ETV Bharat / politics

'আপোনাৰ বক্তব্যত বিৰক্ত হৈছে কংগ্ৰেছৰ নেতা-কৰ্মী'- অখিল গগৈক ভূপেন বৰাৰ সকীয়নি - APCC Letter to Akhil Gogoi

APCC Letter to Akhil Gogoi : অখিল গগৈক আমুৱালে নেকি কংগ্ৰেছৰ ? নে অখিল গগৈৰ উত্থানে ভৰিৰ তলৰ মাটি কঁপাইছে ভূপেন বৰা সহিতে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ ? লোকসভা নিৰ্বাচনত বাঘে-ছাগে একেটা ঘাটতে পানী খাই নিৰ্বাচনী বৈতৰণী পাৰ হ'ব বিচৰা বিৰোধী মিত্ৰতাত আউল । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ অখিল গগৈলৈ লিখা এক এক পত্ৰই এতিয়া জোকাৰি গৈছে ৰাজ্যৰ ৰাজনীতি । অখিল গগৈক লৈ কিয় বিৰক্ত হৈছে কংগ্ৰেছ ?

'আপোনাৰ বক্তব্যত বিৰক্ত হৈছে কংগ্ৰেছৰ নেতা-কৰ্মী'- অখিল গগৈক ভূপেন বৰাৰ সকীয়নি
'আপোনাৰ বক্তব্যত বিৰক্ত হৈছে কংগ্ৰেছৰ নেতা-কৰ্মী'- অখিল গগৈক ভূপেন বৰাৰ সকীয়নি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 24, 2024 at 2:09 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী, ২৪ মে’ : নিৰ্বাচন চলি থকাৰ বাবেহে ইমান দিনে যেন কংগ্ৰছে সহি আছিল অখিল গগৈক ৷ এতিয়া ধৈৰ্যৰ বান্ধ ছিঙিছে কংগ্ৰেছৰ ৷ মিত্ৰ দলৰ নেতা অখিল গগৈক সকীয়নি দিছে কংগ্ৰেছে । "আপোনাৰ বক্তব্যত কংগ্ৰেছৰ সকলো নেতা-কৰ্মী অতিশয় বিৰক্ত হৈছে ।" —ৰাইজৰ দলৰ নেতা অখিল গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সকীয়নি ।

ভূপেন বৰাৰ এই পত্ৰই এতিয়া ৰাজ্যৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰিছে । বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত শদিয়াৰ পৰা ধুবুৰীলৈ দিন-ৰাতি একাকাৰ কৰি কংগ্ৰেছ তথা বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱা অখিল গগৈক সকীয়নি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । শুকুৰবাৰে ভূপেন বৰাই এই পত্ৰ প্ৰেৰণ কৰিছে অখিল গগৈলৈ । লগতে কংগ্ৰেছে ইয়াৰ প্ৰতিলিপি প্ৰেৰণ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু অজিত ভূঞালৈও ।

APCC Letter to Akhil Gogoi
'আপোনাৰ বক্তব্যত বিৰক্ত হৈছে কংগ্ৰেছৰ নেতা-কৰ্মী'- অখিল গগৈক ভূপেন বৰাৰ সকীয়নি (ETV Bharat Assam)

বিস্ফোৰক পত্ৰখনৰ লগত ভূপেন বৰাই সংলগ্ন কৰিছে বিভিন্ন প্ৰচাৰ সভা আৰু আন ঠাইত কৰা ৰাজহুৱা বক্তব্যৰ ভিডিঅ’ । অখিল গগৈলৈ দিয়া পত্ৰখনত প্ৰথমেই গগৈৰ বক্তব্যত কংগ্ৰেছ নেতা-কৰ্মী বিৰক্ত হৈ পৰা বুলি অসম কংগ্ৰেছৰ মুৰব্বী, নেতা ভূপেন বৰাই এনেদৰে উল্লেখ কৰিছে, “প্ৰিয় শ্ৰী গগৈ ৷ ইয়াত সংলগ্ন কৰা আপোনাৰ বক্তব্যসমূহত সকলো কংগ্ৰেছ নেতা-কৰ্মী অতিশয় বিৰক্ত হৈছে ।’’

‘‘বিশেষকৈ মিত্ৰ দলৰ সভাপতিৰ বাবে ই অত্যন্ত বিভ্ৰান্তিকৰ আৰু অতি অনাকাংক্ষিত । মই বিশ্বাস কৰিছোঁ যে আপুনি আমাৰ দলৰ শক্তিক তুচ্ছজ্ঞান কৰিছে । আপুনি সম্বোধন কৰা ২০ খন সভাৰ প্ৰতিখনেই আমাৰ স্থানীয় সংগঠনৰ সৈতে সহযোগিতাত প্ৰাৰ্থীসকলে আয়োজন কৰিছিল । মই, আমাৰ নেতা আৰু আমাৰ প্ৰাৰ্থীসকল, তৃণমূল সংগঠনৰ অবিহনে একোৱেই নহয় । গতিকে আমাৰ সংগঠনটোক অসন্মান কৰাটো এয়া আপোনাৰ ফালৰ ভুল ।”

