ETV Bharat / sports

গুৱাহাটীত আই পি এলৰ উন্মাদনা: বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছ-পঞ্জাৱ কিংছৰ যুঁজ চাবলৈ দৰ্শকৰ ভিৰ - IPL 2024

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 7:16 PM IST

Barsapara Cricket Stadium: গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত সন্ধিয়া 7.30 বজাৰ পৰা অনুষ্ঠিত হ'ব আই পি এলৰ চলিত সংস্কৰণৰ ৰাজস্থান ৰয়েলছ আৰু পঞ্জাৱ কিংছৰ মাজৰ 65 সংখ্যক মেচ ৷ ইতিমধ্যে অনুৰাগীৰে ভৰি পৰিছে ষ্টেডিয়াম ৷

Barsapara Cricket Stadium
অনুৰাগীৰে ভৰি পৰিছে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম (ETV BHARAT ASSAM)

মহানগৰীত আই পি এলৰ উন্মাদনা (ETV BHARAT ASSAM)

গুৱাহাটী, 15 মে’ : গুৱাহাটী মহানগৰীত আই পি এলৰ উন্মাদনা ৷ ইতিমধ্যে গুলপীয়া হৈ পৰিছে মহানগৰীৰ ৰাজপথৰ লগতে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম ৷ ৰাজস্থান ৰয়েলছৰ সমৰ্থকেৰে ভৰি পৰিছে গুৱাহাটীৰ ৰাজপথ ৷ সকলোৰে মুখত কেৱল ৰাজস্থান ৰয়েলছ আৰু অসমৰ যুৱ ক্ৰিক্ৰেটাৰ ৰিয়ান পৰাগৰ নাম ৷ ৰাজ্যৰ ভিন ভিন জিলাৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ পৰাও ৰাজস্থান ৰয়েলছৰ সমৰ্থক তথা অনুৰাগীয়ে আহি ভিৰ কৰিছেহি বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ৷

উল্লেখ্য যে, আজি গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত সন্ধিয়া 7.30 বজাৰ পৰা অনুষ্ঠিত হ'ব আই পি এলৰ চলিত সংস্কৰণৰ ৰাজস্থান ৰয়েলছ আৰু পঞ্জাৱ কিংছৰ মাজৰ 65 সংখ্যক মেচ ৷ চলিত আই পি এলত আৰম্ভণিৰে পৰাই সুন্দৰ প্ৰদৰ্শন আগবঢ়াই অহা ৰাজস্থান ৰয়েলছে শেহতীয়াকৈ ধাৰাবাহিকভাৱে তিনিখন মেচত পৰাস্ত হোৱাৰ পিচত আজি বৰ্ষাপাৰাত পঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ৷

ইফালে চলিত বর্ষৰ আই পি এলত ৰাজস্থান ৰয়েলছ দলৰ খেলুৱৈ তথা অসম সন্তান ৰিয়ান পৰাগেও চমকপ্ৰদ প্ৰদৰ্শনেৰে দলৰ সফলতাত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা দেখা গৈছে ৷ পূৰ্বৰ কেবাখনো মেচত দলৰ বিপৰ্যয়ৰ সময়ত ৰিয়ানে ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হৈ বিস্ফোৰক প্ৰদৰ্শনেৰে ৰাজস্থান ৰয়েলছক জয়ৰ সোৱাদ দিছে ৷

আজিৰ মেচখনতো নিজৰ ঘৰুৱা খেলপথাৰত তথা ঘৰুৱা দৰ্শকৰ সন্মুখত ভাল প্ৰদৰ্শন কৰিব বুলি আশাবাদী ৰিয়ানৰ অনুৰাগী ৷ আনহাতে ঘৰুৱা খেলপথাৰত স্থানীয় যুৱ খেলুৱৈগৰাকীৰ খেল উপভোগ কৰিবলৈ অনুৰাগীয় যথেষ্ট উৎসাহিত হৈ আছে ৷ সমান্তৰালভাবে আগন্তুক T-20 বিশ্বকাপৰ দলত ৰিয়ান পৰাগে স্থান নপোৱাকলৈয়ো দুখ প্ৰকাশ কৰে ৰিয়ানৰ একাংশ অনুৰাগীয়ে ৷ ইফালে বৰ্ষাপাৰাত হ’ব লগা আজিৰ মেচত ৰাজস্থান ৰয়েলছ অ’পেনাৰ তথা বিস্ফোৰক বেটছমেন জছ বাটলাৰে নেখেলাৰ সম্ভাৱনা আছে ৷

আনহাতে আই পি এলৰ আজিৰ মেচৰ বাবে দৰ্শকলৈ অসম ক্ৰিকেট সংস্থা আৰু প্ৰশাসনে কেতবোৰ নীতি-নিয়ম নিৰ্ধাৰণ কৰি দিছে ৷ ষ্টেডিয়ামৰ ভিতৰলৈ দৰ্শকে কেৱল ম’বাইল ফোন আৰু মাণিবেগহে নিব পাৰিব ৷ ইতিমধ্যে দৰ্শকৰ প্ৰৱেশৰ বাবে বিয়লি 4.30 বজাত খুলি দিয়া হ’ল ষ্টেডিয়ামৰ 7 খন গেট ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ চুবুৰীয়া ৰাজ্য কেইখনৰ পৰাও খেল উপভোগ কৰিবলৈ অনুৰাগীৰ আগমন ঘটা পৰিলক্ষিত হৈছে ৷ ইফালে বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছৰ দ্বিতীয়খন মেচ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে 19 মে’ত অনুষ্ঠিত হ’ব ৷

লগতে পঢ়ক : আই পি এলৰ প্লে অফত প্ৰৱেশ ৰাজস্থান ৰয়েলছৰ - IPL 2024 Playoff Scenario

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.