মৰাণৰ হোটেলত পুৰণি খাদ্য যোগানৰ অভিযোগ, পঁচা ব্ৰেড খাই অসুস্থ ছাত্ৰ - FOOD POISONING AT MORAN

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 10:29 PM IST

thumbnail
মৰাণৰ মনভৰি ৰেষ্টুৰেণ্টৰ বিৰুদ্ধে পুৰণি ব্ৰেড বিক্ৰীৰ অভিযোগ (Etv Bharat Assam)

মৰাণ, 3 জুন : পঁচা ব্ৰেড খোৱাৰ পিচত অসুস্থ ছাত্ৰ ৷ মৰাণৰ হোটেলত পঁচা ব্ৰেড যোগানৰ অভিযোগ ৷ ইখনৰ পিছত সিখন হোটেলৰ বিৰুদ্ধে উঠিছে গ্ৰাহকক অখাদ্য যোগান ধৰাৰ অভিযোগ ৷

ঘটনাৰ বিৱৰণী অনুসৰি, মৰাণ চহৰৰ মাজমজিয়াত থকা "মনভৰি" নামৰ হোটেলখনৰ পৰা দেওবাৰে এটা ব্ৰেড ক্ৰয় কৰিছিল এজন গ্ৰাহকে ৷ সেই ব্ৰেডটোৰ কিছু অংশ ব্যক্তিজনে নিজে খোৱাৰ পিচত দুখন ব্ৰেড খাইছিল তেওঁৰে কনিষ্ঠ সন্তানে ৷ ইফালে জ্যেষ্ঠ সন্তান আৰু বিদ্যালয়ত কৰ্মৰত পত্নীয়েও টিফিন হিচাপে নিছিল ব্ৰেড ৷ পিছে কনিষ্ঠ ছাত্ৰজনে বিদ্যালয়লৈ গৈ পোৱাৰ পিচৰে পৰা পেটৰ বিষ অনুভৱ কৰিবলৈ ধৰে ৷

পৰিয়ালটোৱে ব্ৰেডৰ পৰাই ছাত্ৰজনৰ শৰীৰত বিষক্ৰিয়া উৎপন্ন হোৱা বুলি অনুমান কৰে ৷ এই অনুমানৰ ভিত্তিতে ছাত্ৰজনৰ পিতৃয়ে ব্ৰেডৰ অৱশিষ্ট অংশটো লৈ ব্ৰেড ক্ৰয় কৰা হোটেলখনত উপস্থিত হয় ৷

পিছে ব্যক্তিগৰাকীৰ এই অভিযোগত কোনোপধ্যে মানি নোলোৱাৰ অভিযোগ উঠিছে "মনভৰি" নামৰ হোটেলখনৰ বিৰুদ্ধে ৷ হোটেল কৰ্তৃপক্ষই মাথো চিকিৎসকৰ খৰচ বহন কৰাৰ প্ৰতিশ্ৰুতি দিয়েই কথাটোৰ পৰা ফালৰি কাটিবলৈ চেষ্টা কৰে ৷ হোটেল কৰ্তৃপক্ষৰ এনে আচৰণৰ বাবে গ্ৰাহকজনৰ সৈতে বাকবিতণ্ডাৰ সূত্ৰপাত ঘটে ৷

লগতে পঢ়ক: জেঠমহীয়া নামৰ বুটমাহ খাই এটি শিশুৰ মৃত্যু: অসুস্থ 50 তকৈ অধিক - Food Poisoning At Dakshin Kamrup

লগতে পঢ়ক: ৰাজহুৱা অনুষ্ঠানৰ খিচিৰি খাই অসুস্থ শতাধিক, চিকিৎসালয়ত ভৰ্তি - Food Poisoning In Udaipur

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.