ETV Bharat / sports

অথলে গ’ল ৰিয়ানৰ প্ৰয়াস; বৰ্ষাপাৰাত পঞ্জাবৰ বিৰুদ্ধে পৰাস্ত ৰাজস্থান - IPL 2024

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 10:27 PM IST

Updated : May 16, 2024, 9:40 AM IST

Today IPL Match : গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত পঞ্জাব কিংছৰ বিৰুদ্ধে 5 উইকেটত পৰাস্ত ঘৰুৱা দল ৰাজস্থান ৰয়েলছ ৷ ৰাজস্থানৰ হৈ ৰিয়ান পৰাগে এক দৰ্শনীয় ইনিংছ খেলে ৷ মাত্ৰ 2 ৰাণৰ বাবে অৰ্ধ শতকৰ পৰা বঞ্চিত হয় খেলুৱৈজন ৷

IPL 2024 LIVE MATCH
ৰাজস্থান ৰয়েলছ-পঞ্জাৱ কিংছৰ যুঁজ (ETV BHARAT ENGLISH DESK)

স্পৰ্টছ ডেস্ক, 15 মে’ : গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল 2024ৰ 65 সংখ্যক মেচত ৰাজস্থান ৰয়েলছক 5 উইকেটত পৰাস্ত কৰিছে পঞ্জাব কিংছে । 2024 চনৰ আই পি এলত ৰাজস্থান ৰয়েলছৰ এয়া একেৰাহে চতুৰ্থটো পৰাজয় । প্ৰথমে বেটিং কৰি ৰাজস্থান ৰয়েলছে 20 অভাৰত 9 উইকেট হেৰুৱাই 144 ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰত্যুত্তৰত পঞ্জাব কিংছে 18.5 অভাৰত 5টা উইকেট হেৰুৱাই 145 ৰান সংগ্ৰহ কৰি মেচখনত জয়লাভ কৰে । পঞ্জাবৰ হৈ ছেম কাৰানে সৰ্বাধিক 63 ৰান সংগ্ৰহ কৰে ।

পঞ্জাব কিংছৰ আৰম্ভণি অতি বেয়া আছিল । পাৱাৰ প্লে’ত দলটোৱে তিনিটা উইকেট হেৰুৱাইছে । প্ৰভাসিমৰন ৬, ৰাইলী ৰুছ’ ২২ আৰু শশাংক সিঙে একাউণ্ট নোখোলাকৈয়ে পেভিলিয়নলৈ উভতি আহিছিল । জনী বেয়াৰষ্টোৱে ২২টা বলত ১৪ ৰান সংগ্ৰহ কৰে । পঞ্চম উইকেটৰ বাবে ৬৩ ৰানৰ অংশীদাৰিত্ব ছেম আৰু জিতেশৰ মাজত । ২২ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ ঘূৰি আহিছিল জিতেশে । ইয়াৰ পিছত ছেম কাৰাণ আৰু আশুতোষে ইনিংছটো দখল কৰি দলটোক জয়ৰ দিশে আগুৱাই লৈ যায় । ৫টা চাৰি আৰু তিনিটা ছয়ৰ সহায়ত ৪১টা বলত অপৰাজিত হৈ ৬৩ ৰান সংগ্ৰহ কৰে ছেমে । আশুতোষে ১১টা বলত অপৰাজিত ১৭ ৰান সংগ্ৰহ কৰে । ৰাজস্থানৰ হৈ আৱেশ খান, যুজবেন্দ্ৰ চাহালে দুটা আৰু ট্ৰেণ্ট ব’ল্টে এটা উইকেট দখল কৰে ।

টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লোৱা ৰাজস্থান ৰয়েলছৰ আৰম্ভণি সন্তোষজনক নাছিল যদিও ৰিয়ান পৰাগে ধৈৰ্যশীল বেটিঙেৰে দলক এক সন্মানজনক স্থিতিত উপনীত হোৱাত সহায় কৰে ৷ মাত্ৰ 4 ৰাণতে অ’পেনাৰ যশস্বী জয়ছোৱালৰ উইকেট হেৰুৱাই শলঠেকত পৰিছিল দলটো ৷ ইফালে অধিনায়ক সঞ্জু ছেমছন (18) আৰু ক’হলাৰ কেডম’ৰ (18) বেছি সময়ত ক্ৰীজত তিষ্ঠি থাকিব নোৱাৰাত ৰিয়ান পৰাগ আৰু আৰ অশ্বিনে দলক আগুৱাই নিয়াৰ দায়িত্ব কান্ধ পাতি লয় ৷ ৰিয়ান পৰাগে 34 টা বলত 48 ৰাণ আৰু অশ্বিনে 19 টা বলত 28 ৰাণ সংগ্ৰহ কৰে ৷ পঞ্জাৱৰ হৈ অধিনায়ক ছেম কাৰেণ, হৰ্ষল পেটেল আৰু ৰাহুল চাহাৰে 2 টাকৈ উইকেট দখল কৰে ৷ অৰ্শদীপ সিং আৰু নাথান এলিছে 1টাকৈ উইকেট দখল কৰে ৷

উল্লেখ্য যে, ৰাজস্থান ৰয়েলছৰ দ্বিতীয়খন ঘৰুৱা খেলপথাৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত দলটোক সমৰ্থন কৰিবলৈ অজস্ৰ অনুৰাগীৰ ভিৰ পৰিলক্ষিত হৈছে ৷ ইফালে স্থানীয় খেলুৱৈ তথা অসম সন্তান ৰিয়ান পৰাগে এক উৎকৃষ্ট ইনিংছ খেলি অনুৰাগীক মোহিত কৰে ৷ উল্লেখ্য যে আইপিএলৰ চলিত সংস্কৰণত এই দুয়োটা দলে এই পৰ্যন্ত মুঠ 27 খন খেল খেলিছে ৷ এনে পৰিস্থিতিত ৰাজস্থানে 17 খন মেচত জয়লাভ কৰিছে আৰু পঞ্জাবে 11 খন মেচত জয়লাভ কৰিছে ৷ ইতিমধ্যে প্লে’ অফত প্ৰৱেশ কৰিছে ৰাজস্থান ৰয়েলছ দলে ৷ আনহাতে পঞ্জাৱ দল প্লে’ অফৰ দৌৰৰ বাহিৰত ৷

লগতে পঢ়ক : গুৱাহাটীত আই পি এলৰ উন্মাদনা: বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছ-পঞ্জাৱ কিংছৰ যুঁজ চাবলৈ দৰ্শকৰ ভিৰ - IPL 2024

Last Updated :May 16, 2024, 9:40 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.