মৰাণৰ হোটেলত পুৰণি খাদ্য যোগানৰ অভিযোগ, পঁচা ব্ৰেড খাই অসুস্থ ছাত্ৰ - FOOD POISONING AT MORAN - FOOD POISONING AT MORAN

🎬 Watch Now: Feature Video

thumbnail
মৰাণৰ মনভৰি ৰেষ্টুৰেণ্টৰ বিৰুদ্ধে পুৰণি ব্ৰেড বিক্ৰীৰ অভিযোগ (Etv Bharat Assam)

By ETV Bharat Assamese Team

Published : June 3, 2024 at 10:29 PM IST

1 Min Read
Choose ETV Bharat

মৰাণ, 3 জুন : পঁচা ব্ৰেড খোৱাৰ পিচত অসুস্থ ছাত্ৰ ৷ মৰাণৰ হোটেলত পঁচা ব্ৰেড যোগানৰ অভিযোগ ৷ ইখনৰ পিছত সিখন হোটেলৰ বিৰুদ্ধে উঠিছে গ্ৰাহকক অখাদ্য যোগান ধৰাৰ অভিযোগ ৷

ঘটনাৰ বিৱৰণী অনুসৰি, মৰাণ চহৰৰ মাজমজিয়াত থকা "মনভৰি" নামৰ হোটেলখনৰ পৰা দেওবাৰে এটা ব্ৰেড ক্ৰয় কৰিছিল এজন গ্ৰাহকে ৷ সেই ব্ৰেডটোৰ কিছু অংশ ব্যক্তিজনে নিজে খোৱাৰ পিচত দুখন ব্ৰেড খাইছিল তেওঁৰে কনিষ্ঠ সন্তানে ৷ ইফালে জ্যেষ্ঠ সন্তান আৰু বিদ্যালয়ত কৰ্মৰত পত্নীয়েও টিফিন হিচাপে নিছিল ব্ৰেড ৷ পিছে কনিষ্ঠ ছাত্ৰজনে বিদ্যালয়লৈ গৈ পোৱাৰ পিচৰে পৰা পেটৰ বিষ অনুভৱ কৰিবলৈ ধৰে ৷

পৰিয়ালটোৱে ব্ৰেডৰ পৰাই ছাত্ৰজনৰ শৰীৰত বিষক্ৰিয়া উৎপন্ন হোৱা বুলি অনুমান কৰে ৷ এই অনুমানৰ ভিত্তিতে ছাত্ৰজনৰ পিতৃয়ে ব্ৰেডৰ অৱশিষ্ট অংশটো লৈ ব্ৰেড ক্ৰয় কৰা হোটেলখনত উপস্থিত হয় ৷

পিছে ব্যক্তিগৰাকীৰ এই অভিযোগত কোনোপধ্যে মানি নোলোৱাৰ অভিযোগ উঠিছে "মনভৰি" নামৰ হোটেলখনৰ বিৰুদ্ধে ৷ হোটেল কৰ্তৃপক্ষই মাথো চিকিৎসকৰ খৰচ বহন কৰাৰ প্ৰতিশ্ৰুতি দিয়েই কথাটোৰ পৰা ফালৰি কাটিবলৈ চেষ্টা কৰে ৷ হোটেল কৰ্তৃপক্ষৰ এনে আচৰণৰ বাবে গ্ৰাহকজনৰ সৈতে বাকবিতণ্ডাৰ সূত্ৰপাত ঘটে ৷

লগতে পঢ়ক: জেঠমহীয়া নামৰ বুটমাহ খাই এটি শিশুৰ মৃত্যু: অসুস্থ 50 তকৈ অধিক - Food Poisoning At Dakshin Kamrup

লগতে পঢ়ক: ৰাজহুৱা অনুষ্ঠানৰ খিচিৰি খাই অসুস্থ শতাধিক, চিকিৎসালয়ত ভৰ্তি - Food Poisoning In Udaipur

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details