ETV Bharat / bharat

জিভাৰ জুতি নে জীৱন ? সাৱধানেৰে বাচনি কৰক - food poison case

author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 3:50 PM IST

FOOD POISON CASE: খাদ্যৰ বিষক্ৰিয়াৰ ভয়ংকৰ পৰিণতি ৷ সম্প্ৰতি মহাৰাষ্ট্ৰৰ ভিন্ন স্থানৰ পদপথত বৃহৎ সংখ্যক অবৈধভাৱে বহা ষ্ট্ৰীট ফুডৰ দোকানত খাদ্য সামগ্ৰী বিক্ৰী বন্ধ কৰা হৈছে । কাৰণ পদপথৰ শ্বোৰ্মা খাই মৃত্যুক আঁকোৱালি লৈছে এগৰাকী যুৱকে ৷

FOOD POISON CASE
পদপথৰ শ্বৱৰমা খাই যুৱকৰ কৰুণ মৃত্যু (ETV BAHARAT MAHARASHTRA)

নেশ্যনেল ডেস্ক, 8 মে’ : পদপথৰ খাদ্য খাওঁতে সাৱধান হওক ৷ শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ কেইবাটাও অঞ্চলত অবৈধভাৱে বহা পদপথৰ দোকানসমূহ বন্ধ কৰা হৈছে ৷ জানিব পৰা অনুসৰি, এপ্ৰিল মাহৰ শেষৰ সপ্তাহৰ পৰা পদপথৰ কাষত বিক্ৰী কৰা শ্বোৰ্মা সেৱন কৰাৰ পিচত মানখুৰ্দ অঞ্চলৰ প্ৰায় 12 গৰাকী লোক খাদ্যৰ বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰে ৷ লোককেইজনক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও ইয়াৰে মাজৰ এগৰাকী 19 বছৰীয়া যুৱকৰ মৃত্যু হয় ।

মঙলবাৰে পুৱা 10.30 বজাত চিকিৎসাৰ সময়ত প্ৰাতেশ নামৰ যুৱকজনৰ মৃত্যু হয় । মৃতকৰ খুৰাক হামিদ আব্বাছ চৈয়দে (40) ট্ৰম্বে আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছে ৷ ইতিমধ্যে দুজন শ্বোৰ্মা বিক্ৰেতাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

ট্ৰম্বে আৰক্ষীয়ে আনন্দ কাম্বলে আৰু মহম্মদ আহমেদ ৰেজা শ্বেখক শ্বোৰ্মা বিক্ৰী কৰি থকা অৱস্থাত হাতে লোটে গ্ৰেপ্তাৰ কৰে ৷ দুয়ো বিক্ৰেতাক আজি আদালতত হাজিৰ কৰোৱা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

যোৱা 3 মে’, সন্ধিয়া প্ৰায় 6 বজাত, প্ৰাতেশ আৰু অঞ্চলটোৰ আন বহুতো লোকে কাম্বলে আৰু শ্বেখৰৰ হাতৰ শ্বোৰ্মা খাইছিল ৷ তাৰ পাচতেই প্ৰাতেশে পিচদিনা বমি কৰাৰ লগতে পেটৰ বিষত ভুগিছিল ৷ লগে লগে তেওঁক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল । তাত তেওঁ অস্থায়ীভাৱে সুস্থ অনুভৱ কৰে যদিও পুনৰ তীব্ৰ পেটৰ বিষ হোৱাত 5 মে'ৰ পুৱা প্ৰায় 5 বজাত তেওঁক কে ই এম চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল । পৰৱৰ্তী সময়ত চিকিৎসাৰ সময়ত প্ৰাতেশৰ মৃত্যু হয় ।

ট্ৰম্বে আৰক্ষী থানাৰ জ্যেষ্ঠ আৰক্ষী পৰিদৰ্শক ৰাজেশ সিন্দেই কয়, "আন সকলো ভুক্তভোগীৰ অৱস্থা বৰ্তমান সুস্থ ৷ ঐশ্বৰ্য নামৰ এগৰাকী যুৱতী প্ৰতাপদী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।"

লগতে পঢ়ক: ধাৰলৈ দিয়া টকা বিচৰাৰ বাবেই সংঘটিত হত্যাকাণ্ড : ঘাতক ভাতৃক গ্ৰেপ্তাৰ - Brother killed sister

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.