নতুন অসমীয়া ছবি ‘জিয়া’ৰ সম্পৰ্কে কি ক’লে ছবিখনৰ প্ৰযোজক তথা পৰিচালকে ? - New assamese movie Jiya
New assamese movie Jiya: ১৭ মে'ত ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি ‘জিয়া’ । এগৰাকী মাতৃৰ জীৱন সংগ্ৰাম কিছু কাহিনীৰে নিৰ্মাণ কৰা এই নতুন অসমীয়া ছবিখনৰ পৰিচালনা কৰিছে কেনী বসুমতাৰীয়ে ৷ ছবিখনৰ প্ৰযোজনা শর্মিষ্ঠা চক্ৰৱর্তীৰ ৷ ছবিখনৰ সন্দৰ্ভত ইটিভি ভাৰত অসমৰ সৈতে হোৱা বিশেষ সাক্ষাৎকাৰত কি ক’লে ছবিখনৰ প্ৰযোজক আৰু পৰিচালকে ?

By ETV Bharat Entertainment Team
Published : May 13, 2024 at 10:08 PM IST
|Updated : May 14, 2024 at 1:50 PM IST
গুৱাহাটী, 13 মাৰ্চ: ১৭ মে'ত ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি "জিয়া" ৷ এগৰাকী মাতৃৰ জীৱন সংগ্ৰাম কিছু কাহিনীৰে নিৰ্মাণ কৰা এই নতুন অসমীয়া ছবিখনৰ পৰিচালনা কৰিছে কেনী দেউৰী বসুমতাৰীয়ে ৷ ছবিখনৰ প্ৰযোজনা শৰ্মিষ্ঠা চক্ৰৱর্তীৰ ৷
আহিবলগীয়া এই নতুন অসমীয়া ছবিখনৰ সন্দৰ্ভত মন্তব্য কৰি প্ৰযোজক শৰ্মিষ্ঠা চক্ৰৱর্তীয়ে কয়, "ছবিখনক লৈ আমি আশাবাদী ৷ ছবিখন উপভোগ কৰি দৰ্শকে ভাল পালেই তাতেই আমাৰ সফলতা ৷ ছবিখনৰ পৰিচলনা কৰিছে কেনী দেউৰী বসুমতাৰীয়ে ৷ দৈনন্দিন জীৱনত অকলশৰীয়া মাতৃ এগৰাকীয়ে যিবোৰ সৰু সৰু ঘটনাৰ সন্মুখীন হ'ব লগীয়া হয় সেইবোৰৰ ভিত্তি কৰিছে এক বাস্তৱধৰ্মী কাহিনীৰে ছবিখন নিৰ্মাণ কৰা হৈছে ৷ লকডাউনৰ সময়ছোৱাতে ছবিখনৰ পৰিকল্পনা কৰা হৈছিল ৷".
- " class="align-text-top noRightClick twitterSection" data="">
ইফালে, ছবিখনৰ কাহিনীৰ সন্দৰ্ভত মন্তব্য কৰি ছবিখনৰ পৰিচালক কেনী দেউৰী বসুমতাৰীয়ে কয়,' ছবিখন ৰাইজে খুব ধুনীয়া অভিনয় চাবলৈ পাব ৷ ছবিখনৰ কাহিনীটো হৈছে এগৰাকী অকলশৰীয়া মাতৃৰ কাহিনী ৷ তেওঁৰ নাম হৈছে জিয়া ৷ জিয়াৰ এগৰাকী ছোৱালী আছে যাৰ নাম নূপুৰ ৷ এইগৰাকী অকলশৰীয়া মাতৃৰ জীৱন সংগ্ৰাম আৰু জীৱনত সন্মুখীন হোৱা ভিন্ন যন্ত্ৰণা, সমাজে কৰা ককৰ্থনা আদিৰ পৰিস্থিতি সমূহক কাহিনী হিচাপে ছবিখনত উপস্থাপন কৰা হৈছে ৷
অসমৰ পটভূমিত নিৰ্মাণ কৰা ছবিখন শ্বুটিং গুৱাহাটীৰ ভিন্ন স্থানত কৰা হৈছে ৷ প্ৰায় ১১৫ মিনিট দৈৰ্ঘৰ এই ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপ শৰ্মিষ্ঠা চক্ৰৱৰ্তী আৰু কেনী বসুমতাৰীৰ ৷ লগতে ছবিখনত অভিনয় কৰিছে ক্ৰমে শৰ্মিষ্ঠা চক্ৰৱৰ্তী, ৰিকি শৰ্মা, ইপ্সিতা হাজৰিকা আৰু শিশু শিল্পী আৰাধ্যা মহন্তই ৷ছবিখনত আন বহুকেইখন চিনাকী মুখ আছে ৷ যেনে - উদয়ন দুৱৰা, মনোজ বৰকটকী, অমিতাভ ৰাজখোৱা, মালা গোস্বামী, সিদ্ধাৰ্থ মুখাৰ্জী, অড্ৰী হাতীবৰুৱা, পদ্মৰাগ গোস্বামী, আৰিফ আলী, পৰাণী চৌধুৰী, কৌশিক ভৰদ্বাজ, মিণ্টু বৰুৱা, অনুষ্কা কাশ্যপ, অশ্ৰুমণি বৰা, ৰেণু দেৱী চক্ৰৱৰ্তী, বিৰিণা পাঠক চক্ৰৱৰ্তী, ডেইজী বৰ্মণ,জয়ীতা সেন আদিকে ধৰি বহু ন-পুৰণি অভিনেতা অভিনেত্ৰীয়ে ৷
ইফালে ছবিখনৰ গীত সমূহত কণ্ঠদান কৰিছে অংগৰাগ পাপন মহন্ত, শংকুৰাজ কোঁৱৰ, মৈত্ৰেয়ী পাটৰ আদিকে ধৰি বহুকেইগৰাকী কন্ঠশিল্পীয়ে ৷ শেহতীয়াকৈ ছবিখনৰ কেইটামান গীত মুক্তিৰ পিছতেই দৰ্শকৰ মাজত জনপ্ৰিয় অর্জন কৰিবলৈ সক্ষম হৈছে ৷
লগতে এই নতুন অসমীয়া ছবি জিয়াৰ সংগীত পৰিচালকৰ কৰিছে অম্বৰ দাসে ৷ গীতৰ কথা শৰ্মিষ্ঠা চক্ৰৱৰ্তী, মৈত্ৰেয়ী পাটৰ, ৰাজদ্বীপ, চন্দনা পাঠক, ঠেংগাল জ্যোতি স্বপ্নৰ ৷
১৭ মে'ত ৰাজ্যৰ প্ৰায় কেইটা ছবিগৃহতে মুক্তি পাবলগীয়া এই নতুন অসমীয়া ছবিখনে ২০২৩ বর্ষৰ প্ৰাগ চিনে এৱার্ডৰ শ্ৰেষ্ঠ চলচিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৷ ছবিখনক লৈ এতিয়া আশাবাদী ছবিখনৰ পৰিচালক, প্ৰযোজক ৷
লগতে পঢ়ক: ‘জিয়া’ক জীয়াবলৈ আপুনি যাবনে চিনেমা হললৈ ? - New Assamese Movie

