Mob lynching in Jorhat : অনিমেশ ভূঞাৰ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল যোৰহাট আৰক্ষীৰ

By

Published : Jan 17, 2022, 5:27 PM IST

thumbnail

যোৰহাটৰ আছু নেতা অনিমেশ ভূঞাৰ হত্যাকাণ্ডৰ ৮৮০ পৃষ্ঠাৰ কেচ ডায়েৰী আৰু ৩৩৯ পৃষ্ঠাৰ চাৰ্জশ্বীট সোমবাৰে দাখিল কৰিলে যোৰহাট আৰক্ষীয়ে (jorhat police file charge sheet for animesh bhuyan murder case) ৷ যোৱা ২৯ নৱেম্বৰত যোৰহাট নগৰৰ মাজমজিয়াৰ ট্ৰাক ষ্টেণ্ডত এদল লোকে ছাত্ৰ নেতা অনিমেশ ভূঞাক মৰিয়াই মৰিয়াই হত্যা কৰিছিল (Mob lynching in Jorhat) ৷ এই ঘটনাৰ ৫০ দিন উকলাৰ পিছত সোমবাৰে আৰক্ষীয়ে দাখিল কৰে চাৰ্জশ্বীট ৷ ছাত্ৰ নেতাগৰাকীৰ হত্যাৰ ঘটনাত জড়িত থকা প্ৰায় ১৫ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ ইয়াৰে ১৩ গৰাকী অভিযুক্তৰ বিৰুদ্ধে জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত দাখিল কৰা হৈছে চাৰ্জশ্বীট ৷ ঘটনাৰ অভিযুক্ত সুভাষ বৰাৰ বিৰুদ্ধে কোনো সাক্ষ্য প্ৰমাণ নথকাত এই তদন্ত প্ৰক্ৰিয়াৰ আওতাৰ পৰা ইতিমধ্যে বাহিৰ হৈছে ৷ ইয়াৰ লগতে যোৰহাটৰ জ্যেষ্ঠ অধিবক্তা ৰিণ্টু গোস্বামীক বিশেষ অধিবক্তাৰ বাবে যোৰহাট আৰক্ষীয়ে আবেদন জনাইছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.