ETV Bharat / politics

গুপ্তহত্যাৰ কালতকৈও বেছি সন্ত্ৰাস চলাইছে এই বিজেপি চৰকাৰে : অখিল গগৈ - Akhil Gogoi on BJP Government

author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 5:51 PM IST

Akhil Gogoi: ভূপেন বৰাই অখিল গগৈলৈ দিয়াৰ পত্ৰৰ সন্দৰ্ভত প্ৰতিক্ৰয়া প্ৰকাশ কৰিলে অখিল গগৈয়ে ৷ আনহাতে বিজেপিয়ে গুপ্তহত্যাৰ কালতকৈও বেছি সন্ত্ৰাস চলাই থকা বুলি মন্তব্য বিধায়কগৰাকীৰ ৷

Akhil Gogoi
বিধায়ক অখিল গগৈৰ সংবাদমেল (ETV Bharat Assam)

গুৱাহাটী, ২৫ মে’ : অচিৰেই একলগ হ'ব ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ । এই কথা সংবাদ মাধ্যমক জনালে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । শনিবাৰে এক সংবাদমেলত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয়, ‘‘অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল একলগ হ’বৰ বাবে কথা-বতৰা চলি আছে । লুৰীণজ্যোতি গগৈৰ লগতে অসম জাতীয় পৰিষদৰ অন্যান্য নেতৃস্থানীয় ব্যক্তিৰ লগত কথা পাতিছোঁ । নিৰ্বাচনৰ আগলৈকে ৫ বাৰমান আলোচনা কৰা হৈছে ।’’

বিধায়ক অখিল গগৈৰ সংবাদমেল (ETV Bharat Assam)

তেওঁ লগতে কয়, ‘‘লুৰীণ ডিব্ৰুগড়ৰ পৰা জিকিব । কিবা টেকনিকেল কথাৰ বাবে যদি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একগোট নহয় তেতিয়াও ৰাইজৰ দল, অসম জাতীয় পৰিষদৰ লগতে আন আঞ্চলিক দলবোৰ একত্ৰিত হৈ কমিটি গঠন কৰি কংগ্ৰেছৰ সৈতে একলগ হৈ বিজেপিক বিদায় দিব লাগিব ।’’

লগতে পঢ়ক: অখিল গগৈৰ মন্তব্য কংগ্ৰেছ দলৰ নেতা-কৰ্মীৰ বাবে একেবাৰে গ্ৰহণযোগ্য নহয় : দেৱব্ৰত শইকীয়া

আনহাতে অখিল গগৈলৈ ভূপেন বৰাই চিঠি লিখাৰ প্ৰসংগত বিধায়কগৰাকীয়ে কয়, ‘‘কংগ্ৰেছক লৈ মোৰ অসন্তুষ্টি একো নাই ৷ মই যিকেইটা কথা ক'ব লাগে কৈ দিও । কংগ্ৰেছৰ বিৰুদ্ধে মোৰ কোনো বিষোদগাৰ নাই ৷ কংগ্ৰেছ আৰু আমাৰ মাজত কাজিয়া নালাগে, চিন্তা কৰিব নালাগে । কিবা এটা ভুল বুজাবুজি হৈছিল, এতিয়া কথা পাতি চব ঠিক হৈ গ'ল ।’’ সমালোচনা আৰু আত্মসমালোচনাৰ মাজেৰে ’২৬ত বিজেপিক পৰাস্ত কৰিব বুলিও মন্তব্য কৰে অখিল গগৈয়ে ।

আনহাতে বিধায়ক গগৈয়ে কয়, ‘‘ৰাজ্যত এতিয়া মন্ত্ৰী নে গুণ্ডা ধৰিবই নোৱাৰি । গুপ্তহত্যাৰ কালতকৈও বেছি গুণ্ডাৰাজ চলাইছে বিজেপিয়ে । কংগ্ৰেছৰ পৰা বিজেপিলৈ অহাকেইটা মস্ত গুণ্ডা, দগাবাজ । অসমত বিজেপি বুলি দল নাই, বিজেপিক অসমত জানে HBS Company Private Ltd বুলি । পুৰণি বিজেপিক গোৰ মাৰি দিলে কংগ্ৰেছী গুণ্ডাকেইটাই । অসমত বিজেপি মৰি খতম ।’’

বিজেপি হিমন্ত বিশ্ব শৰ্মাৰ পেটত সোমালে বুলি মন্তব্য কৰি অখিল গগৈয়ে কয় যে নিৰ্বাচনৰ পিচত হোৰাহোৰে পুৰণি বিজেপি নেতাই যোগ দিব বিৰোধী দলত । বহুকেইজনে যোগাযোগ কৰি আছে বুলিও সদৰী কৰে গগৈয়ে । আনহাতে ৰাইজৰ দল-অজাপ একত্ৰিত হ'লে হোৰাহোৰে বিজেপি নেতাই যোগ দি দিব বুলি অখিল গগৈয়ে মন্তব্য কৰে ।

লগতে পঢ়ক: বন্ধু-শত্ৰু যিয়েই নহওক, নিৰ্ভেজাল হ’ব লাগে : অখিল গগৈক উদ্দেশ্যি ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.