নৈশ বাছ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ - tragic road mishap

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 1:26 PM IST

thumbnail
নৈশ বাছ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ (etv bharat assam)

শিলচৰ, 6 জুন : কাছাৰ জিলাৰ দিগৰখালত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে । নৈশ বাছ আৰু ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত 13 জনকৈ লোক আহত হৈছে বুলি জানিব পৰা গৈছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, বৃহস্পতিবাৰে পুৱা শিলচৰ-গুৱাহাটী 6 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাছাৰৰ দিগৰখালত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে । নৈশ বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত গুৰুতৰভাৱে আহত হৈছে ট্ৰাক আৰু নৈশ বাছৰ চালকসহ 13 জনকৈ যাত্ৰী ।

জানিব পৰা মতে, গুৱাহাটীৰ পৰা শিলচৰ অভিমুখে আহিছিল আৰহান ট্ৰেভেলাৰছৰ যাত্ৰীবাহী নৈশ বাছখন । তাৰ পিচতে কাছাৰৰ দিগৰখালত বিপৰীত দিশৰ পৰা অহা এখন দ্ৰুতবেগী ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ হয় নৈশ বাছখনৰ । এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ ফলত দুয়োখন বাহনৰ চালকসহ নৈশ বাছৰ 13 জনকৈ যাত্ৰী গুৰুতৰভাৱে আহত হয় । এই ঘটনাৰ পাচত স্থানীয় লোকসকলে আহতসকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক: কেতিয়া সমাধান হ'ব তিনিচুকীয়াৰ বিস্তীৰ্ণ অঞ্চলৰ খহনীয়া সমস্যাৰ ? - Assam River Bank Erosion Problem

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.