ETV Bharat / bharat

Droupadi Murmu takes oath as Indias President: ৰাষ্ট্ৰপতি হিচাপে শপত দ্ৰৌপদী মূৰ্মুৰ

author img

By

Published : Jul 25, 2022, 11:44 AM IST

নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে সোমবাৰে সংসদ ভৱনৰ চৌহদত ভাৰতৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে (Droupadi Murmu takes oath as Indias 15th President)। ইয়াৰ পূৰ্বে দ্ৰৌপদী মূৰ্মুক ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকায়া নাইডু আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কেন্দ্ৰীয় হললৈ আদৰি নিয়ে ।

n
Droupadi Murmu takes oath as Indias President: ৰাষ্ট্ৰপতি হিচাপে শপত দ্ৰৌপদী মুৰ্মুৰ

নেচনেল ডেস্ক, ২৫ জুলাই:নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে সোমবাৰে সংসদ চৌহদত ভাৰতৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে (Droupadi Murmu takes oath as Indias 15th President)। ইয়াৰ পূৰ্বে দ্ৰৌপদী মূৰ্মুক ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকায়া নাইডু আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কেন্দ্ৰীয় হললৈ আদৰি নিয়ে । কেন্দ্ৰীয় হলত উপস্থিত হোৱাৰ পিছতেই তেওঁ শপত গ্ৰহণ কৰে । দেশ-বিদেশৰ বহু গণ্য়-মান্য় লোকৰ উপস্থিতিত ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই শপত বাক্য় পাঠ কৰাই মূৰ্মুক ।

ইয়াৰ পূৰ্বে নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে ৰাজঘাটত জাতিৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে (President elect Droupadi Murmu paid homage to Mahatma Gandhi)। আনহাতে, নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীয়ে সোমবাৰে ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হৈ বিদায়ী ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু তেওঁৰ পত্নী সবিতা কোবিন্দকো সাক্ষাৎ কৰে (Murmu met Ram Nath Kovind)।

উল্লেখ্য় যে যোৱা ২২ জুলাইত ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল মূৰ্মুৱে তেওঁৰ প্ৰতিদ্বন্দী যশৱন্ত সিনহাৰ বিৰুদ্ধে বিজয়ী হৈ দেশৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হোৱা ভাৰতৰ প্ৰথমগৰাকী জনজাতীয় মহিলা । বৃহস্পতিবাৰে ভোট গণনা সমাপ্ত হোৱাৰ পিছত মূৰ্মুক আনুষ্ঠানিকভাৱে দেশৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে ঘোষণা কৰা হৈছিল ।

লগতে পঢ়ক:Droupadi Murmu arrives at Rashtrapati Bhavan: বিদায়ী ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ দ্ৰৌপদী মূৰ্মুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.