ETV Bharat / state

আলফা স্বাধীনৰ আহ্বানৰ পাচত কি ক’লে প্ৰতিশ্ৰুতিৰ প্ৰযোজকে - ASSAMESE MOVIE Pratishruti

author img

By ETV Bharat Assamese Team

Published : May 9, 2024, 9:07 PM IST

NEW ASSAMESE MOVIE : ড্ৰাগছ মুক্ত অসম গঢ়াৰ উদ্দেশ্য হাতত লৈ ২৪ মে'ত ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি প্ৰতিশ্ৰুতি ৷ আলফা (স্বা)ৰ আহ্বানৰ পাচত প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰযোজক ৰাতুল বৰুৱাৰ।

ASSAMESE FILM PRATISHRUTI
আলফা (স্বা)ৰ আহ্বানৰ পাচত প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰতিশ্ৰুতিৰ প্ৰযোজকৰ (ETV BHARAT ASSAM)
নতুন চলচ্চিত্ৰ প্ৰতিশ্ৰুতিৰ প্ৰযোজকৰ প্ৰতিক্ৰিয়া (ETV BHARAT ASSAM)

গুৱাহাটী, 9 মে’ : ড্ৰাগছ মুক্ত অসম গঢ়াৰ পৰিকল্পনাৰে 24 মে'ত আহি আছে প্ৰতিশ্ৰুতি ৷ মুক্তি পাবলগীয়া এই নতুন ছবিখন উপভোগ কৰিবলৈ বুধবাৰে এক প্ৰেছ বিবৃতিযোগে অসমবাসীক আহ্বান জনায় আলফা (স্বাঃ) ই ৷ লগতে ছবিখন মুক্তিৰ দিনৰ পৰা অন্ততঃ তিনি-চাৰি সপ্তাহলৈ অসমৰ প্ৰতিটো ছবিগৃহত প্ৰতিশ্ৰুতি ছবিখনৰ প্ৰদৰ্শন বাহাল ৰখাৰ ব্যৱস্থা কৰিবলৈ আৰু "ছবিখনৰ প্ৰদর্শনৰ সময়সূচীত অন্য হিন্দী ছবি প্ৰদর্শন স্থগিত ৰাখিবলৈ ছবিগৃহৰ স্বত্বাধিকাৰীসকলক আহ্বান জনাইছিল আলফা (স্বাঃ) ই ৷

আলফা স্বাধীনৰ এই আহ্বানৰ পাচত বৃহস্পতিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ছবিখনৰ প্ৰযোজক ৰাতুল বৰুৱাই ৷ এই সন্দৰ্ভত বৰুৱাই কয়- "মই এটা খুব ধনাত্মক চিন্তাধাৰাৰে ছবিখন নিৰ্মাণ কৰিছোঁ ৷ ড্ৰাগছৰ প্ৰভাৱৰ ফলত সমাজত পৰা কু-প্ৰভাৱৰ ওপৰত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে মই ছবিখন নিৰ্মাণ কৰিছোঁ ৷ এনেকুৱা এটা ভাল বিষয়লৈ নিৰ্মাণ কৰা ছবিখনকলৈ মই কোনে কি মন্তব্য প্ৰদান কৰিছে নাজানো ৷ যিয়ে ভালধৰণে কয় মই তেওঁলোকৰ কথাবোৰ আকোঁৱালি ল'ম আৰু তেওঁলোকক কৃতজ্ঞতা জনাম ৷ এনেধৰণৰ কথাবোৰক লৈ সকলোৱে সজাগতা সৃষ্টি কৰাৰ প্ৰয়োজন আহি পৰিল এতিয়া ৷ নহ’লে আমাৰ অসমৰ ভৱিষ্যত অতি বেয়া হ'ব ৷"

A Madhur Cine Art ৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনৰ পৰিচালনা কিশোৰ তাহবিলদাৰৰ আৰু প্ৰযোজনা কৰিছে ৰাতুল বৰুৱাই ৷ ছবিখনৰ কাহিনী ৰাতুল বৰুৱাৰ লগতে চিত্ৰনাট্য তথা সংলাপৰ দায়িত্বত আছে কিশোৰ তাহবিলদাৰ আৰু ৰাতুল বৰুৱা ৷ সহকাৰী পৰিচালনা সমৰজ্যোতি ৷ দৃশ্যগ্ৰহণ সুৰুয ডেকা আৰু সুমন দুৱাৰৰ ৷ আনহাতে চিত্ৰগ্ৰহণ কৰিছে হিমানীল কাশ্যপ আৰু ৰাজ দত্তই ৷ আনহাতে ছবিখনত অভিনয় কৰিছে সিদ্ধার্থ কাশ্যপ, প্ৰস্তুতি পৰাশৰ, প্লাবিতা বৰঠাকুৰ, বিভূতি ভূষণ হাজৰিকা, চিন্ময় চক্ৰৱৰ্তী, গীতাৱলী ৰাজকুমাৰী আদিকে ধৰি বহু কেইগৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে ৷ ছবিখনত কণ্ঠদান কৰিছে জুবিন গাৰ্গৰ উপৰিও ৰূপম ভূঞা, ত্ৰিনয়ন বৰুৱা আৰু স্কটলেণ্ডৰ Oriana Setz এ ৷ যোৰহাট, মাজুলী আৰু গুৱাহাটীত কৰা হৈছে ছবিখনৰ চিত্ৰগ্ৰহণ ৷ 24 মাৰ্চ মুক্তি পাবলগীয়া এই ছবিখনকলৈ এতিয়া আশাবাদী প্ৰযোজক ৷

লগতে পঢ়ক : প্ৰেছ বিবৃতিযোগে অসমীয়া ছবি "প্ৰতিশ্ৰুতি" উপভোগ কৰিবলৈ আহ্বান আলফা(স্বা) ৰ - Pratishruti

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.