ETV Bharat / politics

পানী নাই পথাৰত, কৃষিমন্ত্ৰী ব্যস্ত কেৱল তৈলমৰ্দনত : অখিল গগৈ - Akhil Gogoi on BJP Government

author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 6:50 PM IST

Akhil Gogoi: পানীৰ অভাৱত কঠিয়া সিঁচিব পৰা নাই কৃষকে ৷ অখিল গগৈৰ মতে কৃষিমন্ত্ৰী ব্যস্ত মুখ্যমন্ত্ৰীক তৈলমৰ্দন কৰাত ৷ ইফালে বিজেপিয়ে অবৈধ চান্দা সংগ্ৰহৰ ফলতে হৈছে ইমান দামবৃদ্ধি ৷

Akhil Gogoi
বিধায়ক অখিল গগৈৰ সংবাদমেল (ETV Bharat Assam)

গুৱাহাটী, ২৫ মে’ : ৰাজ্যত ব্যাপক হাৰত হোৱা দামবৃদ্ধি, ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা আৰু অসমৰ খেতিয়কে আজিলৈকে কঠিয়া পাৰিব নোৱৰাৰ বিষয়ত চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে ৷

বিধায়ক অখিল গগৈৰ সংবাদমেল (ETV Bharat Assam)

শনিবাৰে মহানগৰীৰ নিজৰাপাৰস্থিত বাসগৃহত অখিল গগৈয়ে সংবাদমেল সম্বোধন কৰি কয় ’২৪ৰ লোকসভা নিৰ্বাচনৰ আগত কটা ব্ৰইলাৰৰ মাংস দাম আছিল ২৪০ ৰ পৰা ২৬০ টকা ৷ নিৰ্বাচনৰ পিচত হ'ল ৩২০ টকা পৰ্যন্ত ৷ গাহৰি মাংস দাম নিৰ্বাচনৰ পিচত হ’ল ৫০০ টকা ৷ প্ৰতি কুইন্টল চাউলৰ দাম ১০০ টকাকৈ বাঢ়িল । আলুৰ দাম ৩৫ টকালৈ বৃদ্ধি পালে । মগু দাইলৰ দাম ১২৫ টকালৈ বৃদ্ধি পালে । পিয়াঁজৰ দাম ৪০ টকালৈ বৃদ্ধি হ'ল । এই দামবৃদ্ধিয়ে সকলো শ্ৰেণীৰ ৰাইজক জুৰুলা কৰিছে ।

নিৰ্বাচনৰ বাবে অবৈধ চান্দা সংগ্ৰহ কৰাত মূল্যবৃদ্ধি হৈছে বুলি অভিযোগ কৰি কয়, ‘‘বিৰোধী বা দল সংগঠনৰ বাবে বিজেপিয়ে চান্দা বন্ধ কৰি নিজেই অকলে চান্দাৰাজ চলাইছে । ভয়ংকৰ ছিণ্ডিকেটে অসমক গ্ৰাস কৰিছে । সকলো বস্তুৰ ওপৰত চৰকাৰীভাৱে ছিণ্ডিকেট চলিছে । ছিণ্ডিকেটৰাজৰ বাবে অত্যধিক দামবৃদ্ধি হৈছে ৰাজ্যত । বিজেপিয়ে কৰ্পৰেটৰ ওপৰত নিয়ন্ত্ৰণ নোহোৱা কৰি দিলে । কৰ্পৰেটৰ পৰা চান্দা লৈ ইচ্ছা অনুসৰি দাম বঢ়াবলৈ দিছে ।’’

আনহাতে ক্ষুদ্ৰ চাহ খেতিয়কলৈ সংকট আহিছে বুলি মন্তব্য কৰে অখিল গগৈয়ে ৷ বিধায়কগৰাকীয়ে কয়, ‘‘ক্ষুদ্ৰ চাহ খেতিয়ক এইবাৰ বিপদৰ দিশে গতি কৰিছে । ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেঁচাপাত বটলিফ ফেক্টৰীয়ে নিকিনে বুলি ঘোষণা কৰাত হাহাকাৰ হৈছে ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত । অসমৰ বটলিফ ফেক্টৰীত উৎপাদিত চাহত কেমিকেল থাকে বুলি কেন্দ্ৰীয় চৰকাৰৰ দুটা সংস্থাই কৈছে । ইয়াৰ বাবে বিপদ হৈছে ক্ষুদ্ৰ চাহ খেতিয়কৰ । কিন্তু ডাঙৰ বাগানৰ ফেক্টৰীতো কেমিকেল ব্যৱহাৰ হয়, তেওঁলোকক কিন্তু ৰেহাই দিছে ।’’

ডাঙৰ ফেক্টৰীবোৰৰ চাহ বিক্ৰী কৰাবৰ বাবে বটলিফ ফেক্টৰীবোৰৰ ওপৰত অপপ্ৰচাৰ চলাইছে বুলি অভিযোগ কৰে অখিল গগৈয়ে । তেওঁ কয়, ‘‘ ডাঙৰ ফেক্টৰীবোৰক সুবিধা কৰি দিবৰ বাবে বটলিফ ফেক্টৰীবোৰ বন্ধ কৰি ক্ষুদ্ৰ চাহ খেতিয়কক বিপদত পেলাইছে । অসম চৰকাৰে প্ৰতিখন জিলাত লেবৰেটৰী স্থাপন কৰি প্ৰতিখন বাগিচাৰ পাত পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিব লাগে ।’’

ইপিনে বৰষুণৰ অভাৱত অসমত পথাৰত পানীৰ অভাৱ হৈছে, কঠিয়া সিঁচিব পৰা নাই । এতিয়াও পানীৰ বাবে ভেকুলীৰ বিয়া পাতিব লাগে, পথাৰত পানীৰ বাবে বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰ হ'ব লাগে বুলি তেওঁ মন্তব্য কৰে অখিল গগৈয়ে ৷ তেওঁ কয়, ‘‘এয়া হৈছে অসম চৰকাৰৰ বিয়াগোম বিফলতা । প্ৰতিখন পথাৰত পানী যোগানৰ ব্যৱস্থা কৰি দিব লাগে । বেপাৰী মাৰোৱাৰী এজনক আজি অসমত জলসিঞ্চন মন্ত্ৰী পাতি দিছে ৷ মাৰোৱাৰী কাৰণে তেওঁ খেতিৰ কথা বুজি নাপায়, কেৱল বেপাৰৰ কথা বুজি পায় ।’’

আনহাতে অখিল গগৈয়ে কয়, ‘‘কৃষিমন্ত্ৰী অতুল বৰা দিল্লীত ব্যস্ত ৷ হিমন্ত বিশ্ব শৰ্মাক তৈলমৰ্দন কৰাত ব্যস্ত । অতুল বৰাৰ সময় নাই অসমৰ কৃষকৰ সমস্যাৰ বুজ ল'বলৈ ।’’ সেয়েহে এই তিনিটা বিষয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হস্তক্ষেপ কৰিবলৈ গগৈয়ে দাবী জনায় ।

লগতে পঢ়ক: গুপ্তহত্যাৰ কালতকৈও বেছি সন্ত্ৰাস চলাইছে এই বিজেপি চৰকাৰে : অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.