ETV Bharat / politics

কিয় নিলম্বন কৰিব নালাগে ? পাঁচ দিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ নিৰ্দেশ দুই এ আই ইউ ডি এফ বিধায়কক - AIUDF issues show cause notice

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 8:05 PM IST

Assam Politics: বৰাকৰ দুই বিধায়কৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী জাৰি ৷ পাঁচ দিনৰ ভিতৰত তেওঁলোকে কিয় তেওঁলোকক দলৰ পৰা নিলম্বন কৰা নহ'ব তাৰ উত্তৰ দিব লাগিব ৷

SHOW CAUSE NOTICES TO AIUDF MLA
এ আই ইউ ডি এফৰ বিধায়কলৈ কাৰণ দৰ্শোৱাৰ জাননী (TWITTER ACCOUNT)

দুই বিধায়কৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী (ETV BHARAT ASSAM)

গুৱাহাটী, 16 মে' : এ আই ইউ ডি এফৰ বৰাকৰ দুই বিধায়কৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে দলে ৷ তেওঁলোক দুজন হৈছে কাটলিচেৰাৰ বিধায়ক সুজাম উদ্দিন লস্কৰ আৰু আলগাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধুৰী ৷ পাঁচ দিনৰ ভিতৰত বিধায়ক দুজনে জাননীৰ উত্তৰ দিব লাগিব ৷ অন্যাথা দলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ৷

আজি দলৰ গুৱাহাটীৰ হাতীগাঁওস্থিত মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে দলৰ সাংগঠনিক সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলামে ৷ তেওঁ কয় যে বিধায়ক সুজাম উদ্দিন লস্কৰ আৰু নিজাম উদ্দিন চৌধুৰীয়ে বিগত কেইবাদিন ধৰি সামাজিক মাধ্যমত বিভিন্ন বিষয় উত্থাপন কৰি আহিছে ৷ দুয়োজনে দল বিৰোধী কাৰ্যকলাপত লিপ্ত হৈছে ৷ যিটো দলৰ দৃষ্টিগোচৰ হৈছে ৷ আনহাতে বিধায়ক দুজনৰ বিৰুদ্ধে শেহতীয়া লোকসভা নিৰ্বাচনতো বিভিন্ন দল বিৰোধী কাৰ্যকলাপ কৰাৰ অভিযোগ আছে বুলি কয় তেওঁ ৷

তেওঁ লগতে কয় যে শেহতীয়াকৈ তেওঁলোক দুজনৰ বক্তব্য আৰু টেলিফোনিক বাৰ্তালাপত এই কথা স্পষ্ট হৈ গ'ল যে তেওঁলোক দল বিৰোধী কাৰ্যত জড়িত আছে ৷ আনহাতে তেওঁলোক দুজনে আন দলক সহায় কৰাটোও দৃষ্টিগোচৰ হোৱা বুলি তেওঁ কয় ৷

বিধায়ক নিজাম উদ্দিন চৌধুৰীক বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ লগত একেলগে সংবাদমেল সম্বোধন কৰা দেখা গৈছে ৷ এইসমূহ অভিযোগৰ ভিত্তিত বিধায়ক দুজনক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে বুলি সদৰী কৰি তেওঁ কয় যে অহা পাঁচ দিনৰ ভিতৰত তেওঁলোকে কিয় তেওঁলোকক দলৰ পৰা নিলম্বন কৰা নহ'ব তাৰ উত্তৰ দিব লাগিব ৷ পাঁচ দিনৰ ভিতৰত সন্তোষজনক উত্তৰ নাপালে দলে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে তেওঁ ৷

বিধায়ক দুজনৰ কাৰ্যকলাপে দলৰ লগতে দলৰ সভাপতিৰ মৰ্যাদা লাঘৱ কৰিছে বুলি তেওঁ লগতে কয় ৷ সংবাদমেলত এ আই ইউ ডি এফৰ বিধায়ক কৰিম উদ্দিন বৰভূঞা, বিধায়ক হাফিজ বছিৰ আহমেদ কাচিমি আৰু বিধায়ক আশ্ৰাফুল হুছেইন উপস্থিত আছিল ৷

লগতে পঢ়ক : বিজেপিত অন্তঃকন্দল ! জয়ন্ত মল্ল বৰুৱাক নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান বিধায়ক মৃণাল শইকীয়াৰ - MRINAL SAIKIA OUTBURST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.