ETV Bharat / entertainment

ৰবি শৰ্মাৰ নতুন অৱতাৰ - new assamese film rudra

author img

By ETV Bharat Assamese Team

Published : May 11, 2024, 12:06 PM IST

Assamese film rudra : শীঘ্ৰেই ছবিগৃহলৈ আহি আছে ‘ৰুদ্ৰ’ । শুকুৰবাৰে মহানগৰীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হয় ‘ৰুদ্ৰ’ৰ শুভ মহুৰত ।

new assamese film rudras shubh muhurat at Jyoti Chitrabon
নতুন ছবিৰ শুভ মহুৰত (ETV BHARAT ASSAM)
নতুন ছবিৰ শুভ মহুৰত (ETV BHARAT ASSAM)

গুৱাহাটী, 11 মে’ : শীঘ্ৰেই ছবিগৃহলৈ আহি আছে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা অভিনীত নতুন ছবি ‘ৰুদ্ৰ’ । শুকুৰবাৰে মহানগৰীৰ জ্যোতি চিত্ৰবনত নতুনকৈ আহিবলগীয়া এই অসমীয়া ছবি ৰুদ্ৰৰ শুভ মহুৰত অনুষ্ঠিত হয় । শ্যাম প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হ'বলগীয়া এই নতুন অসমীয়া ছবি ৰুদ্ৰৰ পৰিচালনা তথা কাহিনী ৰূপক গগৈৰ ।

আনহাতে ছবিখনৰ মুখ্য প্ৰযোজক আৰু পৰিৱেশক হিচাপে আছে ৰাজেশ কুমাৰ ম'ৰ । অসমৰ আইন-শৃংখলা পৰিস্থিতিক কাহিনীৰ আধাৰ হিচাপে লৈ নিৰ্মাণ কৰিবলগীয়া এই নতুন অসমীয়া ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব ৰবি শৰ্মাই । ছবিখনৰ কাহিনীভাগৰ এটা অংশত অসমৰ গ্ৰাম্য জীৱনৰ দৃশ্য উপস্থাপন কৰা হ’ব ৷

লগতে কিছু দৃশ্যত বাহিৰলৈ চাকৰি কৰিবলৈ যোৱা যুৱকসকলৰ সংগ্ৰামৰ কাহিনীও উপস্থাপন কৰা হ’ব । ইফালে ছবিখনৰ একশ্যন পৰিচালক হিচাপে আছে মুম্বাইত প্ৰতিষ্ঠিত একশ্যন পৰিচালক তথা বলীউডৰ কেইবাগৰাকী জনপ্ৰিয় তাৰকাক সমৰকলাৰ প্ৰশিক্ষণ দিয়া অসম সন্তান পৰিচালক দীপক দাস ।

জানিব পৰা অনুসৰি, একশ্যন থ্ৰিলাৰধর্মী এই ছবিখনৰ একশ্যনবোৰ বৰ্তমান হিন্দী বা দক্ষিণৰ ছবিৰ লগত ফেৰ মাৰিব পৰাকৈ নিৰ্মাণ কৰা হ'ব । প্ৰায় ২ কোটিতকৈয়ো অধিক টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই ছবিখনত অভিনয় কৰিব বহুকেইগৰাকীমান ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।

ছবিখনৰ সন্দৰ্ভত অভিনেতা ৰবি শৰ্মাই কয়, ‘‘এইটো এটা নতুন অভিজ্ঞতা । নতুন নতুন মানুহৰ লগত কাম কৰিম । ছবিখনত দৰ্শকে বহু নতুন নতুন সোৱাদ পাব । আমাৰ প্ৰচেষ্টা ৰঘুপতিতকৈ দুগুণ হ'ব । শ্ৰী ৰঘুপতিক সঁহাৰি দিয়াৰ দৰে দৰ্শকে ৰুদ্ৰকো আকোৱালি ল'ব বুলি আশাবাদী এতিয়া টীম ৰুদ্ৰ ।’’

লগতে পঢ়ক : ঈশ্বৰক স্মৰণ কৰক, কিয়নো আহি আছে 'পিশাচ' - New Assamese Film Pikhaas

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.