ETV Bharat / bharat

Droupadi Murmu arrives at Rashtrapati Bhavan: বিদায়ী ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ দ্ৰৌপদী মূৰ্মুৰ

author img

By

Published : Jul 25, 2022, 10:08 AM IST

যোৱা ২২ জুলাইত অনুষ্ঠিত ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বী যশৱন্ত সিনহাক পৰাভূত কৰি এক ঐতিহাসিক জয় পঞ্জীয়ন কৰিছিল দ্ৰৌপদী মূৰ্মুৱে ৷ মূৰ্মু আছিল প্ৰথমগৰাকী মহিলা জনজাতীয় প্ৰাৰ্থী আৰু দেশৰ ভিতৰতে সৰ্বোচ্চ পদবী দখল কৰা দ্বিতীয়গৰাকী মহিলা ।

Droupadi Murmu arrives at Rashtrapati Bhavan, to take oath as 15th President shortly
বিদায়ী ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক দ্ৰৌপদী মূৰ্মুৰ সাক্ষাৎ

নিউজ ডেস্ক, 25 জুলাই: এটি জনজাতীয় জনগোষ্ঠীৰ পৰা অহা নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে সোমবাৰে ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হৈ বিদায়ী ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু তেওঁৰ পত্নী সবিতা কোবিন্দক সাক্ষাৎ কৰে । আৰু কেইটিমান মূহুৰ্তৰ পাছতেই ভাৰতৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত ল’ব মূৰ্মুৱে (New President of India Droupadi Murmu) । সংসদৰ চেন্ট্ৰেল হলত অনুষ্ঠিত হ’ব নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ কাৰ্যভাৰ গ্ৰহণৰ অনুষ্ঠান ।

মূৰ্মুক কেন্দ্ৰীয় প্ৰেক্ষাগৃহলৈ লৈ যাব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উপ-সভাপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকয়া নাইডু, লোকসভাৰ অধ্যক্ষ ওম বিৰলাই । দ্ৰৌপদী মূৰ্মু চেন্ট্ৰেল হলত উপস্থিত হোলাৰ লগে লগে কেন্দ্ৰীয় প্ৰেক্ষাগৃহত বজোৱা হ’ব জাতীয় সংগীত । ইয়াৰ পিছতেই ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ উপস্থিতিত দ্ৰৌপদী মুৰ্মুৱে শপত গ্ৰহণ কৰিব ।

লগতে পঢ়ক: 25th July holds special role in Indian history: সোমবাৰে পঞ্চদশ ৰাষ্ট্ৰপতিৰূপে শপত ল'ব দ্ৰৌপদী মূৰ্মুৱে

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.