তিনি ধৰি বিদ্যুৎ যোগান ব্যাহত হোৱাৰ পিছতো উন্মুক্ত ট্ৰেন্সফৰ্মাৰে প্ৰাণ কাঢ়িলে পশুধনৰ - Cow electrocuted to death - COW ELECTROCUTED TO DEATH

🎬 Watch Now: Feature Video

thumbnail
উন্মুক্ত ট্ৰেন্সফৰ্মাৰে প্ৰাণ কাঢ়িলে পশুধনৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 31, 2024 at 8:48 AM IST

2 Min Read
Choose ETV Bharat

গোলাঘাট, ৩১ মে': বিগত তিনি ধৰি বিদ্যুৎ যোগান ব্যাহত এখন গাঁৱত । কিন্তু বিদ্যুৎ যোগান ব্যাহত থকা অৱস্থাতে বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰত লাগি পশুধনৰ কৰুণ মৃত্যু । এই ঘটনা সংঘটিত হৈছে গোলাঘাটত ।

গোলাঘাটৰ চ'কৰধৰা গাঁৱত বিদ্যুৎ যোগান নথকা অৱস্থাত পথাৰত থকা বিদ্যুৎ বিভাগৰ এটা উন্মুক্ত ট্ৰেন্সফৰ্মাৰত বিদ্যুৎস্পৃষ্ট হৈ প্ৰথমতে এটা ছাগলীৰ মৃত্যু হয় ।‌ কিছু সময়ৰ পাছতে পুনৰ একেটা স্থানতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় এটা গৰুৰ । ঘটনাক কেন্দ্ৰ কৰি ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

কিয়নো তিনিদিন ধৰি গাঁৱখনত নাছিল বিদ্যুৎ যোগান । তেনেস্থলত উন্মুক্ত বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰটোত বিদ্যুৎ সংযোগ নথকাকৈ পশুধনৰ মৃত্যু কেনেকৈ হ'বলৈ পালে বুলিও ৰাইজে প্ৰশ্ন উত্থাপন কৰে । বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰো অভিযোগ উত্থাপন কৰে ৰাইজে । 

ইফালে তিনিদিন ধৰি ঘটনাস্থলীত পৰি ৰ'ল মৃত্যু হোৱা গৰু ।‌ যাৰফলত উৎকট দুৰ্গন্ধ ওলাবলৈ আৰম্ভ কৰিছে ।‌ ইয়াৰ উপৰিও উন্মুক্ত ট্ৰেন্সফৰ্মাৰটোৰ বাবে বিদ্যালয়, মাহাবিদ্যাললৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালৰ লোকো চিন্তিত হৈ পৰিছে । কিয়নো উন্মুক্ত ট্ৰেন্সফৰ্মাৰটোৰ কাষেৰেই পাৰ হৈ যাবলগীয়া হয় পথচাৰী । এই সন্দৰ্ভত বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন-নিবেদন কৰি আহিছে যদিও আজিলৈকে বিভাগীয় কৰ্তৃপক্ষই কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ গাঁৱবাসীৰ । শীঘ্ৰে উন্মুক্ত ট্ৰেন্সফৰ্মাৰটোৰ চাৰিওকাষে ঘেৰি বিপদমুক্ত কৰিবলৈ বিদ্যুৎ বিভাগক দাবী জনাই ৰাইজে ।

লগতে পঢ়ক: বৰপেটাত বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ হেৰুৱালে এটি দুবছৰীয়া শিশুৱে - Child Dies Of Electrocution

বিদ্যুৎ বিভাগৰ গাফিলতি; বিদ্যুৎপৃষ্ট হৈ মাকুমত নিহত ১, সংকটজনক অৱস্থাত নিয়ৰ - Man Electrocuted

বিশ্বনাথত বিদ্যুৎস্পৃষ্ট হৈ শ্ৰমিকৰ মৃত্যু

ABOUT THE AUTHOR

...view details