ETV Bharat / sports

সম্ভাৱনাপূৰ্ণ খেলুৱৈলৈ সুখবৰ; বেগী বলাৰৰ সন্ধানত নামিছে অসম ক্ৰিকেট সন্থা - OPEN CAMP FOR PACE BOWLER

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 7:11 PM IST

Assam Cricket Association: বৰপেটা পৌৰসভাৰ খেলপথাৰত বৰপেটা ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত বেগী বলাৰ নিৰ্বাচন শিবিৰত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় চাৰি শ জন ক্ৰিকেট খেলুৱৈয়ে অংশগ্ৰহণ কৰে ৷ অসমৰ মুঠ পাঁচটা স্থানত এই শিবিৰ অনুষ্ঠিত কৰা হৈছে ৷

OPEN CAMP FOR PACE BOWLER
বেগী বলাৰৰ সন্ধানত অসম ক্ৰিকেট সন্থা (ETV BHARAT ASSAM)

বৰপেটাত বেগী বলাৰ নিৰ্বাচন শিবিৰ (ETV BHARAT ASSAM)

বৰপেটা, 16 মে’ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত বেগী বলাৰৰ সন্ধানত অসম ক্ৰিকেট সন্থা ৷ অষ্ট্ৰেলিয়াৰ ক্ৰিকেট খেলুৱৈ তথা অসম ক্ৰিকেট একাডেমীৰ টেকনিকেল ডাইৰেক্টৰ লিউক উইমব্ৰীজৰ উপস্থিতিত বৃহস্পতিবাৰে বৰপেটাত বেগী বলাৰ নিৰ্বাচন শিবিৰ অনুষ্ঠিত হয় ৷ অসম ক্ৰিকেট সন্থাৰ সহযোগত আৰু অসম ক্ৰিকেট একাডেমীৰ উদ্যোগত অসমৰ পাঁচটা বিশেষ স্থানত চলিত বৰ্ষৰ বিভিন্ন শিতানত প্ৰতিভা সম্পন্ন বেগী বলাৰ নিৰ্বাচন কৰিবলৈ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷

বৃহস্পতিবাৰে বৰপেটা পৌৰসভাৰ খেলপথাৰত বৰপেটা ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত এই বেগী বলাৰ নিৰ্বাচন শিবিৰত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় চাৰি শ জন ক্ৰিকেট খেলুৱৈ অংশগ্ৰহণ কৰে ৷

অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাৱান ক্ৰিকেট খেলুৱৈ সকলক এখন উপযুক্ত মঞ্চ দিবলৈ এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ক্ৰিকেট সন্থাই ৷ এই শিবিৰত উপস্থিত থকা প্ৰায় চাৰি শ জন ক্ৰিকেট খেলুৱৈৰ পৰা প্ৰতিভা সম্পন্ন বেগী বলাৰ নিৰ্বাচন কৰি তেওঁলোকক ভবিষ্যতে ক্ৰিকেট খেলাৰ ক্ষেত্ৰত উপযুক্ত সুবিধা দিয়া হ'ব ৷

ল'ৰা আৰু ছোৱালীৰ মাজত বিভিন্ন শিতানত এই খেলুৱৈ সকলক নিৰ্বাচিত কৰা হ'ব ৷ আজিৰ এই বিশেষ বেগী বলাৰ নিৰ্বাচনৰ সময়ত উপস্থিত থাকে অষ্ট্ৰেলিয়াৰ ক্ৰিকেট খেলুৱৈ তথা অসম ক্ৰিকেট একাডেমীৰ টেকনিকেল ডাইৰেক্টৰ লিউক উইমব্ৰীজ, মুম্বাইৰ বলিং প্ৰশিক্ষক প্ৰদীপ সুন্দৰম আৰু অসম ক্ৰিকেট সন্থাৰ বহুকেইজন বিষয়ববীয়া ৷

এই শিবিৰত উপস্থিত থকা অসম ক্ৰিকেট সন্থাৰ ফিটনেছ প্ৰশিক্ষক বিদ্যুৎ তালুকদাৰে জানিবলৈ দিয়ে যে, অসমৰ মুঠ পাঁচটা স্থানত এই শিবিৰ অনুষ্ঠিত কৰা হৈছে ৷ বৰপেটা, ডিব্ৰুগড়, শিলচৰ, গুৱাহাটী আৰু তেজপুৰত অনুষ্ঠিত হৈছে এই শিবিৰ ৷

লগতে পঢ়ক : অথলে গ’ল ৰিয়ানৰ প্ৰয়াস; বৰ্ষাপাৰাত পঞ্জাবৰ বিৰুদ্ধে পৰাস্ত ৰাজস্থান - IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.