ETV Bharat / entertainment

জীৱনৰ বাটত সংগ এৰিলে নেকি হাৰ্দিক পাণ্ডিয়া-নাতাশা ষ্টেনকভিচে ? - Natasa Hardik Pandya divorce

author img

By ETV Bharat Assamese Team

Published : May 24, 2024, 7:21 PM IST

Natasa Stankovic and Hardik Pandya : পত্নী নাতাশাৰ সৈতে বিবাহ বিচ্ছেদ হৈছে নেকি হাৰ্দিক পাণ্ডিয়াৰ ? নাতাশাৰ স্বামী হাৰ্দিকৰ পৰা পৃথকে থাকে নেকি ? ছ’চিয়েল মিডিয়াত এই লৈ সৰৱ চৰ্চা ৷ প্ৰকৃত সত্য কি জানি লওক-

Are Actress Natasa Stankovic and Hardik Pandya part way Know here truth
নাতাশা-হাৰ্দিক (etv bharat)

চিটাৰা ডেস্ক, 24 মে’ : নাতাশা তেওঁৰ তাৰকা ক্ৰিকেটাৰ স্বামী হাৰ্দিক পাণ্ডিয়াৰ সৈতে বিবাহ বিচ্ছেদৰ খবৰেৰে বাতৰিৰ শিৰোনামত আছে ৷ বাতৰি ওলাইছে যে নাতাশা আৰু হাৰ্দিকৰ মাজত একো ভাল চলি থকা নাই আৰু তাৰকা দম্পতীয়ে বিবাহ বিচ্ছেদৰ কৰিবলৈ গৈ আছে । নিজৰ প্ৰেমৰ বাবে চৰ্চাত থকা নাতাশা আৰু হাৰ্দিকৰ বিবাহ বিচ্ছেদৰ খবৰে সকলোকে উদ্বিগ্ন কৰি তুলিছে ৷ এই খবৰটো তেতিয়া চৰ্চালৈ আহিল যেতিয়া সকলোৱে মন কৰিলে যে দীৰ্ঘদিন ধৰি কোনো প্ৰেমৰ পোষ্ট শ্বেয়াৰ কৰা নাই দুয়োৱে আৰু নাতাশাই তেওঁৰ নামৰ পৰা পাণ্ডিয়া উপাধি আঁতৰাই দিছে !

২০২০ চনৰ ৩১ মে'ত নাতাশা আৰু হাৰ্দিকে অতি আড়ম্বৰেৰে বিবাহপাশত আবদ্ধ হয় । ২০২০ চনৰ ১ জানুৱাৰীত বাগ্দান হৈছিল তেওঁলোকৰ । বিবাহৰ এমাহ পিছত অৰ্থাৎ ২০২০ চনৰ ৩০ জুলাই তাৰিখে হাৰ্দিক-নাতাশাৰ পুত্ৰ অগস্ত্য পাণ্ডিয়াৰ জন্ম হয় । আনহাতে, ২০২৩ চনৰ ১৪ ফেব্ৰুৱাৰীত ৰাজস্থানৰ উদয়পুৰত সম্পূৰ্ণ ৰীতি-নীতিৰে তেওঁলোকৰ বিয়া আৰু অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত হয় ।

এইবোৰ কথাই বিচ্ছেদৰ প্ৰমাণ দিছে:

ছ'চিয়েল মিডিয়াত হাৰ্দিক-নাতাশাৰ বিচ্ছেদৰ বাতৰি জুইতকৈ দ্ৰুতগতিত বিয়পি পৰিছে । দুয়োৱে একেলগে বহুদিন ধৰি কোনো পোষ্ট দিয়া নাই । একে সময়তে, নাতাশাই ইনষ্টা বায়’ৰ পৰা পাণ্ডিয়া উপাধি আঁতৰাই দিছে । মন কৰিবলগীয়া যে ৪ মাৰ্চত নাতাশাৰ জন্মদিন আছিল আৰু সেই বিশেষ দিনটোত পাণ্ডিয়াই ছ'চিয়েল মিডিয়াত একো পোষ্ট কৰা নাছিল ।

কেৱল এয়াই নহয়, নাতাশাই আই পি এলৰ এখনো খেলত মুম্বাই ইণ্ডিয়ানছক উৎসাহিত কৰিবলৈ অহা নাছিল, য’ত নেকি হাৰ্দিক নিজে প্ৰথমবাৰৰ বাবে এমআইৰ অধিনায়ক হৈছিল ।

কিন্তু হাৰ্দিকে ২০২৪ চনৰ ৯ এপ্ৰিলত ঘৰৰ পৰা কীৰ্তনৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল, য'ত তেওঁৰ পত্নী আৰু তেওঁৰ শহুৰেকো উপস্থিত আছিল । আনকি হাৰ্দিকে 14 ফেব্ৰুৱাৰী 2024 তাৰিখে ভেলেণ্টাইন ডে’ত পত্নী নাতাশাৰ সৈতে পোষ্ট কৰিছিল, য'ত তেওঁ তেওঁৰ পত্নীক শুভেচ্ছা জনাইছিল । এনে পৰিস্থিতিত, নাতাশা আৰু হাৰ্দিকৰ মাজত একো ভালদৰে চলি থকা নাই বুলি কোৱাটো ভুল হ'ব ৷ হয়তো হাৰ্দিক আই পি এলৰ ব্যস্ততাত বেয়াকৈ সোমাই পৰিছে ৷

দুদিন পূৰ্বে নাতাশাই দেশী লুকত নিজৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল, যাৰ কেপচনত লিখা আছিল, ‘Lifted by his love, surrounded by his glory’। ৩০ এপ্ৰিলত নাতাশাই পুত্ৰৰ সৈতে অকলে ফুৰিবলৈ গৈছিল ।

একে সময়তে, ই টিভি ভাৰতে হাৰ্দিক আৰু নাতাশাৰ বিচ্ছেদৰ বাতৰি ছ'চিয়েল মিডিয়াত বিয়পি পৰাটো নিশ্চিত নকৰে ।

লগতে পঢ়ক : ইউটিউবত ভিডিঅ’ বনাই মাত্ৰ আঢ়ৈ বছৰৰ ভিতৰত 200 কোটি টকাৰ মালিক হ’ল অৰমান! - YouTuber Armaan Malik two wives

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.