ETV Bharat / state

চাকৰি লাগে যদি দিয়ক 50 হাজাৰ টকা, প্ৰৱঞ্চকক উত্তম-মধ্যম - PUBLIC BEATEN fraudster

author img

By ETV Bharat Assamese Team

Published : May 29, 2024, 2:28 PM IST

Public beaten fraudster in Rangia : জল সম্পদ বিভাগৰ চাকৰি প্ৰদানৰ নামত ধন দাবী কৰি প্ৰস্তাৱ আগবঢ়াই শ’লঠেকত পৰিল প্ৰৱঞ্চক ৷ ৰাইজৰ ঔ-কিল খাই মুখ খুলিলে প্ৰৱঞ্চকে...

PUBLIC BEATEN fraudster
চাকৰি লাগে যদি দিয় 50 হাজাৰ টকা, প্ৰৱঞ্চকক উত্তম-মধ্যম (ETV BHARAT ASSAM)

ৰঙিয়া, 29 মে’ : চৰকাৰী চাকৰিলৈ কাৰণো মন নাযায় ? তাৰ উপৰি কোনোবাই যদি নিজেই যদি কোনোবাই চৰকাৰী চাকৰি যাচে তেনেহ’লে মন মেলাটো স্বাভাৱিক ৷ কিন্তু এষাৰ কথা আছে সহজে একো নাপায় ৷ আপোনাকো যদি কোনো লোকে চৰকাৰী চাকৰি দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছে তেন্তে বাৰম্বাৰ ভাৱক ৷ আপুনিও চিকাৰ হ’ব পাৰে কোনো প্ৰৱঞ্চকৰ ৷

এইবাৰ ৰঙিয়াৰ তৰণীত চাকৰিৰ নামত প্ৰলোভন দি লোকক ঠগি ধন সৰকোৱাৰ অভিযোগত এটা প্ৰৱঞ্চকক উত্তম-মধ্যম সোধাইছে স্থানীয় ৰাইজে । ৰাইজৰ উপস্থিতত ৰাজহুৱা শাস্তি প্ৰদান ৰঙিয়াৰ তাতিপাৰাৰ প্ৰৱঞ্চক ৰবিন বৈশ্যক । চাকৰিৰ নামত ধন সংগ্ৰহ কৰিবলৈ অহা প্ৰৱঞ্চকটোক চাৰিওফালৰ পৰা ঘেৰি ধৰি কৰায়ত্ত্ব কৰে ৰাইজে । তাৰ পিছতে প্ৰৱঞ্চকটোৰ ওপৰত পৰিল চৰ, ভুকু, গোৰ ।

ঘটনাৰ বিৱৰণী অনুসৰি, চাকৰিৰ দিয়াৰ নামত কেইবাজন লোকৰ পৰা ধন সংগ্ৰহ কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰে প্ৰৱঞ্চক ৰবিন বৈশ্য । প্ৰৱঞ্চকটোৱে কিছুদিন পূৰ্বে জল সম্পদ বিভাগৰ চাকৰিৰ লোভ দেখুৱাই কেইবাজনো লোকৰ পৰা 50 হাজাৰকৈ ধন সৰকাবলৈ চেষ্টা চলাইছিল । প্ৰৱঞ্চকটোৱে প্ৰতিজন লোকৰ পৰা এটাকৈ চাকৰিৰ বিনিময়ত পঞ্চাশ হাজাৰ টকাকৈ ধন প্ৰথম কিষ্টিত দাবী কৰিছিল ।

কিন্তু যি কেইজন মানুহক প্ৰৱঞ্চকটোৱে লোভ দেখুৱাইছিল সেইকেইজন লোকে প্ৰৱঞ্চকটোক হাতে-লোটে ধৰাৰ পৰিকল্পনা কৰি মাতি পঠিয়াই তৰণী অঞ্চলত । পিছত যেতিয়া পৰিকল্পনা অনুযায়ী ধন ল’বলৈ ৰবিন বৈশ্য উপস্থিত হয় তেতিয়া স্থানীয় কেইবাজনো লোকে আগুৰি ধৰি জেৰা কৰে ৰবিনক ।

ৰাইজৰ উপৰ্জুপৰি প্ৰশ্নৰ হেচাত পৰি প্ৰৱঞ্চকটোৱে চাকৰিৰ বিনিময়ত ধন দাবী কৰাৰ কথা স্বীকাৰ কৰে । লগতে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা দীপেন গগৈৰ হৈ ধন সংগ্ৰহ কৰিবলৈ অহা বুলি স্বীকাৰ কৰে । অৱশেষত ৰাইজে তুলসীবাৰী আৰক্ষীৰ সৈতে যোগাযোগ কৰি প্ৰৱঞ্চকটোক আৰক্ষীক গতাই দিয়ে ।

লগতে পঢ়ক: দেশৰ অৰ্থনৈতিক বিকাশ সীমান্ত সুৰক্ষাৰ ওপৰতে নিৰ্ভৰশীল - Border Security

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.