ETV Bharat / health

হাই হিল পৰিধান কৰি ভাল পায় ? ইয়াৰ ব্যৱহাৰ হ’ব পাৰে বিপজ্জনক! - Disadvantages of High Heels

author img

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 1:19 PM IST

Disadvantages of High Heels: আজিকালি ফেশ্বনৰ যুগত নিজকে আপডেট কৰি ৰাখিবলৈ সকলোৱে বিভিন্ন ধৰণৰ কাম কৰে। বিশেষকৈ মহিলাসকলে প্ৰতিটো অনুষ্ঠানতে নিজকে নিখুঁত দেখাব বিচাৰে । ইয়াৰ বাবে তেওঁলোকে বহু চেষ্টা কৰে । হাই হিল ইয়াৰে এটা যিটো সাধাৰণতে ও

What are the disadvantages of high heels shoes?
হাই হিল পৰিধান কৰি ভাল পায় ? ইয়াৰ ব্যৱহাৰ হ’ব পাৰে বিপজ্জনক! (FREEPIK)

বৰ্তমান সময় ফেশ্বনৰ দৌৰত মানুহ যিকোনো পৰ্যায়লৈ যাবলৈ সাজু । ফেশ্বনৰ প্ৰকৃত উদ্দেশ্য আৰামৰ সৈতে ফেশ্বনেবল দেখাটো যদিও বৰ্তমানৰ ফেশ্বন উদ্যোগটো গ্লেমাৰ আৰু গ্লিটজৰ ওপৰত নিৰ্ভৰশীল । ইয়াত কাপোৰৰ মহিলাৰ ভৰিত মেচিং হাই হিলো জীৱনৰ এক অংশ হৈ পৰিছে ।

হাই হিল পিন্ধাৰ একমাত্ৰ লাভ হ’ল ইয়াৰ দ্বাৰা মহিলাসকলে এক ফেশ্বনেবল লুক পোৱাৰ লগতে ওখ দেখা যায় ৷ কিন্তু আপুনি জানেনে যে ইয়াৰ ফলত আপুনি কিমান অসুবিধাৰ সন্মূখীন হ’বলগীয়া হ’ব পাৰে । হাই হিলে কেনেদৰে আমাৰ ক্ষতি কৰে আজি জানো আহক-

কঁকালৰ তলৰ অংশৰ বিষ

হাই হিল পৰিধান কৰিলে শৰীৰৰ মাধ্যাকৰ্ষণ কেন্দ্ৰ স্থানান্তৰিত হয় আৰু পিঠিৰ তলৰ অংশ আগলৈ অধিক হেলনীয়া হৈ থাকে । পেলভিছ নিজাববীয়াকৈ আগলৈ বেঁকা হোৱাৰ ফলত পিঠিৰ তলৰ অংশত খুবেই চাপ পৰে, যাৰ বাবে কঁকালৰ বিষ আৰম্ভ হয় ।

ভৰিৰ আঙুলিৰ বিষ

যেতিয়া আমি অধিক সময়ৰ বাবে হাইহিল পৰিধান কৰো আমাৰ ভৰিৰ আঙুলিখিনিত খুবেই হেঁচা পৰে যাৰ ফলত প্ৰায়েই আঙুলিত অতিপাতৰ বিষৰ সৃষ্টি হয় ৷ ইয়াৰ ফলত কেতিয়াবা Hammer Toeৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷

আঁঠুৰ বিষ (অষ্টিঅ’আৰ্থাইটিছ)

হাই হিলে আঁঠুৰ পিছফালে অৰ্থাৎ কলাফুলত চাপৰ সৃষ্টি কৰে । ইয়াৰ লগতে হাই হিলে আঁঠুৰ গাঁঠিত সংকোচন শক্তিও প্ৰয়োগ কৰি তাৰ লগত খেলিবলৈ আৰম্ভ কৰে, যাৰ ফলত অতিপাত বিষৰ সৃষ্টি হয় আৰু অষ্টিঅ’আৰ্থাইটিছৰ দৰে সমস্যাৰ সৃষ্টি হয় ৷

কলাফুল আৰু তলুৱাত তীব্ৰ বিষ

হাই হিল পিন্ধি থকাৰ সময়ত আমাৰ ভৰিৰ আঙুলিবোৰ অস্বাভাৱিক অৱস্থাত থাকে । যাৰ ফলত ভৰিৰ জিনজিননি, তলুৱা আৰু কলাফুলত অতিপাত বিষৰ সৃষ্টি হয় । ইয়াৰ সমাধান হ’ল সীমিত সময়ৰ বাবে হাই হিল পিন্ধা বা আপোনাৰ ভৰিয়ে আৰাম লাভ কৰা জোতা বা হিল পৰিধান কৰা উচিত ৷

জৰুৰী নহয় যে, যিটো ফেশ্বনেবল দেখা যায় সেয়া আমাৰ শৰীৰৰ বাবে উপকাৰী হ’ব ৷ আৰামদায়ক কাপোৰ বা জোতা পৰিধান কৰিও আমি নিজকে ফেশ্বনেবল দেখাব পাৰো ৷

লগতে পঢ়ক: World Arthritis Day 2023: কিয় বৃদ্ধি পাইছে অষ্টিঅ’আৰ্থৰাইটিছৰ আশংকা; ইয়াক কেনেকৈ কৰিব প্ৰতিৰোধ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.