ETV Bharat / sports

আই পি এলৰ প্লে অফত প্ৰৱেশ ৰাজস্থান ৰয়েলছৰ - IPL 2024 Playoff Scenario

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 1:35 PM IST

IPL 2024: চলিত চিজনৰ আই পি এলৰ শেহতীয়া মেচত লক্ষ্ণৌৰ পৰাজয়ৰ পিছতে প্লে অফ মেচ খেলাৰ যোগ্যতা অৰ্জন কৰিছে বেংগালুৰু আৰু চেন্নাইৰ দল দুটাই ৷ অৱশ্যে এইক্ষেত্ৰত আছে এক বিশেষ চৰ্ত ৷

IPL 2024
প্লে অফত প্ৰৱেশৰ আশা সজীৱ ৰাজস্থান ৰয়েলছৰ (SOURCE : IANS)

স্প’ৰ্টছ ডেস্ক, 15 মে’ : লাহে লাহে স্পষ্ট হৈ পৰিছে চলিত ছিজনৰ আই পি এল-ৰ ছবিখন ৷ লক্ষ্ণৌ চুপাৰ জায়েণ্টছ আৰু দিল্লীৰ মাজত অনুষ্ঠিত হোৱা খেলখনত পৰাজয়ৰ সন্মুখীন হৈছে লক্ষ্ণৌৰ দলটো । এই পৰাজয়ৰ লগে লগে ৰাজস্থান ৰয়েলছে প্লে অফ মেচৰ বাবে যোগ্যতা অৰ্জন কৰে ৷

কাৰণ, এতিয়া কোনো দলে পইণ্ট তালিকাত 16 পইণ্টতকৈ অধিক পইণ্টত উপনীত হ'বলৈ সক্ষম নহ'ব । হায়দৰাবাদ আৰু চেন্নাইৰ ক্ষেত্ৰত মাথো থাকিব এই সুযোগ ৷ যদি দুয়োটা দলে 16 পইণ্ট অৰ্জন কৰিব পাৰে, তেন্তে ৰাজস্থানে তেতিয়াও 16 পইণ্টৰ সৈতে প্লে অফ মেচৰ বাবে যোগ্যতা অৰ্জন কৰিব ৷

লক্ষ্ণৌৰ পৰাজয়ৰ পিছত বেংগালুৰুৰ প্লে অফত উপনীত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় । প্লে অফত উপনীত হ'বলৈ আৰচিবিয়ে তেওঁলোকৰ পৰৱৰ্তী মেচখনত চেন্নাইৰ বিৰুদ্ধে জয় লাভ কৰিব লাগিব ৷ তদুপৰি উন্নত ৰাণ-ৰেট বৰ্তাই ৰাখিব লাগিব দলটোৱে ৷

যাৰ বাবে বিপক্ষৰ প্ৰতিদ্বন্দ্বী চেন্নাইক 19 ৰাণৰ ব্যৱধানত বা 18.1 অভাৰত ধৰি ৰাখিব লাগিব ৷ তেনে কৰিলে দলটোৱে 14 পইণ্টৰ সৈতে চেন্নাইক অতিক্ৰম কৰি প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰিব ।

যদি বেংগালুৰুৱে এই মেচখন জিকে, তেন্তে চেন্নাই, দিল্লী, আৰচিবি আৰু লক্ষ্ণৌৱে লাভ কৰিব 14-14 পইণ্ট ৷ সেয়েহে এইক্ষেত্ৰত অধিক গুৰুত্বপূৰ্ণ হ'ব ৰাণ-ৰেট । ৰাণ-ৰেটৰ ফালৰ পৰা চাবলৈ গ’লে বৰ্তমান চেন্নাইৰ ৰাণ-ৰেট বেংগালুৰুতকৈ অধিক ৷ অৱশ্যে আন সকলো দলতকৈ বেংগালুৰুৰ ৰাণ-ৰেট শীৰ্ষত আছে ।

ইফালে, চেন্নাইয়ে প্লে অফত উপনীত হ'বলৈ মাত্ৰ বেংগালুৰুক পৰাস্ত কৰিব লাগিব । যদি দলটোৱে বেংগালুৰুক পৰাস্ত কৰিবলৈ সমৰ্থ হয়, তেন্তে পোনপটীয়াকৈ প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰিব ৷

যদি দলটোৱে বেংগালুৰুৰ হাতত 19 ৰাণতকৈ কম ৰাণত পৰাজিত হয় নাইবা 18.1 অভাৰৰ পাছতো অপ্ৰতিৰোধ্য হৈ থাকে, তেন্তে তেওঁলোকে প্লে অফৰ যোগ্যতা অৰ্জন কৰাৰ সম্ভাৱনা অধিক প্ৰকট হৈ পৰিব ৷ কাৰণ এতিয়াও লক্ষ্ণৌৰ দলটোৰ এখন খেল বাকী আছে আৰু ই মুম্বাইক এক বৃহৎ ৰাণৰ ব্যৱধানত পৰাস্ত কৰিব লাগিব ।

উল্লেখ্য যে, প্লে অফত উপনীত হ'বলৈ হায়দৰাবাদৰ বাবে আছে এখন মেচ জয়ী হোৱাৰ প্ৰয়োজন ৷ দলটোৰ দুখন মেচ বাকী থকা অৱস্থাত যদিহে এখনত জয় লাভ কৰে, তেন্তে প্ৰৱেশ কৰিব প্লে অফত ৷ যদি দলটোৱে দুয়োখন মেচতে জয়ী হয় আৰু ৰাজস্থানে দুখন মেচৰ এখনত পৰাজয়বৰণ কৰে, তেন্তে পইণ্ট তালিকাত তেওঁলোকে শীৰ্ষৰ দুটা স্থান লাভ কৰিব ৷ যাৰ ফলত দল দুটাই ফাইনেল খেলাৰ আশাৰ সজীৱ কৰি ৰাখিব ৷

আনহাতে, অলপ জটিল হৈ পৰিছে লক্ষ্ণৌৰ প্লে অফৰ সমীকৰণ ৷ এই যোগ্যতা অৰ্জন কৰিবলৈ দলটোৱে মুম্বাইৰ বিৰুদ্ধে পৰৱৰ্তী মেচখনত বৃহৎ ব্যৱধানত জয় লাভ কৰিব লাগিব ৷

কেৱল এয়াই নহয়, চেন্নাইৰ পৰাজয় অথবা শেষ অভাৰত খেলখন নিৰ্ণায়ক হ'লেহে দলটোৱে প্লে অফত উপনীত হ'ব । এনে পৰিস্থিতিত সকলো দলৰে থাকিব 14-14 পইণ্ট ৷ যদি লক্ষ্ণৌৱে মুম্বাইক 10 অভাৰত পৰাস্ত কৰিব পাৰে, তেন্তে দলটোৱে প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰিব ।

লগতে পঢ়ক: ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে যুৱ খেলুৱৈক প্ৰদৰ্শনৰ সুযোগ দিব; পঞ্জাব কিংছৰ সহকাৰী প্ৰশিক্ষক ব্ৰড হেডিন - RR Vs PBK Guwahati Match

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.