‘জিয়া’ক জীয়াবলৈ আপুনি যাবনে চিনেমা হললৈ ? - new assamese movie
Assamese movie Jiya : ১৭ মে'ত ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি ‘জিয়া’ । দেওবাৰে বেলতলাৰ মেট্ৰিক্স চিনেমা হলত অনুষ্ঠিত হয় ছবিখন প্ৰিমিয়াৰ শ্ব’ ।

Published : May 13, 2024 at 8:30 AM IST
গুৱাহাটী, 13 মে’ : ঠন ধৰি উঠিছে যেন অসমীয়া চলচ্চিত্ৰ উদ্যোগ ৷ মুক্তি পাইছে ইখনৰ পাচত সিখনকৈ চিনেমা ৷ অহা ১৭ মে’ ত মুক্তি লাভ কৰিব এখন নতুন অসমীয়া ছবিয়ে, নাম জিয়া । দেওবাৰে বেলতলাৰ মেট্ৰিক্স চিনেমা হলত অনুষ্ঠিত হয় ছবিখনৰ প্ৰিমিয়াৰ শ্ব’ । এগৰাকী মাতৃৰ জীৱন সংগ্ৰামৰ কাহিনীৰে নিৰ্মাণ কৰা এই নতুন অসমীয়া ছবিখনৰ পৰিচালনা কৰিছে কেনি বসুমতাৰীয়ে ৷
ছবিখনৰ প্ৰযোজনা শৰ্মিষ্ঠা চক্ৰৱর্তীৰ ৷ ‘জিয়া’ হৈছে এখন নাৰীকেন্দ্ৰিক ছবি ৷ এগৰাকী অকলশৰীয়া মাতৃৰ জীৱন সংগ্ৰাম আৰু জীৱনত সন্মুখীন হোৱা ভিন্ন যন্ত্ৰণা, সমাজে কৰা ককৰ্থনা আদি পৰিস্থিতিসমূহক আধাৰ হিচাপে লৈ এই ছবিখনৰ নিৰ্মাণ কৰা হৈছে ৷ ১১৫ মিনিট দৈৰ্ঘৰ এই ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপ শৰ্মিষ্ঠা চক্ৰৱৰ্তী আৰু কেনী বসুমতাৰীৰ ।
ছবিখন নিৰ্মাণ কৰা লগতে তেওঁলোক দুয়োৱে ছবিখনত অভিনয়ো কৰিছে ৷ আনহাতে ছবিখনত লগতে অভিনয় কৰিছে ৰিকি শৰ্মা, ইপ্সিতা হাজৰিকা আৰু শিশু শিল্পী আৰাধ্যা মহন্তই । ছবিখনত আন বহুকেইখন চিনাকী মুখ আছে । উদয়ন দুৱৰা, মনোজ বৰকটকী, অমিতাভ ৰাজখোৱা, মালা গোস্বামী, সিদ্ধাৰ্থ মুখাৰ্জী, অড্ৰী হাতীবৰুৱা, পদ্মৰাগ গোস্বামী, আৰিফ আলী, পৰাণী চৌধুৰী, কৌশিক ভৰদ্বাজ, মিণ্টু বৰুৱা, অনুষ্কা কাশ্যপ, অশ্ৰুমণি বৰা, ৰেণু দেৱী চক্ৰৱৰ্তী, বিৰিণা পাঠক চক্ৰৱৰ্তী, ডেইজী বৰ্মণ, জয়ীতা সেন আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীক ছবিখনত দেখিবলৈ পাব আপোনালোকে ।
ইফালে ছবিখনৰ গীতসমূহত কণ্ঠদান কৰিছে অংগৰাগ পাপন মহন্তই, শংকুৰাজ কোঁৱৰ, মৈত্ৰেয়ী পাটৰ আদিকে ধৰি বহুকেইগৰাকী কন্ঠশিল্পীয়ে । শেহতীয়াকৈ ছবিখনৰ কেইটামান গীতে মুক্তিৰ পিচতেই দৰ্শকৰ মাজত জনপ্ৰিয়তা অর্জন কৰিবলৈ সক্ষম হৈছে । আহিবলগীয়া এই নতুন অসমীয়া ছবিখনৰ সংগীত পৰিচালকৰ দায়িত্বত আছে অম্বৰ দাস, গীতত কথা দিছে মৈত্ৰেয়ী পাটৰ, ৰাজদ্বীপ, চন্দনা পাঠক, ঠেংগাল জ্যোতি স্বপ্ন আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে ।
উল্লেখ্য যে, ২০২৩ বর্ষৰ প্ৰাগ চিনে এৱার্ডছত শ্ৰেষ্ঠ চলচিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে জিয়া ছবিখনে । ছবিখনত দর্শকে নতুনত্বৰ সোৱাদ পাব বুলি মন্তব্য পৰিচালক কেনি বসুমতাৰীৰ ৷
লগতে পঢ়ক : আলফা স্বাধীনৰ আহ্বানৰ পাচত কি ক’লে প্ৰতিশ্ৰুতিৰ প্ৰযোজকে - ASSAMESE MOVIE Pratishruti

