ETV Bharat / bharat

ধাৰলৈ দিয়া টকা বিচৰাৰ বাবেই সংঘটিত হত্যাকাণ্ড : ঘাতক ভাতৃক গ্ৰেপ্তাৰ - Brother killed sister

author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 1:44 PM IST

BROTHER KILLED SISTER: এগৰাকী ভাতৃক ভগ্নীৰ ৰক্ষক বুলি কোৱা হয় ৷ কিন্তু যেতিয়া এই ভাতৃয়ে ঘাতকৰ ৰূপ লয় তেনেহ’লে বিশ্বাস কৰিব কাক ?

BROTHER KILLED SISTER
ধাৰলৈ ধন বিচৰাৰ বাবে ভাতৃয়ে গুলীয়ালে ভগ্নীক (iStockphoto)

নেশ্যনেল ডেস্ক, ৮ মে’ : উত্তৰ প্ৰদেশৰ কানপুৰত এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে ৷ সাধ আৰক্ষী থানা অঞ্চলৰ অধীনত এটা অঞ্চলত ভাতৃয়ে ধনৰ লেনদেনৰ বিবাদত তেওঁৰ ভনীয়েকক গুলীয়াই হত্যা কৰে । গুলীৰ শব্দ শুনি ঘটনাস্থলীত আনজন ভাতৃ উপস্থিত হৈ তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত ভগ্নীক পৰি থকা দেখি সোধাৰ পিচতেই প্ৰকৃত সত্য পোহৰলৈ আহে ৷

আনহাতে, ভাতৃক হত্যাৰ কাৰণ সোধাৰ পিছতে জ্যেষ্ঠ ভাতৃৰ নাবালক পুত্ৰই খুৰাকক কুঠাৰেৰে আঘাত কৰে । ইয়াৰ ফলত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । এই খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্ৰাপ্ত ভাতৃক চিকিৎসাৰ বাবে ভিতৰগাঁও চি এইচ চি-ত ভৰ্তি কৰে । তাৰপিচতে চিকিৎসকে তেওঁক প্ৰাথমিক চিকিৎসা কৰি ঘৰলৈ ঘূৰাই পঠিয়াই দিয়ে ৷

ইয়াৰ পিচতে আৰক্ষীয়ে মৃত যুৱতীগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।

আৰক্ষীয়ে জনোৱা অনুসৰি, সাধ আৰক্ষী থানা অঞ্চলৰ বীৰসিংপুৰ গাঁৱৰ বাসিন্দা সতীশ চন্দ্ৰ শুক্লাৰ চাৰিজন পুত্ৰ আৰু দুগৰাকী কন্যা আছে । তেওঁৰ দুয়োগৰাকী কন্যাই বিবাহিত । আনহাতে, চাৰিজন পুত্ৰৰ মাজৰ দুজনে কৰ্মসূত্ৰে বাহিৰত থাকে ।

তেওঁলোকৰ এগৰাকী কন্যা শালিনীৰ স্বামীৰ শেহতীয়াকৈ ৰে’ল দুৰ্ঘটনাত মৃত্যু হৈছিল । শালিনীৰ এগৰাকী 18 বছৰীয়া কন্যাও আছে । শালিনীয়ে কেইদিনমান পূৰ্বে মাতৃগৃহত থাকিবলৈ আহিছিল ।

শালিনীক ধনৰ প্ৰয়োজন হৈছিল । যাৰ বাবে তেওঁ মঙলবাৰে বিয়লি ভাতৃ ব্ৰিজেশক পূৰ্বে দিয়া ধন ঘূৰাই বিচাৰিছিল । এই কথাতেই তৰ্কা-তৰ্কি হৈ ভাতৃ ব্ৰিজেশ ওলাই গুচি যায় । যেতিয়া ভাতৃ সন্ধিয়া পলমকৈ ঘৰলৈ উভতিছিল, তেতিয়া শালিনীয়ে পুনৰ টকা ঘূৰাই বিচাৰিছিল আৰু তাই টকা ঘূৰাই নিদিয়াৰ কাৰণ সুধিছিল ৷ এই কথাতেই খঙত অগ্নিশৰ্মা হৈ ব্ৰিজেশে ভগ্নী শালিনীক এটা অবৈধভাৱে ব্যৱহাৰ কৰা হস্তনিৰ্মিত পিষ্টলৰে গুলীয়ায় ৷

গুলীচালনাৰ শব্দ শুনি ঘটনাস্থলীত উপস্থিত হোৱা ভাতৃ শ্ৰৱণে ব্ৰিজেশক হত্যাৰ কাৰণ সুধিছিল ৷ এই দৃশ্য দেখি ব্ৰিজেশৰ নাবালক পুত্ৰই খুৰাকক কুঠাৰেৰে আক্ৰমণ কৰিছিল ।

সম্প্ৰতি আৰক্ষীয়ে ফৰেণচিক দলৰ সহায়ত ঘটনাস্থলীৰ পৰা প্ৰমাণ সংগ্ৰহ কৰিছে আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । ইয়াৰ লগতে আৰক্ষীয়ে অভিযুক্ত ভাতৃক আটক কৰি সোধা-পোছা আৰম্ভ কৰিছে ।

আৰক্ষীয়ে জনোৱা অনুসৰি, অভিযুক্তটোৱে তেওঁৰ তিনি ভাতৃৰ পৰা ধন ধাৰে লৈছিল । তেওঁ কোনো ভগ্নীৰ পৰা ২৮,০০০ টকা, কাৰোবাৰ পৰা ১৫,০০০ টকা আৰু কাৰোবাৰ পৰা ১ লাখ টকা পৰ্যন্ত ধাৰে লৈছিল । তিনিও ভাতৃয়ে অভিযুক্তৰ পৰা ধন বিচাৰিছিল যদিও অভিযুক্ত ভাতৃয়ে ধন পৰিশোধ কৰা নাছিল ।

লগতে পঢ়ক: ঘৰৰ ভিতৰতে পুতি থোৱা হ’ল মহিলাৰ মৃতদেহ - Woman body buried in Borjhar

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.