ETV Bharat / health

শৰীৰত এইসমূহ লক্ষণ দেখিলে নকৰিব উপেক্ষা! হ’ব পাৰে ব্ৰেইন টিউমাৰৰ সমস্যা - Brain Tumor Symptoms

author img

By ETV Bharat Assamese Team

Published : May 29, 2024, 11:35 AM IST

Brain Tumor Symptoms: শেহতীয়াকৈ বয়স নিৰ্বিশেষে বহু লোকেই ব্ৰেইন টিউমাৰত আক্ৰান্ত হয় । কিন্তু বিশেষজ্ঞসকলে কয় যে, এই ৰোগত আক্ৰান্ত লোকসকলে কিছুমান বিশেষ লক্ষণ আগতীয়াকৈ ধৰা পেলাই ইয়াৰ চিকিৎসাৰ দ্বাৰা উপকৃত হ’ব পাৰে । গতিকে, আপুনিও ব্ৰেইন টিউমাৰৰ এই লক্ষণসমূহ জানি লওক-

Brain Tumor Symptoms
শৰীৰত এইসমূহ লক্ষণ দেখিলে নকৰিব উপেক্ষা! হ’ব পাৰে ব্ৰেইন টিউমাৰৰ সমস্যা (Freepik)

বিভিন্ন কাৰণত যেনে জীৱনশৈলী, খাদ্যাভ্যাস, শাৰীৰিক কাৰ্যকলাপৰ অভাৱৰ ফলত বহুতো ধৰণৰ স্বাস্থ্যজনিত সমস্যা মানৱ শৰীৰত দেখা দিছে ৷ ব্ৰেইন টিউমাৰ তাৰ ভিতৰত অন্যতম ৷ মগজুৰ ওচৰত কোষৰ অস্বাভাৱিক বৃদ্ধিক ‘ব্ৰেইন টিউমাৰ’ বোলা হয় ৷ স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে, ই মগজুৰ যিকোনো অংশত দেখা দিব পাৰে আৰু বয়স নিৰ্বিশেষে হ’ব পাৰে ৷

এই ৰোগে মগজুৰ ওপৰত চাপ বৃদ্ধি কৰে ৷ লগতে বিশেষজ্ঞসকলে কয় যে, কেতিয়াবা মগজুৰ সকলো কাম-কাজতেই অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় ৷ কিন্তু এই ৰোগত আক্ৰান্তসকলে কিছু লক্ষণ আগতীয়াকৈ ধৰা পেলোৱা আৰু আগতীয়া চিকিৎসা গ্ৰহণ কৰি উপকৃত হ’ব পাৰে ৷ বিশেষকৈ যুৱক-যুৱতীসকলৰ ব্ৰেইন টিউমাৰ সমস্যাৰ লক্ষণ কি কি এই প্ৰতিবেদনৰ জৰিয়তে আজি জানো আহক-

মূৰৰ বিষ: বিশেষজ্ঞসকলে কয় যে, ব্ৰেইন টিউমাৰত আক্ৰান্ত লোকৰ মূৰৰ অতিপাত বিষ হয় ৷ কোৱা হয় যে, পুৱা সোনকালে সাৰ পালে এই সমস্যা বিশেষভাৱে ভয়াৱহ হয় ৷ ২০২১ চনত ‘জাৰ্নেল অৱ নিউৰ’-অংক’লজী’ নামৰ আলোচনীখনত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি গৱেষকসকলে ব্ৰেইন টিউমাৰ থকা লোকৰ মূৰৰ বিষ বেছি হোৱা বুলি প্ৰকাশ কৰিছে ৷ আমেৰিকাৰ ড্যুক ইউনিভাৰ্চিটি মেডিকেল চেণ্টাৰৰ ডাঃ ডেভিদ জাঙে এই গৱেষণাত অংশগ্ৰহণ কৰিছিল ৷ তেওঁ উল্লেখ কৰে যে ব্ৰেইন টিউমাৰ থকা লোকৰ মূৰৰ বিষ বেছি হয় ৷

দৃষ্টিশক্তি হেৰুওৱা: বিশেষজ্ঞসকলৰ মতে, ব্ৰেইন টিউমাৰত আক্ৰান্ত লোকে দৃষ্টিশক্তি হেৰুওৱাব পাৰে ৷ কাৰণ.. ব্ৰেইন টিউমাৰে চকুৰ পৰা মগজুলৈ তথ্য কঢ়িয়াই নিয়া অপটিক নাৰ্ভৰ ক্ষতি কৰে ৷ ইয়াৰ ফলতেই দৃষ্টিশক্তি কমি যায় বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰে ৷

বমি: বিশেষজ্ঞসকলে কয় যে, যদি আপোনাৰ জ্বৰ আৰু বমিৰ লগতে তীব্ৰ মূৰৰ বিষ হয়, তেন্তে আপুনি ব্ৰেইন টিউমাৰ ৰোগৰ কথা বিবেচনা কৰিব লাগে ৷ কোৱা হৈছে যে, যেতিয়া মগজুত টিউমাৰ বাঢ়ি যায় তেতিয়া কলাৰ ওপৰত চাপ বাঢ়ি যায় আৰু একেধৰণৰ লক্ষণ দেখা দিয়ে ৷

শ্ৰৱণ ক্ষমতা হেৰুওৱা: বিশেষজ্ঞসকলে ব্ৰেইন টিউমাৰৰ ফলত শ্ৰৱণ ক্ষমতা হেৰুওৱাব পাৰে বুলি মত প্ৰকাশ কৰিছে ৷ এই ৰোগত আক্ৰান্ত লোকৰ মগজুৰ স্নায়ুত চাপ থাকে আৰু কাণত বিষ হয় ৷ টিউমাৰৰ ফলত স্নায়ু ক্ষতিগ্ৰস্ত হ’লে মগজুৰ শ্ৰৱণ শক্তি কমি যায় বুলি কোৱা হয় ৷ লগতে.. টিউমাৰ বাঢ়ি যোৱাৰ লগে লগে মগজুৰ ওপৰত চাপ বাঢ়ি যায় ৷ ইয়াৰ বাবে শ্ৰৱণ ক্ষমতা হেৰুওৱাৰ সম্ভাৱনা আছে বুলি বিশেষজ্ঞসকলে কয় ৷

মৃগী ৰোগ: বিশেষজ্ঞসকলে কয় যে, ব্ৰেইন টিউমাৰত আক্ৰান্ত লোকৰ মৃগী ৰোগ হোৱাৰ সম্ভাৱনা বেছি ৷ কোৱা হয় যে, এই ৰোগত আক্ৰান্ত প্ৰায় ৪০ শতাংশ লোকৰ দেহত এই লক্ষণ দেখা যায় ৷

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ । এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো । কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।

লগতে পঢ়ক: টাইপ ২ ডায়েবেটিছে বিকল কৰিব পাৰে আপোনাৰ মগজুৰ কাৰ্যক্ষমতা; কিন্তু কেনেকৈ - Alzheimer Disease

লগতে পঢ়ক: Brain Tumors: ৰাতি টোপনি নহাটো হ’ব পাৰে মস্তিস্কৰ টিউমাৰৰ লক্ষণ

লগতে পঢ়ক: গৰ্ভাৱস্থাত এইবোৰ বস্তু খালে প্ৰখৰ হ’ব শিশুৰ মগজু, গৱেষণাত প্ৰকাশ পাইছে এই কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.