গুৱাহাটীত নিৰ্মাণ কৰা হ’ব এথলেটিক একাডেমি: জয়ন্ত মল্ল বৰুৱা - Executive meeting of AAA

By ETV Bharat Assamese Team

Published : May 16, 2024, 8:12 AM IST

thumbnail
গুৱাহাটীত নিৰ্মাণ কৰা হ’ব এথলেটিক একাডেমি (Source : Etv Bharat Assam)

গুৱাহাটী, 16 মে’ : মহানগৰীৰ খানাপাৰাস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় ভৱনত বুধবাৰে অনুষ্ঠিত হয় অসম এথলেটিক সন্থাৰ কাৰ্যনিৰ্বাহক সভা ৷ সন্থাৰ সভাপতি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু সাধাৰণ সম্পাদক গীতাৰ্থ গোস্বামীৰ উপস্থিতিত অনুষ্ঠিত হয় এই সভাখন ৷

এথলেটিক সন্থাৰ কাৰ্যনিৰ্বাহক সভাখনত কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰা হয় ৷ সভাৰ অন্তত সন্থাৰ সভাপতি তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ভৱিষ্যতে প্ৰতিভা সম্পন্ন এথলেটিক গঢ়িবৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷ লগতে বৰুৱাই কয় যে, গুৱাহাটীত নিৰ্মাণ কৰা হ’ব এখন এথলেটিক একাডেমি ৷ যাতে এই একাডেমিৰ জৰিয়তে গাঁৱৰ পৰা মহানগৰীলৈ ওলাই অহা প্ৰতিভাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলে উপযুক্ত প্ৰশিক্ষণ, পঢ়া-শুনাৰ লগতে প্ৰয়োজনীয় সকলো সুবিধা প্ৰদান কৰি প্ৰতিভা বিকাশ কৰিব পাৰে ৷

গোটেই বছৰ যদি অনুশীলন নহয়, তেন্তে ভাল খেলুৱৈ বাছি উলিয়াবলৈ অসুবিধা হয় ৷ সেইকাৰণে এই সিদ্ধান্ত গ্ৰহণ কৰা হোৱা বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷ ইতিমধ্যে বিষয় সন্দৰ্ভত এখন সমিতি গঠন কৰি দায়িত্বসমূহ ভগাই দিয়া হৈছে ৷ এই সমগ্ৰ ব্যৱস্থাসমূহৰ সন্দৰ্ভত নিচেই কম দিনৰ ভিতৰত ৰিপ’ৰ্ট দাখিল কৰিব লাগিব বিভাগীয় সমিতিয়ে ৷ উক্ত ৰিপ’ৰ্টৰ ওপৰত ভিত্তি কৰি কম দিনৰ ভিতৰত একাডেমিৰ কাম আৰম্ভ কৰা হ’ব বুলি সাংবাদিকক জানিবলৈ দিয়ে কেবিনেট মন্ত্ৰী তথা সন্থাৰ সভাপতি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷

লগতে পঢ়ক: Expo Organic North East: জৈৱিক কৃষিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে মহানগৰীত এক্সপ' অৰ্গেনিক নৰ্থ ইষ্ট

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.