ETV Bharat / state

দলং নোহোৱাৰ বিড়ম্বনা : সৰাগুৰি চাপৰিত নাৱেৰে নদী পাৰ হৈ কৰিছে শিক্ষাগ্ৰহণ - Lack of bridge

author img

By ETV Bharat Assamese Team

Published : May 9, 2024, 8:13 AM IST

No bridge for communication : এখন নদীৰ ওপৰত এখন দলং থকাটো কিমান গুৰুত্বপূৰ্ণ ? এখন দলঙৰ অভাৱত সৰাগুৰি চাপৰিত এজাক শিক্ষাৰ্থীয়ে নাৱেৰে নদী পাৰ হৈ কৰিবলগীয়া হৈছে শিক্ষাগ্ৰহণ ৷ পিছে কথাটোতহে কাণসাৰ নাই স্থানীয় প্ৰশাসনৰ লগতে জনপ্ৰতিনিধিৰ ৷

No bridge for communication
নাৱেৰে নদী পাৰ হৈ কৰিছে শিক্ষাগ্ৰহণ (Etv Bharat Assam)

নাৱেৰে নদী পাৰ হৈ কৰিছে শিক্ষাগ্ৰহণ (Etv Bharat Assam)

যোৰহাট, 9 মে’ : শৈক্ষিক জীৱন শিক্ষাৰ্থীৰ বাবে শ্ৰেষ্ঠ জীৱন ৷ কিন্তু একাংশ শিক্ষাৰ্থীয়ে প্ৰতিদিনে উন্নত শিক্ষা লাভৰ বাবে কঠোৰৰ পৰা কঠোৰতম সংগ্ৰাম কৰিব লগা হৈছে ৷ এনে এক ঘটনা পোহৰলৈ আহিছে শিৱসাগৰ জিলাত ৷

শিৱসাগৰ জিলাৰ অন্তৰ্গত সৰাগুৰি চাপৰিৰ পৰা দিখৌমুখ বিদ্যালয়লৈ শিক্ষাগ্ৰহণৰ অৰ্থে ছাত্ৰ-ছাত্ৰীসকলে নিয়মিতভাৱে বিপদসংকুলভাৱে দিখৌ নদী পাৰ হ’বলগীয়া হয় ৷ ছাত্ৰ-ছাত্ৰীসকলে কাৰো সহায় নোহোৱাকৈ প্ৰতিদিনে নদী ইপাৰ-সিপাৰ হয় ৷

অভিযোগ অনুসৰি, নাৱৰীয়াৰ হেমাহিৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰতে কোনোৱে চলাবলগীয়া হয় নাও ৷ নাৱৰীয়াই শিক্ষাৰ্থীসকলক কোনোধৰণে সহায় নকৰাৰ বিপৰীতে নদী পাৰ হোৱাৰ নামত সংগ্ৰহ কৰে নগদ ধন ৷

আনহাতে, বাৰিষা কালত দিখৌৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত পৰিস্থিতিৰ অৱনতি ঘটে ৷ তেনে পৰিস্থিতিৰ সৈতে মোকামিলা কৰি সৰাগুৰি চাপৰিৰ পৰা দিখৌমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰিবলগীয়া হৈছে এইসকল শিক্ষাৰ্থীয়ে ।

এই কথাক লৈ চিন্তিত হৈ পৰিছে কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ পিতৃ-মাতৃ ৷ তেওঁলোকে শিক্ষাৰ্থীসকলৰ নিৰাপত্তাৰ দায়িত্ব ল’বলৈ স্থানীয় প্ৰশাসনক অনুৰোধ জনাইছে । পিছে দীৰ্ঘদিনে এনেধৰণে আহ-যাহ অব্যাহত ৰখা ছাত্ৰ-ছাত্ৰীসকলৰ বিষয়টোত চকু নপৰাৰ অভিযোগ উত্থাপন হৈছে আমগুৰি আৰু শিৱসাগৰৰ বিধায়ক দুগৰাকীৰ বিৰুদ্ধে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, পূৰ্বতেও দিখৌ নৈৰ ওপৰত দলং নিৰ্মাণক কেন্দ্ৰ কৰি হোৱা হেমাহিৰ কথা সংবাদ মাধ্যমৰ জৰিয়তে পোহৰলৈ আহিছিল ৷ দলং নিৰ্মাণ নোহোৱা পৰ্যন্ত শিক্ষাৰ্থীসকলে এনেদৰেই বিদ্যালয়লৈ আহ-যাহ অব্যাহত ৰাখিব লাগিব ৷ নহ’লে তেওঁলোকৰ শিক্ষাগ্ৰহণত খেলি-মেলি সৃষ্টি হোৱাৰ সম্ভাৱনাই অধিক ৷ যাৰ বাবে চিন্তামগ্ন হৈ পৰিছে অভিভাৱকসকলৰ লগতে সচেতন মহল ৷

লগতে পঢ়ক : দলং নিৰ্মাণত অনিয়ম : দিখৌ নদীৰ ওপৰত নিৰ্মীয়মান অৱস্থাতে বহি গ’ল দলং - Allegation Of Corruption

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.