উল্লেখযোগ্য যে অখিল গগৈয়ে কংগ্ৰেছৰ দিনতেই আটাইতকৈ বেছি সংখ্যক ২০ বাৰ জে’ললৈ গৈছিল বুলি প্ৰচাৰ সভাত নিজৰ ভাষণত একাধিকবাৰ উল্লেখ কৰিছিল । তাৰ উপৰি কংগ্ৰেছ নেতৃত্বক মুকলিকৈ একাধিকবাৰ ৰাজহুৱাভাৱে ভুল আদি দেখুৱাই দি মন্তব্য কৰিছিল ।

কংগ্ৰেছ হাইকমাণ্ডক অখিল গগৈয়ে কৰা সমালোচনা প্ৰসংগতো ভূপেন বৰাই তেওঁক পত্ৰখনত সমালোচনা কৰিছে । ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে আদিয়ে কিদৰে অসমত প্ৰচাৰ চলাইছিল সেই বিষয় উল্লেখ কৰি ভূপেন বৰাই লিখিছে, “আমাৰ হাইকমাণ্ডে আমাৰ স্থানীয় দলীয় সংগঠনক দিয়া সমৰ্থনৰ কথাও আঙুলিয়াই দিও । BJNY (ভাৰত জোড়ো ন্যায় যাত্ৰা)ৰ সময়ত ৰাহুলজীয়ে অসমত ৮ দিন কটালে, প্ৰিয়ংকাজীয়ে ২ দিন কটালে । খাৰ্গেজীয়ে গুৱাহাটী আৰু বৰপেটা ভ্ৰমণ কৰে, জিতেন্দ্ৰ সিংজী সকলো সমষ্টিতে উপস্থিত থাকে । এয়া কি সংগঠনৰ সমৰ্থন নহয় ?”

অখিল গগৈৰ ভাষ্যৰ ভিত্তিতেই অখিল গগৈক সমালোচনা কৰি কংগ্ৰেছ নেতৃত্বক প্ৰশংসা ভূপেন বৰাৰ, “দ্বিতীয়তে আপুনি কৈছিল যে আমি ভাল প্ৰাৰ্থী বাছনি কৰিলো । সেই ক্ষেত্ৰত তেওঁলোকৰ নাম প্ৰস্তাৱ কৰাটো আৰু তেওঁলোকক নিৰ্বাচন কৰাৰ বাবে এ আই চি চিৰ কৃতিত্ব ৷ এয়াও এটা ভাল সংগঠনৰ চিন ৷”

“আপোনাৰ মন্তব্যত এ আই চি চি অতিশয় স্তম্ভিত । যদি আপুনি ইয়াক শুধৰাই নিদিয়ে তেন্তে আমাৰ দলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ বাধ্য হ’ব ৷” ভুল বক্তব্য দিয়া বুলি মন্তব্য কৰি অখিল গগৈক নিজৰ ভুল শুধৰাবলৈয়ো লগতে এইদৰে আহ্বান ভূপেন বৰাৰ । পত্ৰখনৰ শেষত কংগ্ৰেছৰ তৰফৰ পৰা অখিল গগৈক কোৱা হৈছে যে চমুকৈ ক’বলৈ হ’লে, অনুগ্ৰহ কৰি কংগ্ৰেছক আপোনাৰ মন্তব্যৰ পৰা আঁতৰাই ৰাখক, ঠিক যেনেকৈ আমি ৰাইজৰ দলক আমাৰ মন্তব্যৰ পৰা আঁতৰাই ৰাখো ।

স্বাভাৱিকতে কংগ্ৰেছৰ এই কঠোৰ ভাষাৰ পত্ৰখনে ৰাজ্যত ৰাজনৈতিক জোকাৰণি তুলিছে । এতিয়া অখিল গগৈয়ে কিদৰে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়াও মন কৰিবলগীয়া হ’ব । অখিল গগৈৰ প্ৰতিক্ৰিয়াৰ ওপৰতে নিৰ্ভৰ কৰিব কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ পৰৱৰ্তী সময়ত মিত্ৰতা কোন দিশে গতি কৰে ।

লগতে পঢ়ক :হিমন্ত বিশ্ব শৰ্মাৰ কোনটো দিশ স্বীকাৰ কৰে ভূপেন বৰাই ? ই টিভি ভাৰতৰে বিশেষ সাক্ষাৎকাৰ - Interview With Bhupen Borah