অখিল গগৈৰ মন্তব্য কংগ্ৰেছ দলৰ নেতা-কৰ্মীৰ বাবে একেবাৰে গ্ৰহণযোগ্য নহয় : দেৱব্ৰত শইকীয়া - Bhupen Borah Letter To Akhil Gogoi

By ETV Bharat Assamese Team

Published : May 24, 2024, 10:26 PM IST

thumbnail
অখিল গগৈৰ মন্তব্য সন্দৰ্ভত বিৰোধী দলপতিৰ প্ৰতিক্ৰিয়া (ETV BHARAT ASSAM)

নিউজ ডেস্ক, 24 মে’ : কংগ্ৰেছক লৈ বিধায়ক অখিল গগৈয়ে কৰা মন্তব্য সন্দৰ্ভত এইবাৰ মুখ খুলিছে বিৰোধী দলপতি তথা কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়াই ৷ এই সন্দৰ্ভত দেৱব্ৰত শইকীয়াই অখিল গগৈয়ে সম্পূৰ্ণ শুদ্ধ কথা কৈছে বুলি তেওঁ কেতিয়াও নকয় বুলি মন্তব্য কৰে ৷ বিভিন্ন সমষ্টিত তেওঁৰ লগতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতায়ো নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কথা উল্লেখ কৰি অখিল গগৈয়ে কৰা অভিযোগ একেবাৰে গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে বিৰোধী দলপতিগৰাকীয়ে ৷  

দেৱব্ৰত শইকীয়াই কি পৰিপ্ৰেক্ষিতত অখিল গগৈয়ে এই কথা ক’লে সেয়া অজ্ঞাত বুলি মন্তব্য কৰে ৷ এই বিষয় সন্দৰ্ভত ভূপেন বৰাই অখিল গগৈলৈ প্ৰেৰণ কৰা পত্ৰত উল্লেখ থকা সকলো কথাত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ সৈতে একমত বুলিও উল্লেখ কৰে বিৰোধী দলপতিজনে ৷ লগতে অখিল গগৈৰ এই মন্তব্য কংগ্ৰেছ দলৰ নেতা-কৰ্মীৰ বাবে একেবাৰে গ্ৰহণযোগ্য নহয় বুলি কয় তেওঁ ৷

ইফালে বিৰোধী দলপতিজনে বিজেপিত যোগদান কৰিব বুলি হৈ থকা চৰ্চা সন্দৰ্ভত তেওঁ কয়- "কোনোবাই মোক বিচাৰিব পাৰে সেয়া মোৰ জগৰ নহয় ৷ ৰাজীৱ ভৱনতো মোক সমালোচনা কৰিছে, ৰাজীৱ ভৱনৰ পৰাও মোক কোনোবাই খেদাব বিচাৰিব পাৰে ৷ তাত মোৰ কৰণীয় নাই ৷ ভাৰতীয় জাতীয় কংগ্ৰেছ নীতিগত, আদৰ্শগত কাৰণত কৰিছো ৷ পদত্যাগ কৰাৰ কথা ভবাই নাই ৷"

লগতে পঢ়ক : 'আপোনাৰ বক্তব্যত বিৰক্ত হৈছে কংগ্ৰেছৰ নেতা-কৰ্মী'- অখিল গগৈক ভূপেন বৰাৰ সকীয়নি - APCC Letter To Akhil Gogoi

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.