ETV Bharat / entertainment

কাঁ ২০২৪ ত আত্মপ্ৰকাশ ৰাজপাল যাদৱৰ - Rajpal Yadav at Cannes 2024

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 7:01 PM IST

Rajpal Yadav at Cannes 2024: খুহুতীয়া অভিনয়ৰ বাবে বিখ্যাত অভিনেতা ৰাজপাল যাদৱ কাঁ ২০২৪ ত উপস্থিত হৈছে । চাওক ফটো-

Rajpal Yadav debuts at Cannes 2024 with Kaam Chalu Hai director Palaash Muchhal SEE pics
ৰাজপাল যাদৱ (etv bharat)

চিটাৰা ডেস্ক, 16 মে’ : বলীউডৰ জনপ্ৰিয় অভিনেতা ৰাজপাল যাদৱ কাঁ চলচ্চিত্ৰ মহোৎসৱ ২০২৪ ত উপস্থিত হৈছে । কাঁ ২০২৪ ত উপস্থিত হোৱাৰ পিচত ৰাজপাল যাদৱে তেওঁৰ সুন্দৰ ছবিবোৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে ।

৭৭ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ ২০২৪ ত ৰাজপাল যাদৱে প্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ কৰিছে । পিছে ৰাজপাল ইয়াত অকলে উপস্থিত হোৱা নাই । ৰাজপাল যাদৱ তেওঁৰ পৰৱৰ্তী ছবি 'কাম চালু হে'ৰ পৰিচালক পলাশ মুচ্ছলৰ সৈতে কাঁ চলচ্চিত্ৰ মহোৎসৱ ২০২৪ ত উপস্থিত হৈছে ।

ৰাজপাল যাদৱৰ আগন্তুক ছবি 'কাম চালু হে' কাঁ চলচ্চিত্ৰ মহোৎসৱ ২০২৪ ত প্ৰদৰ্শিত হ'ব । জিয়া মাণিকে ছবিখনত মুখ্য অভিনেত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছে । ৰাজপাল অভিনীত ছবি 'কাম চালু হে' সঁচা ঘটনাৰ ওপৰত আধাৰিত এখন চলচ্চিত্ৰ ।

ভাৰতক প্ৰতিনিধিত্ব কৰা কাঁ ২০২৪ ৰ অতিথি চেলেব্ৰিটীৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছে ৰাজপাল যাদৱৰ । সমান্তৰালকৈ মহিলা ক্ৰিকেট দলৰ অ’পেনাৰ স্মৃতি মান্ধনাৰ সৈতে প্ৰেমৰ বাতৰিৰে নাম সাঙোৰ খাই থকা পৰিচালক পলাশ মুচ্ছলো তেওঁৰ সৈতে উপস্থিত হৈছেগৈ ।

ইয়াৰ পূৰ্বে ৰাজপাল যাদৱে কৈছিল যে তেওঁৰ ছবি ‘কাম চালু হে’ কাঁ ত প্ৰদৰ্শিত হ’ব । এই সন্দৰ্ভত অভিনেতাগৰাকীয়ে এক সাক্ষাৎকাৰত কয়, ‘মই ইণ্ডিয়ান মোচন পিকচাৰ্ছ প্ৰডিউচাৰ এছ'চিয়েশ্যনৰ ওচৰত কৃতজ্ঞ আমাৰ ছবিখনক তালৈ যোৱাৰ সুযোগ দিয়াৰ বাবে, মোক বহুবাৰ কাঁ লৈ নিমন্ত্ৰণ কৰা হৈছে, কিন্তু মই মোৰ ছবি এখনৰ সৈতে তালৈ যাব বিচাৰিছিলো, এতিয়া মোৰ এই সপোন বাস্তৱায়িত হৈছে, মই বহুত সুখী, কাৰণ মোৰ ছবি কাম চালু হে এটা সন্মানীয় অনুষ্ঠানত আছে ।’

লগতে পঢ়ক : গ্ল’বেল প্লেটফৰ্মত শেহতীয়া কি বিশেষ কৃতিত্বৰে জিলিকিল দীপিকা পাডুকন ? - Deepika Padukone

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.