ধেমাজিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ - Dhemaji KMSS protest

By ETV Bharat Assamese Team

Published : May 29, 2024, 2:23 PM IST

thumbnail
ধেমাজিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ (ETV Bharat)

ধেমাজি, 29 মে’ : প্ৰতিকূল বতৰকো নেওচি পুনৰবাৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গৰ্জন ৷ এইবাৰ প্ৰতিবাদৰ স্থান ধেমাজি ৷ ঔষধকে ধৰি অত্যাৱশ্যকীয় আৰু নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বুধবাৰে ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ধেমাজি কাছাৰী ময়দানৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷

সংগঠনটোৰ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰা এই ধৰ্মঘট কাৰ্যসূচীত অসম চৰকাৰ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ হায় হায় আদি চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান দি উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷

প্ৰতিবাদকাৰীসকলে জীৱনদায়িনী ঔষধ আৰু অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি অতিশীঘ্ৰে হ্ৰাস কৰাৰ লগতে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰক এখন পৰ্যবেক্ষণ সমিতি গঠন কৰাৰ দাবী তোলে ৷ ইয়াৰ পাচতে ধেমাজি আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰকপত্ৰও প্ৰেৰণ কৰে ৷ লক্ষণীয়ভাৱে প্ৰতিকূল বতৰকো নেওচি এই প্ৰতিবাদস্থলীত উপস্থিত হয় সংগঠনটোৰ বহু প্ৰতিবাদকাৰী ৷

লগতে পঢ়ক : পানী নাই পথাৰত, কৃষিমন্ত্ৰী ব্যস্ত কেৱল তৈলমৰ্দনত : অখিল গগৈ - Akhil Gogoi on BJP Government

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.