আৰু চৰকাৰী বিষয়াসকলে কিছু বাধা-বিপত্তিৰ সৃষ্টি কৰিলেও সেইবোৰ সহজতে পাৰ কৰি যাব পাৰিব ৷ একো চিন্তা নকৰিব, আপোনাৰ প্ৰতিপক্ষসকলে সেও মানিব ৷ স্বাস্থ্য ভালে থাকিব৷

কুম্ভ ৰাশি: গ্ৰহৰ অৱস্থানে আজি আপোনাক সমস্যাত পেলাব পাৰে ৷ নতুন প্ৰকল্পৰ কামত হাত নিদিব, ভ্ৰমণ এৰাই চলক ৷ আজি গোটেই দিনটো আপুনি উদ্বিগ্ন হৈ থাকিব ৷ মহিলাসকলে আজি নিজৰ আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণ কৰি ৰাখক আৰু সকলো সময়ত শান্ত হৈ থাকক ৷ আপুনি আজি বৌদ্ধিক আলোচনা আৰু ক্ৰিয়াকলাপত যুক্ত হ’ব পাৰে আৰু বৌদ্ধিকতাৰ মাত্ৰা বৃদ্ধিও পাব পাৰে ৷ অকস্মাত্ ব্যয়ৰ যোগ আছে ৷

মীন ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে বহুত সমস্যা লৈ অপেক্ষা কৰি আছে ৷ আপোনাৰ স্বাস্থ্য আৰু সম্পদৰ ক্ষতি হ’ব পাৰে, গতিকে আজিৰ দিনটো যিমান পাৰে শান্ত হৈ কটাবলৈ চেষ্টা কৰক ৷ নাৰীৰ সৈতে কথা পতাৰ সময়ত নিজৰ মুখত লেকাম টানি ৰাখিব ৷ তেওঁলোকৰ সৈতে বেয়াকৈ কোনো কথা ক’লে বিপদত পৰিব পাৰে ৷ চাকৰিয়ালসকলৰ কাৰণে দিনটো দুশ্চিন্তা আৰু সমস্যাৰে ভৰা ৷ সম্পত্তি আৰু বাহন সম্বন্ধীয় বিষয়ক লৈ কাম কৰাৰ সময়ত সতৰ্ক হ’ব লাগিব আপুনি ৷

লগতে পঢ়ক: জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.