ETV Bharat / entertainment

death threat ViKat: ছলমানৰ পিছত বিকী-কেটৰিণালৈ আহিল মৃত্যুৰ ভাবুকি

author img

By

Published : Jul 25, 2022, 12:22 PM IST

Updated : Jul 25, 2022, 1:38 PM IST

অভিনেতা বিকী কৌশল আৰু কেটৰিণা কাইফক মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগত মুম্বাই আৰক্ষীয়ে এজন অচিনাক্ত লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে ।

Salman Khan
ছলমানৰ পিছত বিকী-কেটৰিণালৈ আহিল মৃত্যুৰ ভাবুকি

চিটাৰা ডেস্ক, 25 জুলাই : ছলমান খানৰ পিছত এতিয়া বলীউডৰ জনপ্ৰিয় দম্পতী কেটৰিণা কাইফ আৰু বিকী কৌশলে লাভ কৰিছে মৃত্যুৰ ভাবুকি । সোমবাৰে মুম্বাই আৰক্ষীয়ে দুই তাৰকাকে মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগত এজন অচিনাক্ত লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে ।

কেটৰিণা আৰু বিকীয়ে ছ’চিয়েল মিডিয়াত মৃত্যুৰ ভাবুকি লাভ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতেই মুম্বাই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । ছান্টাক্ৰুজ আৰক্ষী থানাত এজন অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে বুলি মুম্বাই আৰক্ষীয়ে জানিবলৈ দিছে ।

যোৱা ৯ ডিচেম্বৰত ৰাজস্থানত বিবাহপাশত আবদ্ধ হোৱা কেটৰিণা আৰু বিকীয়ে এই সন্দৰ্ভত এতিয়ালৈকে ৰাজহুৱা ডমেইনত একো মন্তব্য কৰা নাই । বিকী আৰু কেটৰিণাৰ পূৰ্বে জুন মাহত অভিনেতা স্বৰা ভাস্কৰে চিঠিৰ জৰিয়তে মৃত্যুৰ ভাবুকি লাভ কৰিছিল । ভাৰ্চোভাত অৱস্থিত অভিনেত্ৰীগৰাকীৰ বাসগৃহলৈ প্ৰেৰণ কৰা হৈছিল পত্ৰখন । চিঠিখন লাভ কৰাৰ পিছতে স্বৰাই ভাৰ্চোভা আৰক্ষী থানাৰ কাষ চাপি অচিনাক্ত ব্যক্তিজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । ইনষ্টাগ্ৰামতো পোষ্ট কৰিছিল স্বৰাই চিঠিখন ৷

চেলেব্ৰিটীসকল বৰ্তমান প্ৰায়ে এনেধৰণৰ ভাবুকিৰ সন্মুখীন হৈ থাকে । সফলতা উপভোগ কৰাৰ সমান্তৰালকৈ সমালোচনাৰ সৈতেও মোকাবিলা কৰিবলগীয়া হয় তেওঁলোকে । মৃত্যুৰ ভাবুকি লাভ কৰাটো তাৰকাসকলৰ বাবে অস্বাভাৱিক হৈ থকা নাই এতিয়া ।

খবৰ অনুসৰি বলীউডৰ ভাইজান ছলমান খান আৰু তেওঁৰ পিতৃ চেলিম খানেও এমাহ পূৰ্বে মৃত্যুৰ ভাবুকি পত্ৰ লাভ কৰিছিল । চেলিমৰ নিৰাপত্তাৰক্ষী আৰু আৰক্ষীয়ে চিঠিখন উদ্ধাৰ কৰিছিল । আৰক্ষীয়ে লগতে প্ৰকাশ কৰে যে চেলিম খানে ৰাতিপুৱাৰ খোজ কাঢ়িবলৈ যোৱাৰ সময়ত বিৰতি লোৱা বেঞ্চ এখনত চিঠিখন পাইছিল । পত্ৰখনত উল্লেখ আছিল যে ২৯ মে’ত গুলীয়াই হত্যা কৰা পাঞ্জাবী গায়িকা সিদ্ধু মুছেৱালাৰ দৰেই মৃত্যুৰ সন্মুখীন হ’ব পিতৃ-পুত্ৰৰ যুটি ।

যোৱা সপ্তাহত ছলমানে মুম্বাই আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ গৈ দক্ষিণ মুম্বাইৰ কাৰ্যালয়ত উপায়ুক্ত বিবেক ফানছালকাৰক সাক্ষাৎ কৰিছিল । মৃত্যুৰ ভাবুকিৰ অভিযোগৰ মাজতে তেওঁৰ সুৰক্ষাৰ বাবে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ বিচাৰি মুম্বাই আৰক্ষীক লিখিত আবেদন দাখিল কৰে অভিনেতাজনে ।

একেধৰণৰ ঘটনা ঘটিছিল ২০২১ চনৰ নৱেম্বৰ মাহত ৷ অভিনেত্ৰী কংগনা ৰাণাৱটে ফাৰ্ম আইন প্ৰতিবাদকাৰীৰ ওপৰত কৰা পোষ্টক লৈ মৃত্যুৰ ভাবুকি দিয়া লোকসকলৰ বিৰুদ্ধে হিমাচল প্ৰদেশৰ এখন থানাত এজাহাৰ দাখিল কৰিছিল ।

একেদৰে ২০২১ চনৰ অক্টোবৰ মাহত কণ্ঠশিল্পী তথা বিগবছৰ প্ৰাক্তন প্ৰতিযোগী ৰাহুল বৈদ্যই এটা গীতত শ্ৰী মোগল মাৰ নাম উল্লেখ কৰাৰ বাবে ভক্তসকলৰ পৰা ভাবুকিযুক্ত ফোনকল লাভ কৰিছিল ।

লগতে পঢ়ক: ভাবুকিৰ পিছতে বন্দুকৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন ছলমান খানৰ

Last Updated :Jul 25, 2022, 1:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.