ETV Bharat / entertainment

ভাবুকিৰ পিছতে বন্দুকৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন ছলমান খানৰ

author img

By

Published : Jul 23, 2022, 1:42 PM IST

Salman khan
বন্দুকৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন ছলমান খানৰ

বলীউডৰ ‘দাবাং’ ছলমান খানে বন্দুকৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিছে । শুকুৰবাৰে মুম্বাইৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত দেখা গৈছিল ছলমানক (Salman khan latest news) । বিখ্যাত পাঞ্জাবী কণ্ঠশিল্পী সিদ্ধু মুছেৱালাৰ হত্যাকাৰীৰ পৰা ভাবুকি পাই ছলমান খানে এই পদক্ষেপ গ্ৰহণ কৰিছে ।

চিটাৰা ডেস্ক, 23 জুলাই : বলীউডৰ ‘দাবাং’ ছলমান খানৰ অনুৰাগীৰ বাবে ডাঙৰ খবৰ । বন্দুকৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিছে ছলমান খানে । শুকুৰবাৰে মুম্বাইৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত দেখা গৈছিল ছলমানক (Salman khan latest updates)। বিখ্যাত পাঞ্জাবী কণ্ঠশিল্পী সিদ্ধু মুছেৱালাৰ হত্যাকাৰীৰ পৰা ভাবুকি পাই ছলমান খানে এই পদক্ষেপ গ্ৰহণ কৰিছে ।

এই হত্যাকাণ্ডৰ পিছত লৰেন্স বিষ্ণোই দলৰ পৰা ছলমান খানক হত্যা কৰাৰ ভাবুকি দিয়া এখন চিঠি পাইছিল তেওঁৰ পিতৃয়ে । ইয়াৰ পিছত ছলমান খানৰ নিৰাপত্তা বৃদ্ধি কৰা হয় ৷ আনকি নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এইবছৰ ঈদ উপলক্ষে তেওঁক ঘৰৰ পৰা বাহিৰলৈ ওলাই নাযাবলৈয়ো পৰামৰ্শ দিয়া হয় ।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি, শাৰিৰীক পৰীক্ষণৰ বাবে ছলমান খানে মুম্বাই আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰ্তৃপক্ষৰ কাৰ্যালয়ত উপস্থিত হৈছিল । মন কৰিবলগীয়া যে, চলিত বৰ্ষৰ জুন মাহৰ আৰম্ভণিতে ছলমান খান আৰু তেওঁৰ পিতৃ চেলিম খানে এখন ভাবুকিমূলক পত্ৰ পাইছিল ৷ সিদ্ধু মুছেৱালাক গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ লোকে গুলীয়াই হত্যা কৰাৰ পিছতেই এই ভাবুকি দিয়া হয় ছলমানক । ইয়াৰ পিছত ছলমান খানক নিৰাপত্তাৰ দিশৰ পৰাও সজাগ হ’বলৈ কোৱা হৈছিল ।

ছলমানৰ পিতৃৰ হাতত পৰিছিল ভাবুকি পত্ৰ

২০১৮ চনত ছলমান খানে মৃত্যুৰ ভাবুকি লাভ কৰিছিল । এই গোটেই বিষয়টো ৰাজস্থানত ছলমান খানৰ ক’লা হৰিণ চিকাৰৰ সৈতে জড়িত (Salman Khan blackbuck case) । ইয়াৰ পিছত ছলমান খানৰ পিতৃয়ে বেঞ্চত এখন চিঠি পাইছিল, য’ত পিতৃ-পুত্ৰ দুয়োকে মৃত্যুৰ ভাবুকি দিয়া হৈছিল । উল্লেখযোগ্য যে, সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ তদন্তৰ সৈতে জড়িত লৰেন্স বিষ্ণোই দিল্লীৰ তিহাৰ কাৰাগাৰত পঞ্জাৱ আৰক্ষীৰ জিম্মাত আছে ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, শেহতীয়াকৈ দিল্লী আৰক্ষীয়ে কৈছিল যে লৰেন্সে নিজৰ বিবৃতিত উল্লেখ কৰিছে যে ক’লা হৰিণ চিকাৰৰ গোচৰ সন্দৰ্ভত ছলমান খানৰ হৈ যাতে কোনো আদালতে সিদ্ধান্ত নলয় । লৰেন্সে বিচাৰে যে যদিহে ছলমান খান আৰু তেওঁৰ পিতৃ চেলিম খানে এই বিষয়ত ৰাজহুৱাভাৱে ক্ষমা বিচাৰে তেন্তে তেওঁ খং পৰিহাৰ কৰিব । বিষ্ণোইয়ে কৈছে যে তেওঁৰ সমাজে ক’লা হৰিণক তেওঁৰ ধৰ্মীয় গুৰু ভগৱান জুম্বেশ্বৰৰ পুনৰ্জন্ম বুলি গণ্য কৰে । সেইবাবেই ছলমানৰ চিকাৰৰ ঘটনাটোৱে তেওঁলোকক গভীৰভাৱে আঘাত কৰিছিল ।

লগতে পঢ়ক : Lawrence Bishnoi warns Salman: ছলমানলৈ সতৰ্কবাণী লৰেন্স বিষ্ণোইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.