ETV Bharat / bharat

ৰাজহুৱা অনুষ্ঠানৰ খিচিৰি খাই অসুস্থ শতাধিক, চিকিৎসালয়ত ভৰ্তি - Food Poisoning In Udaipur

author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 4:08 PM IST

Villagers hospitalized in Udaipur : খাদ্যত বিষক্ৰিয়া ঘটি পুনৰ চিকিৎসাধীন প্ৰায় শতাধিক লোক ৷ বিগত সাতদিনৰ ভিতৰত এয়া দ্বিতীয়টো খাদ্যৰ বিষক্ৰিয়াৰ ঘটনা সংঘটিত হৈছে ৷ এক ৰাজহুৱা ভোজত অংশগ্ৰহণ কৰাৰ পিছৰে পৰা প্ৰায় শতাধিক লোক বিষক্ৰিয়াত আক্ৰান্ত হয় ৷ পিছে ক’ত এই ঘটনা সংঘটিত হৈছে, চাওক এই প্ৰতিবেদনত ৷

FOOD POISONING IN UDAIPUR
খিচিৰি খাই অসুস্থ শতাধিক (Etv Bharat)

নেশ্যনেল ডেস্ক, 3 জুন : পুনৰ এবাৰ সংঘটিত হৈছে খাদ্যৰ বিষক্ৰিয়াৰ ঘটনা ৷ এই ঘটনাত প্ৰায় শতাধিক লোক অসুস্থ হৈ বৰ্তমান চিকিৎসাধীন হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ বিগত এসপ্তাহৰ ভিতৰত এয়া দ্বিতীয়টো খাদ্যৰ বিষক্ৰিয়াৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷

চিকিৎসক ডাঃ সাকেত জৈনে প্ৰকাশ কৰা অনুসৰি, প্ৰাথমিক তদন্তৰ অন্তত এয়া খাদ্যৰ বিষক্ৰিয়া বুলি অনুমান কৰা হৈছে ৷ সম্প্ৰতি আক্ৰান্ত লোকসকলে চিকিৎসা গ্ৰহণ কৰি থকা বুলি চিকিৎসকসকলে সদৰী কৰে ৷

লগতে পঢ়ক: জেঠমহীয়া নামৰ বুটমাহ খাই এটি শিশুৰ মৃত্যু: অসুস্থ 50 তকৈ অধিক - Food Poisoning At Dakshin Kamrup

দেওবাৰে একাদশী থকাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ অধিকাংশ লোকেই উপবাসে আছিল ৷ উপবাসৰ অন্তত প্ৰায় 1500 লোকে "সামা" নামৰ ৰাজহুৱা অনুষ্ঠানটোত অংশগ্ৰহণ কৰি তাত বিতৰণ কৰা খিচিৰি গ্ৰহণ কৰিছিল ৷ এই খিচিৰি গ্ৰহণ কৰাৰ পিছৰে পৰা শতাধিক লোক অসুস্থ হৈ পৰে ৷

চিকিৎসালয়ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি : সূত্ৰই প্ৰকাশ কৰা অনুসৰি, অনুষ্ঠানটোত খিচিৰি আৰু পকৰী প্ৰস্তুত কৰা হৈছিল ৷ এই খাদ্য গ্ৰহণ কৰাৰ পিছৰে পৰা বহুসংখ্যক লোকৰ বমি হ’বলৈ ধৰে ৷ যাৰ পিছত অসুস্থ লোকসকলক চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হয় ৷ পৰৱৰ্তী সময়ত চিকিৎসালয় ভৰি পৰে আক্ৰান্ত লোকেৰে ৷ সম্প্ৰতি চিকিৎসালয়খনৰ এটা দলে অবিৰতভাৱে এই লোকসকলক প্ৰয়োজনীয় চিকিৎসা সেৱা আগবঢ়াই আছে ৷

লগতে পঢ়ক: খাদ্যত বিষক্ৰিয়া হৈ চিকিৎসাধীন ৬ জনকৈ লোক - Food Poisoning

উল্লেখ্য যে, এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ উদয়পুৰ জিলাত ৷ জিলাখনত এসপ্তাহৰ ভিতৰত এয়া দ্বিতীয়টো খাদ্যৰ বিষক্ৰিয়াৰ ঘটনা সংঘটিত হৈছে ৷ এই এলেকাটো ভিণ্ডৰ থানাৰ অন্তৰ্গত ৷ এসপ্তাহৰ পূৰ্বে উদয়পুৰৰ কোটৰা থানা এলেকাত অনুষ্ঠিত এক কাৰ্যসূচীত সংঘটিত খাদ্যৰ বিষক্ৰিয়াত 35 গৰাকী লোকৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল ৷ এই ঘটনাত এগৰাকী মহিলাৰ লগতে চাৰিগৰাকী লোকৰ মৃত্যু ঘটিছিল ৷ তদুপৰি 12 গৰাকী লোকক উন্নত চিকিৎসাৰ বাবে গুজৰাটলৈ প্ৰেৰণ কৰা হৈছিল ৷

লগতে পঢ়ক: পলু খাই বিষক্ৰিয়া হৈ ২০ গৰাকী লোক চিকিৎসাধীন - Food Poisoning In Tinsukia

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.