ETV Bharat / entertainment

Darlings trailer: আলিয়া ভাট আৰু শ্বেফালী শ্বাহৰ যুটিয়ে আমোদ দিব দৰ্শকক

author img

By

Published : Jul 25, 2022, 2:22 PM IST

ডাৰ্লিংছক এখন ডাৰ্ক কমেডী-ড্ৰামা হিচাপে দৰ্শকৰ ওচৰলৈ আগবঢ়াই দিয়া হ’ব ৷ মায়ানগৰী মুম্বাইত মাতৃ-কন্যাই জীৱনৰ অসুবিধাবোৰৰ সৈতে মোকাবিলা কৰাৰ লগতে মিছাৰ সহায় লৈ আনৰ জীৱনত খেলিমেলিৰো সৃষ্টি কৰা দেখা গ’ল ট্ৰেইলাৰটোত ৷ অধিক জানিবলৈ আগলৈ পঢ়ক-

Darlings trailer
আলিয়া ভাট আৰু শ্বেফালী শ্বাহৰ যুটিয়ে আমোদ দিব দৰ্শকক

চিটাৰা ডেস্ক, 25 জুলাই : আৰু অৱশেষত অপেক্ষাৰ অন্ত পৰিল ৷ আলিয়া ভাট, শ্বেফালী শ্বাহ, বিজয় বৰ্মা আৰু ৰোশন মেথিউ অভিনীত ছবি ডাৰ্লিংছৰ ট্ৰেইলাৰে লাভ কৰিলে শুভমুক্তি (darlings cast) । ঘোষণা কৰা মতেই আলিয়াই ছ’চিয়েল মিডিয়াত ডাৰ্লিংছৰ কুটিল ট্ৰেইলাৰটো শ্বেয়াৰ কৰে ।

মুম্বাইত নিৰ্মিত এই ডাৰ্ক কমেডী চলচ্চিত্ৰখনত আলিয়াক আপোনালোকে দেখিবলৈ পাব সম্পূৰ্ণ অন্য এক ৰূপত ৷ ট্ৰেইলাৰটোৰ পৰা আলিয়াক দুই ধৰণৰ ব্যক্তিত্বৰে সাঙোৰ খাই থকা দেখিবলৈ পোৱা গ’ল ৷ শ্বেফালী শ্বাহৰ সৈতে আলিয়াৰ এই মাতৃ-কন্যাৰ যুটি পছন্দ কৰিছে চলচ্চিত্ৰপ্ৰেমী দৰ্শকে ৷ মুম্বাইত নিগাজী বাসস্থান বিচৰা, পুলিচ থানালৈ অহা-যোৱা, নিত্য-নৈমিত্তিক ঘটনাবোৰৰ সৈতে যুঁজ দিয়া, এই সকলোতে শ্বেফালী আৰু আলিয়াই কৰিছে নিখুঁত অভিনয় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

৫ আগষ্টত নেটফ্লিক্সত প্ৰিমিয়াৰ হ’ব ভাটৰ প্ৰথম প্ৰডাকচন ভেঞ্চাৰ (darlings release date) । তেওঁ নিজৰ বেনাৰ ইটাৰ্নেল ছানশ্বাইন প্ৰডাকচনৰ জৰিয়তে ছবিখন প্ৰযোজনা কৰিছে ৷ সহযোগিতা আগবঢ়াইছে চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ ৰেড চিলিজ এণ্টাৰটেইনমেণ্টে । ট্ৰেইলাৰ চাই অনুমান কৰিব পাৰি যে ডাৰ্লিংছে বিশ্বজুৰি দৰ্শকক মনোৰঞ্জন দিব ।

ফেব্ৰুৱাৰী মাহত ছবিগৃহত মুক্তি পোৱা সঞ্জয় লীলা ভাঞ্চালীৰ গংগুবাই কাথিয়াৱাড়ীৰ পিছত এইখন হ’ব আলিয়াৰ বছৰটোৰ দ্বিতীয়খন ছবি । ডাৰ্লিংছ ছবিখনৰ গীতৰ কথা প্ৰবীণ লেখক গুলজাৰৰ আৰু সংগীত বিশাল ভৰদ্বাজৰ ।

লগতে পঢ়ক: আলিয়াৰ স্বৰ্গৰ পৰী যেন লগা এই ৰূপ দেখি আপুনিও পৰিব প্ৰেমত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.