ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jan 18, 2022, 8:58 AM IST

9 বজাৰ শীৰ্ষ দহটা বাতৰি

top-10-at-9-am
9 বজাৰ শীৰ্ষ দহটা বাতৰি

Assam COVID update: সোমবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ ৬৯৮২ গৰাকী লোক ক'ভিডত আক্ৰান্ত

সোমবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ ৬৯৮২ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে । বিশেষকৈ মহানগৰীত আক্ৰান্তৰ সংখ্যা ভয়াৱহ ৰূপত বাঢ়ি আছে (COVID cases in Guwahati) ৷ ভোগালী বিহুৰ পিছতে এতিয়া ৰাজ্য তথা গুৱাহাটীত ক’ভিড-19 ভয়াবহ ৰূপত বৃদ্ধি পাবলৈ ধৰিছে । সবিশেষ জানো আহক ৷

Project Sadbhawna : ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব চৰকাৰৰ সদ্ভাৱনা প্ৰকল্পৰ কাম

১ ফেব্ৰুৱাৰাৰী পৰা আৰম্ভ হ’ব ৰাজ্য চৰকাৰৰ সদ্ভাৱনা প্ৰকল্প ৰূপায়ণৰ কাম (Project Sadbhawna of Assam government) । জনতা ভৱনৰ বিষয়া-কৰ্মচাৰীসকলক তেওঁলোকৰ ভূমিকাৰ পুনৰ মূল্যায়ণেৰে জনসাধাৰণলৈ উৎসৰ্গিত মনোভাৱেৰে সেৱা আগবঢ়োৱাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনায় ৷

Mob lynching in Jorhat : অনিমেশ ভূঞাৰ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল যোৰহাট আৰক্ষীৰ

যোৰহাটৰ আছু নেতা অনিমেশ ভূঞাৰ হত্যাকাণ্ডৰ ৮৮০ পৃষ্ঠাৰ কেচ ডায়েৰী আৰু ৩৩৯ পৃষ্ঠাৰ চাৰ্জশ্বীট সোমবাৰে দাখিল কৰিলে যোৰহাট আৰক্ষীয়ে (jorhat police file charge sheet for animesh bhuyan murder case) ৷

মুখ্যমন্ত্ৰী আৰু বিধায়ক অমিয় ভূঞাৰ বিতৰ্ক সন্দৰ্ভত DGP ক অভিযোগ দাখিল ভূপেন বৰাৰ

নগাঁৱৰ জিলা উপায়ুক্তক ৰাজহুৱাভাৱে অপমান কৰা মুখ্যমন্ত্ৰী (Assam cm scolds IAS officer) আৰু নাৰায়ণপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক প্ৰাণে মৰাৰ ভাবুকি দিয়া বিজেপিৰ স্থানীয় বিধায়কজনৰ বিৰুদ্ধে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক সাক্ষাৎ কৰি অভিযোগ দাখিল কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷

ধঁপাত সেৱনে বৃদ্ধি কৰে কৰ’ণাত আক্ৰান্তৰ সম্ভাৱনা : সমীক্ষা

যিসকল লোকে ই-চিগাৰেট সেৱন কৰে আৰু ক’ভিড-19 ৰ বাবে শাৰিৰীক নমুনাৰ পৰীক্ষা কৰে, তেওঁলোকে সহজে ক’ভিড 19 ত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে ৷ শেহতীয়াকৈ মায়’ ক্লিনিকৰ এক অধ্যয়নত প্ৰকাশ পাইছে এই তথ্য ৷

আবুধাবি বিমানবন্দৰত ড্ৰোণ আক্ৰমণ : তিনিজন নিহত

আবু ধাবিৰ বিমানবন্দৰত এক সন্দেহযুক্ত ড্ৰোণ আক্ৰমণ (Drone attack at Abu Dhabi airport) ৷ এই ঘটনাত নিহত তিনিগৰাকী লোক ৷

শিল্পী দিৱসত ৰাজ্যৰ স্বনামধন্য শিল্পীলৈ ৰাজ্য চৰকাৰে যাঁচিলে সন্মান

বিশিষ্ট সংগীত শিল্পী ড° অপর্ণা বুজৰবৰুৱা আৰু পুলক বেনাৰ্জীক প্ৰদান কৰা হ’ল ২০২২ বৰ্ষৰ শিল্পী বঁটা (Silpi award to Arpana Bujarbaruah and Pulak Banerjee) । অসম চৰকাৰৰ শিল্পী দিৱস (Assam government observes Sipi divas) ৰ অনুষ্ঠানত প্ৰদান কৰা হ'ল শিল্পী বঁটা আৰু শিল্পী পেঞ্চন ।

Bikaner-Guwahati Express accident : দুৰ্ঘটনাস্থলীত উপস্থিত ফৰেনচিকৰ দল

সোমবাৰে তিনিজনীয়া এটা ফৰেনচিকৰ দলে পশ্চিমবংগৰ জলপাইগুৰিৰ সমীপৰ ময়নাগুৰিত উপস্থিত (A three member forensic team on Monday morning reached Jalpaiguri) হয় ৷ এই এলেকাতে উৰুকাৰ সন্ধিয়া বিকানেৰ-গুৱাহাটী এক্সপ্ৰেছ ৰে’লখনৰ লাইনচ্যুত হৈছিল ৷ দলটোৱে তদন্তৰ খাতিৰত দুৰ্ঘটনাস্থলীৰ পৰা তথ্য সংগ্ৰহ কৰে (Forensic team collects specimens from Bikaner-Guwahati Express accident spot) ।

ক’ভিডৰ বাবে নহয়, গুৰু জয়ন্তীৰ বাবে পিছুৱালে পঞ্জাৱ বিধানসভাৰ নিৰ্বাচন

পিছুৱাই দিয়া হৈছে পঞ্জাৱ বিধানসভাৰ নিৰ্বাচনৰ তাৰিখ ৷ সেই অনুসৰি পূৰ্বৰ 14 ফেব্ৰুৱাৰীৰ সলনি ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত হ’ব 20 ফেব্ৰুৱাৰীতহে ৷ সোমবাৰে দেশৰ নিৰ্বাচনী আয়োগে সদৰী কৰিছে এই কথা (ECI defers dats for punjab election) ৷

বৰপেটাত সন্দেহযুক্ত ৫০০ বেগ বাৰ্মিজ চুপাৰী জব্দ

বাৰ্মিজ চুপাৰীৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীয়ে চলাই আছে অভিযান (Assam police on mission against burmese betel nut) ৷ বৰপেটাৰ হাউলীত আৰক্ষীয়ে উদ্ধাৰ কৰিলে সন্দেহজনক ৫০০ বেগ বাৰ্মিজ চুপাৰী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.