ETV Bharat / politics

বন্ধু-শত্ৰু যিয়েই নহওক, নিৰ্ভেজাল হ’ব লাগে : অখিল গগৈক উদ্দেশ্যি ভূপেন বৰা - Opposition Unity Assam

author img

By ETV Bharat Assamese Team

Published : May 24, 2024, 5:16 PM IST

Bhupen Borah on Akhil Gogoi: কথাৰ কটাকটি আৰম্ভ হৈ গৈছে অখিল গগৈ-ভূপেন বৰাৰ ৷ বন্ধুৱেই হওক বা শত্ৰুৱেই হওক নিৰ্ভেজাল হ’বলৈ ক’লে ভূপেন বৰাই ৷ ঐক্যত অনৈক্যৰ আন এক অধ্যায়ৰ হৈছে সূত্ৰপাত ৷

Bhupen Borah on Akhil Gogoi
অখিল গগৈক উদ্দেশ্যি ভূপেন বৰাৰ মন্তব্য (ETV Bharat Assam)

গুৱাহাটী, ২৪ মে’ : বন্ধুত্বই হওক বা শত্ৰুতাই হওক, দুয়োটাই নিৰ্ভেজাল হ’ব লাগে ৷ কাৰোবাৰ লগত বন্ধুত্বই কৰক বা শত্ৰুতাই কৰক, ভালকৈ কৰিবলৈ ক’লে ভূপেন বৰাই ৷ শুকুৰবাৰে নাৰায়ণপুৰত ভূপেন বৰাই কৰিলে এই বিশেষ মন্তব্য ৷

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা (ETV Bharat Assam)

অসমত সাধাৰণ নিৰ্বাচন শেষ হোৱাৰ পিছতে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ আৰু কংগ্ৰেছৰ মাজত যেন পুনৰ আৰম্ভ হ’ল শত্ৰুতা ৷ তেনে পৰিপ্ৰেক্ষিত্ৰতেই প্ৰদেশ কংগ্ৰেছ সভাপতিগৰাকীয়ে বিধায়কগৰাকীক উদ্দেশ্যি কৰিলে তাৎপৰ্যপূৰ্ণ মন্তব্য ৷ উল্লেখ্য যে কংগ্ৰেছ দলৰ বিৰুদ্ধে শেহতীয়াকৈ কেতবোৰ বিৰূপ মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছিল অখিল গগৈয়ে ৷ সেই মন্তব্যসমূহৰ প্ৰতিক্ৰিয়াৰূপে ভূপেন বৰাই শুকুৰবাৰে অখিল গগৈলৈ এখন পত্ৰ প্ৰেৰণ কৰে, য’ত অখিল গগৈক মুখ চম্ভালিবলৈও সকিয়নী প্ৰদান কৰা হয় ৷

ইয়াৰ পিছতে নাৰায়ণপুৰত সাংবাদিকে কৰা প্ৰশ্নোত্তৰত ভূপেন বৰাই কয়, ‘‘অখিল গগৈ ভাঙৰীয়ালৈ আজি ৰাতিপুৱাই এখন পত্ৰ লিখিবলগীয়া হোৱাটো মোৰ বাবে বা মোৰ দলৰ বাবে সৌভাগ্য বুলি ভবা নাই । মই ভাবো দোস্তি পিউৰ হ’ব লাগে, দুছমনিও পিউৰ হ’ব লাগে ৷ দোস্তি-দুছমনি দুয়োটাই পিউৰ হ’ব লাগে । পিছত চাম তেখেতে কি কয় !”

শুকুৰবাৰে অখিল গগৈলৈ প্ৰেৰণ কৰা পত্ৰখনৰ সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে সভাপতি হিচাপে নিজৰ দলৰ নেতা-কৰ্মীৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবেই তেওঁ এই পদক্ষেপ ল’বলৈ বাধ্য হৈছে । সাংবাদিকক বৰাই কয়, “মই পুৱা যেতিয়া মোবাইলটো খুলিছো, আমাৰ দলৰ বিৰুদ্ধে তেখেতে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া দেখিছো ৷ আমাৰ দলৰ নেতা-কৰ্মী ক্ষোভিত হোৱা বাৰ্তাবোৰ পাইছো ৷ দলৰ সভাপতি হিচাপে এয়া মোৰ নৈতিক দায়িত্ব ৷ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ বাধ্য ।”

উল্লেখ্য যে লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ মিত্ৰদল ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে অদ্যপি এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । অৱশ্যে এই সময়ত স্বাভাৱিকতে এক প্ৰশ্ন উদয় হৈছে যে ভূপেন বৰাই শুকুৰবাৰে দিয়া পত্ৰখনৰ লগতে এই মন্তব্যই বিৰোধী মিত্ৰজোঁটত বাধাৰ সৃষ্টি কৰিব নেকি ?

লগতে পঢ়ক: 'আপোনাৰ বক্তব্যত বিৰক্ত হৈছে কংগ্ৰেছৰ নেতা-কৰ্মী'- অখিল গগৈক ভূপেন বৰাৰ সকীয়নি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.