ETV Bharat / bharat

Mehbooba Mufti slammed Ram Nath Kovind: বিদায়ী ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সমালোচনা মেহবুবা মুফতিৰ

author img

By

Published : Jul 25, 2022, 2:05 PM IST

নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদি মূৰ্মুৰ শপত গ্ৰহণৰ দিনাই প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক তীব্ৰ সমালোচনা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিৰ(Outgoing President Ram Nath Kovind has come under severe criticism) । BJPৰ ৰাজনৈতিক লক্ষ্য পূৰণ কৰা বুলি কোবিন্দক কটাক্ষ প্ৰাক্তন মুখ্য়মন্ত্ৰীগৰাকীৰ(Mehbooba Mufti slammed Ram Nath Kovind) ।

outgoing prez kovind fulfilled bjps political agenda mehbooba mufti
বিদায়ী ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক তীব্ৰ সমালোচনা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিৰ

নেশ্যনেল ডেস্ক, ২৫ জুলাই: দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতিৰূপে শপত গ্ৰহণ কৰিলে দ্ৰৌপদি মূৰ্মুয়ে(Droupadi Murmu takes oath as Indias 15th President) । নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণৰ দিনাই বিদায়ী ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ হ'ল তীব্ৰ সমালোচনাৰ সন্মুখীন(Outgoing President Ram Nath Kovind has come under severe criticism) । জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে তীক্ষ্ণ বাক্য়বানেৰে সমালোচনা কৰে কোবিন্দক । অনুচ্ছেদ ৩৭০, CAA ৰ প্ৰসংগ উত্থাপন কৰি বিদায়ী ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে BJP ৰ ৰাজনৈতিক লক্ষ্যহে পূৰণ কৰা বুলি কটাক্ষ কৰে(Mehbooba Mufti slammed Ram Nath Kovind) ।

সোমবাৰে টুইট যোগে মুফতিয়ে উল্লেখ কৰে যে, অনুচ্ছেদ ৩৭০ বাতিল কৰাই হওঁক, CAA হওঁক বা সংখ্যালঘু আৰু দলিতসকলকৰ কথাই হওক, ৰাষ্ট্ৰপতি কোবিন্দে ভাৰতীয় সংবিধানৰ নামত বিজেপিৰ ৰাজনৈতিক কাৰ্যসূচী পূৰণ কৰিলে । ভাৰতীয় সংবিধানক পদদলিত কৰা আৰু শাসকীয় বিজেপিৰ ৰাজনৈতিক অভিপ্সা পূৰণ কৰাৰ অভিযোগ উত্থাপন কৰি তীব্ৰ সমালোচনা কৰে মুফতিয়ে । ভাৰতীয় সংবিধানক বহু সময়ত পদদলিত কৰা বুলিও অভিযোগ উত্থাপন কৰে মুফতিয়ে ।

লগতে পঢ়ক: Droupadi Murmu takes oath as Indias President: ৰাষ্ট্ৰপতি হিচাপে শপত দ্ৰৌপদী মূৰ্মুৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.