ETV Bharat / snippets

প্ৰিয়ংকা গান্ধীক সাক্ষাৎ সাংসদ গৌৰৱ গগৈৰ

author img

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 9:15 PM IST

MP GAURAV GOGOI
প্ৰিয়ংকা গান্ধীক সৌজন্যমূলক সাক্ষাৎ গৌৰৱ গগৈৰ (ETV BHARAT)

গুৱাহাটী, 10 জুন : যোৰহাটৰ নৱ নিৰ্বাচিত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে আজি নতুন দিল্লীৰ 10 জনপথত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক সাক্ষাৎ কৰে ৷ এই সৌজন্যমূলক সাক্ষাৎকালত সাংসদ গগৈয়ে কয় যে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত সমগ্ৰ দেশতে প্ৰিয়ংকা গান্ধীয়ে এক সবল আৰু বিশেষ ভূমিকা গ্ৰহণ কৰিলে ৷

তেওঁলোকৰ কথোপকথনত প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে তিতাবৰলৈ অহাৰ কথা স্মৰণ কৰে ৷ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে গৌৰৱ গগৈক কয় যে ইমান বৰষুণ আৰু বেয়া বতৰৰ মাজতো উক্ত দিনটোত যেনেদৰে তিতাবৰত হাজাৰ হাজাৰ ৰাইজে তেওঁৰ বাবে অপেক্ষা কৰি আছিল আৰু ৰেলীত উপস্থিত হৈ সহযোগিতা আৰু আশীৰ্বাদ প্ৰদান কৰিছিল সেইয়া স্মৰণীয় হৈ ৰ'ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.