ETV Bharat / bharat

ৰোগীক নিবলগীয়া হ’ল এস্কেভেটৰত ! ক’ত এই ঘটনা ? - Patient Crossed River On Excavator

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 7:51 PM IST

Patient Crossed River by Excavator : নিৰ্মাণকাৰ্যত নহয়, ৰোগীক নিবলৈ ব্যৱহাৰ কৰা হ’ল এস্কেভেটৰ ৷ যি দৃশ্যই উদঙাইছে উন্নয়নৰ প্ৰকৃত ছবি ৷

Patient Crossed River by Excavator
এস্কেভেটৰৰ সহায়ত লৈ যোৱা হ’ল ৰোগীক (ETV Bharat)

এস্কেভেটৰৰ সহায়ত লৈ যোৱা হ’ল ৰোগীক (ETV Bharat)

নিউজ ডেস্ক, 16 মে’: সাধাৰণতে এস্কেভেটৰৰ কাম হ’ল মাটি খন্দা, কোনো নিৰ্মাণকাৰ্যত সহায় কৰা অথবা ভঙা ইত্যাদি ৷ অৱশ্যে কোনো কোনো ঠাইত উচ্ছেদ অভিযান চলাবলৈও ব্যৱহাৰ কৰা হয় এস্কেভেটৰ, অৰ্থাৎ কোম্পানীৰ নাম অনুসৰি জেচিবি ৷ কিন্তু উত্তৰাখণ্ডত এই এস্কেভেটৰ যি কামত ব্যৱহাৰ কৰা হ’ল, সেয়া জানিলে বা দেখিলে আপুনিও প্ৰশ্ন কৰিব দেশৰ বিকাশৰ সন্দৰ্ভত ৷ ৰাজ্যখনৰ বিকাশৰ প্ৰকৃত স্বৰূপ উদাহৰণসহ ডাঙি ধৰিলে এখন এস্কেভেটৰ আৰু এগৰাকী ৰোগীয়ে ৷

ৰাজ্যখনত ভাটোৱাদী উন্নয়নখণ্ডৰ অন্তৰ্গত এখন গাঁও হ’ল পিলাং ৷ গাঁওখনৰ ৰাইজে এতিয়া এস্কেভেটৰৰ সহায়ত ৰোগীক নদী পাৰ কৰাই নিবলগীয়া হৈছে ৷ বুধবাৰে অসুস্থ হৈ পৰা এজন লোকক পিলাং গড় নদীৰ পাৰ কৰোৱাবলৈ লোৱা হ’ল এই পন্থা । গাঁওবাসীয়ে কয় যে পিলাং গড় নদীত যদি এখন দলং থাকিলহেঁতেন এই পৰিস্থিতিৰ উদ্ভৱ নহ’লহেঁতেন ।

প্ৰথমে কান্ধত তুলি লৈ যোৱা হ’ল ৰোগীক:

পিলাং গাঁৱৰ মুখিয়াল আতাৰ সিং ৰাণাই জানিবলৈ দিয়া অনুসৰি বুধবাৰে গাঁওখনৰ প্ৰতাপ সিং ৰাণাৰ স্বাস্থ্যৰ অৱস্থা হঠাতে অৱনতি ঘটে । প্ৰতাপ ৰাণাৰ স্বাস্থ্যৰ অৱনতি ঘটাত গাঁৱৰ ৰাইজে এখন সাঙীৰ সহায়ত ৰোগীজনক খোজকাঢ়ি প্ৰায় ১০ কিলোমিটাৰ দূৰৰ পিলাং নদীৰ পাৰলৈ লৈ যায় । ইয়াৰ পিচত তেওঁলোকে মাল্লা চিল্লা মটৰ ৰোডলৈ যাব লাগিছিল যদিও পিলাংগড় নদীৰ প্ৰবল সোঁতৰ বাবে পাৰ হ’ব নোৱাৰিলে ৷

এস্কেভেটৰৰ সহায়ত পাৰ কৰোৱা হ’ল ৰোগীক:

সাঙীত উঠাই ৰোগীজনক নদীখনৰ পাৰলৈকে লৈ যোৱাৰ পিচত এখন এস্কেভেটৰৰ চালকৰ সহায় বিচাৰিলে । ইয়াৰ পিচত ৰোগীজনকগাঁৱৰ একাংশ লোকে ডাঙি এস্কেভেটৰৰ বাকেটত ভৰাই দি নদীখন পাৰ কৰোৱালে ৰোগীগৰাকীক । তাৰ পিচতে এখন বাহনৰ সহায়ত ৰোগীজনক লৈ যোৱা হয় চিকিৎসালয়লৈ ৷

২০২২ চনত নিৰ্মাণ হোৱাৰ কথা আছিল দলং:

উক্ত পথটো মল্ল-চিল্লা মটৰ ৰোডৰ সৈতে সংযোগ কৰিবলৈ পিলাং গড়ত প্ৰায় ৪১ মিটাৰ দৈঘ্যৰ এখন দলং নিৰ্মাণ কৰাৰ কথা আছিল ৷ যি নিৰ্মাণকাৰ্য ২০২২ চনৰ অক্টোবৰ মাহত সম্পূৰ্ণ হ’ব লাগিছিল । কিন্তু সেই নিৰ্মাণকাৰ্য এতিয়াও আৰম্ভ নহ’ল ৷ ফলত গাঁওবাসীয়ে ৰোগীক এস্কেভেটৰৰ বাকেটত ভৰাই নদী পাৰ কৰিবলগীয়া হ’ল ৷ যদিহে সময়ত এস্কেভেটৰখন নাপালেহেঁতেন তেন্তে ৰোগীজনক হয়তো ৰাস্তালৈ লৈ যোৱাটো সম্ভৱ নহ’লহেঁতেন ৷

লগতে পঢ়ক: দলং নোহোৱাৰ বিড়ম্বনা : সৰাগুৰি চাপৰিত নাৱেৰে নদী পাৰ হৈ কৰিছে শিক্ষাগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.