পলু খাই বিষক্ৰিয়া হৈ ২০ গৰাকী লোক চিকিৎসাধীন - food poisoning in Tinsukia

By ETV Bharat Assamese Team

Published : May 17, 2024, 8:25 PM IST

thumbnail
পলু খাই বিষক্ৰিয়া হৈ ২০ গৰাকী লোক চিকিৎসাধীন (ETV BHARAT ASSAM)

তিনিচুকীয়া, ১৭ মে’: তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ সোণোৱাল গাঁৱত খাদ্যৰ বিষক্ৰিয়া হোৱাৰ ঘটনা পোহৰলৈ আহিছে । বিষক্ৰিয়াত আক্রান্ত হৈ 20 গৰাকীকৈ লোক চিকিৎসাধীন হৈছে । পাত পলুৰ লেটা খোৱাৰ পিচত লোককেইজন আক্ৰান্ত হোৱা বুলি জানিবলৈ দিয়ে ভুক্তভোগী লোকসকলে । সম্প্ৰতি আক্ৰান্ত কেইজনক ফিল’বাৰী আদৰ্শ চিকিৎসালয়ত, ডুমডুমা FRU ত আৰু আন কেইবাজনো লোকক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিবলৈ দিয়ে ভুক্তভোগীসকলে ।

জানিব পৰা মতে, ভুক্তভোগীসকলে গাঁৱৰে এটা পলু চেণ্টাৰৰ পৰা পলু লৈ গৈ গাঁৱৰ কেইবাগৰাকীও লোকে বৃহস্পতিবাৰে নিশা পলু খোৱাৰ পাচতেই বমি আৰু মূৰৰ বিষ হৈ অসুস্থ হৈ পৰে ৷ তাৰ পিচতে তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়  ৷ এতিয়া লোকসকলে প্ৰশ্ন উত্থাপন কৰিছে যে, পলুত এনেকুৱা কি আছিল যে পলু খোৱাৰ বাবেই লোকসকল এনেদৰে অসুস্থ হৈ পৰে ?

লগতে পঢ়ক: জিভাৰ জুতি নে জীৱন ? সাৱধানেৰে বাচনি কৰক - food poison case

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.