মোহন ভাগৱতৰ মন্তব্যৰ পিচত মোদীয়ে মণিপুৰ ভ্ৰমণ কৰিবনে ? উদ্ধৱ থাকৰেৰ প্ৰশ্ন - Manipur violence
Uddhav Thackeray to PM on Manipur : "মোহন ভাগৱতে কৈছে যে মণিপুৰ জ্বলি আছে । তেওঁ অন্ততঃ এবছৰৰ পিচত এইটো কৈছে । এতিয়া প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী তালৈ যাবনে ?" থাকৰেই প্ৰশ্ন কৰে ।

Published : June 12, 2024 at 6:39 PM IST
নিউজ ডেস্ক, ১২ জুন : উত্তৰ-পূবৰ ৰাজ্য মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে কৰা মন্তব্যৰ পিচত বুধবাৰে শিৱসেনাৰ (ইউবিটি) সৰ্বোচ্চ নেতা উদ্ধৱ থাকৰেৰ প্ৰশ্ন, এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰ ভ্ৰমণ কৰিবনে ?
মুম্বাইত এক সংবাদমেল সম্বোধন কৰি মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে জম্মু-কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিচত তৃণমূলত কি পাৰ্থক্য হৈছে সেয়া জানিবলৈ বিচাৰে ।
উল্লেখ্য, ২০২৩ চনৰ মে' মাহত মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত হোৱা হিংসাত মণিপুৰ ৰক্তাক্ত হৈছিল । তেতিয়াৰে পৰা প্ৰায় 200 জন লোক নিহত হৈছে । আনহাতে, অগ্নিসংযোগৰ ফলত হাজাৰ হাজাৰ লোক গৃহহীন হৈছে । আৱাস আৰু চৰকাৰী ভৱন ভস্মীভূত হৈছে । বিগত কেইদিনমানৰ পৰা মণিপুৰৰ জিৰিবামৰ পৰা নতুনকৈ হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে ।
আনহাতে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) মুৰব্বী মোহন ভাগৱতে এবছৰৰ পাচতো মণিপুৰত শান্তি স্থাপন নোহোৱাৰ বাবে উদ্বেগ প্ৰকাশ কৰিছে । লগতে কয় যে সংঘৰ্ষগ্ৰস্ত উত্তৰ-পূবৰ ৰাজ্যখনৰ পৰিস্থিতিক অগ্ৰাধিকাৰ দিয়াৰ কথা বিবেচনা কৰিব লাগিব ।
"মোহন ভাগৱতে কৈছে যে মণিপুৰ জ্বলি আছে । তেওঁ অন্ততঃ এবছৰৰ পিচত এইটো কৈছে । এতিয়া প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী তালৈ যাবনে ?" থাকৰেই প্ৰশ্ন কৰে । মণিপুৰ আৰু জম্মু-কাশ্মীৰৰ পৰিস্থিতিৰ কথা উল্লেখ কৰি তেওঁ লগতে কয় যে যদি মোদীয়ে ইয়াক চম্ভালিব নোৱাৰে, তেন্তে তৃতীয় কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ তেওঁৰ কোনো অধিকাৰ নাই ।
থাকৰেই দাবী কৰে যে জম্মু-কাশ্মীৰ উত্তপ্ত হৈ আছে । "প্ৰাণহানি হৈ আছে । জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে দায়ী কোন ?" শিৱসেনাৰ (ইউবিটি) নেতাগৰাকীয়ে প্ৰশ্ন কৰে ।
তেওঁ কয়, "মই দেশৰ ভৱিষ্যতৰ বিষয়ে চিন্তিত, এন ডি এ চৰকাৰৰ ভৱিষ্যতৰ বিষয়ে নহয় ।" নিৰাপত্তা বাহিনীৰ বিষয়াসকলে বুধবাৰে কৈছে যে জম্মু-কাশ্মীৰৰ কঠুৱা আৰু ডোডা জিলাত সন্ত্ৰাসবাদীৰ সৈতে সংঘটিত দুটাকৈ সংঘৰ্ষত নিশাটোৰ ভিতৰতে এজন চি আৰ পি এফ জোৱান নিহত হৈছে আৰু ছয়জন সুৰক্ষা কৰ্মী আহত হৈছে । ইয়াৰ পূৰ্বে দেওবাৰে সন্ধিয়া জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত উত্তৰ প্ৰদেশৰ পৰা তীৰ্থযাত্ৰী কঢ়িয়াই অনা এখন বাছত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰাৰ ফলত ৯ জন লোক নিহত আৰু ৩৩ জন আহত হয় ।
থাকৰেই লগতে কয় যে চাৰিটা সমষ্টিৰ আগন্তুক ৰাজ্যিক বিধান পৰিষদৰ নিৰ্বাচনৰ প্ৰাৰ্থীক লৈ শিৱসেনা (ইউবিটি), কংগ্ৰেছ আৰু শৰদ পাৱাৰৰ নেতৃত্বত এনচিপিক (এছপি) লৈ গঠিত বিৰোধী মহা বিকাশ আঘাড়ীত কোনো মত পাৰ্থক্য নাই । ইয়াত কোনো মতানৈক্য নাই বুলিও তেওঁ দৃঢ়তাৰে কয় ।

