ETV Bharat / entertainment

সামাজিক মাধ্যমত নাতাশাৰ ষ্ট’ৰী: বিবাহ বিচ্ছেদৰ সংকেত নেকি ? - Natasa Hardik Pandya Divorce

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 12:16 PM IST

Natasa Stankovic Cryptic Post: ভাৰতীয় ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়া আৰু তেওঁৰ পত্নীৰ নাতাশাৰ বিবাহ বিচ্ছেদৰ খবৰ প্ৰচাৰৰ পিচতে নাতাশাৰ এক ইনষ্টাগ্ৰাম ষ্টৰীয়ে খলকনিৰ সৃষ্টি কৰিছে ৷

Natasa Stankovic Cryptic Post
নাতাশা (ETV BHARAT HINDI)

চিটাৰা ডেক্স, 26 মে’ : শেহতীয়াকৈ নাতাশা ষ্টেনকভিচ আৰু হাৰ্দিক পাণ্ডিয়াৰ বিবাহ বিচ্ছেদৰ বাতৰিয়ে সৰ্বত্ৰে ব্যাপক চৰ্চা লাভ কৰিছে ৷ দম্পতীটোৰ বিবাহ বিচ্ছেদৰ উৰাবাতৰিটোৱে অনুৰাগীসকলক হতবাক কৰি তুলিছে ।

সামাজিক মাধ্যমৰ অনুৰাগীসকলৰ মতে, হাৰ্দিক আৰু নাতাশাই বিগত কেইমাহমানৰ পৰা ইজনে সিজনৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰা নাই । অনুৰাগীসকলে দীৰ্ঘদিন ধৰি তেওঁলোক দুয়োৰে একেলগে ছবি দেখা নাই ।

আই পি এল 2024 ত হাৰ্ডিকৰ খেলৰ সময়তো নাতাশা উপস্থিত নাছিল । এইসমূহ লক্ষণে দুয়োৰে বিবাহ বিচ্ছেদৰ খবৰৰ ক্ষেত্ৰত সন্দেহৰ সৃষ্টি কৰিছিল অনুৰাগীৰ মনত ৷

এই উৰাবাতৰিসমূহৰ মাজতে নাতাশাই নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰিছে ৷ ইয়াৰ পিচতে সামাজিক মাধ্যমত তোলপাৰ লাগিছে ৷ এই ষ্ট’ৰীয়ে যেন দুয়োৰে বিবাহ বিচ্ছেদৰ বাতৰি সঁচা বুলি প্ৰমাণিত কৰিছে ৷

ষ্ট’ৰীটোত থকা ছবিখনত যীশু আৰু এটা ভেড়াৰ আভাস দেখুওৱা হৈছে । ভগৱান যীশুৱে এটা ভেড়াক অনুসৰণ কৰি পিচে পিচে গৈ আছে । অৱশ্যে, নাতাশাই ছবিখনৰ কেপশ্যন দিয়া নাই ৷ যাতে ছবিখন পোষ্ট কৰাৰ আঁৰত তেওঁলোকৰ মানসিক অৱস্থাৰ বিষয়ে কোনো জ্ঞাত নহয় । কিন্তু অনুৰাগীসকলে ছবিখনৰ পৰা অনুমান কৰিবলৈ আৰম্ভ কৰিছে ৷

Natasa Stankovic Cryptic Post
পত্নী নাতাশাৰ ষ্ট’ৰী (Natasa Stankovic instagram post)

ইফালে শনিবাৰে নাতাশাক দিশা পাটানিৰ সৈতে নাম সাঙোৰ খোৱা আলেকজেণ্ডাৰ এলেক্সলিকৰ সৈতে দেখা গৈছিল । দুয়ো খাদ্য খাবলৈ এখন ৰেষ্টোৰাত উপস্থিত হৈছিল । ৰেষ্টোৰাৰ পৰা ওলাই যাওঁতে পাপাৰাজীয়ে দুয়োকে কেমেৰাত বন্দী কৰিছিল ।

এই সময়চোৱাত এজন পাপাৰাজীয়ে নাতাশাক তেওঁলোকৰ বিবাহ বিচ্ছেদৰ উৰাবাতৰিৰ বিষয়ে সুধিছিল । তেতিয়া তেওঁ এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰিছিল । তেওঁ মাথোঁ হাঁহি, 'ধন্যবাদ' বুলি কৈয়েই আৰু তেওঁৰ গাড়ীৰ ফালে খোজ ল’লে ৷

নাতাশা আৰু হাৰ্দিকে যোৱা চাৰি বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হয় । দম্পতীটোৱে কৰ’ণা কালত বিবাহপাশত আৱদ্ধ হৈছিল । দম্পতীটোৱে 2020 চনৰ 1 জানুৱাৰীত বাগদান কৰে, তাৰ পিচতে দুয়োয়ে সামাজিক ৰীতি-নীতি অনুসৰি বিবাহপাশত আৱদ্ধ হয় ৷

লগতে পঢ়ক: জীৱনৰ বাটত সংগ এৰিলে নেকি হাৰ্দিক পাণ্ডিয়া-নাতাশা ষ্টেনকভিচে ? - Natasa Hardik Pandya divorce

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.