ETV Bharat / state

ঘৰৰ ভিতৰতে পুতি থোৱা হ’ল মহিলাৰ মৃতদেহ - Woman body buried in Borjhar

author img

By ETV Bharat Assamese Team

Published : May 7, 2024, 10:57 PM IST

Dead Body found in Borjhar
ঘৰৰ ভিতৰতে পুতি থোৱা হ’ল মহিলাৰ মৃতদেহ (ETV Bharat Assam)

Dead Body found in Borjhar : ঘৰৰ ভিতৰতে গাঁত খান্দি পুতি থোৱা হ’ল এগৰাকী মহিলাৰ মৃতদেহ ৷ স্বামীকো বিচাৰি পোৱা নাই বিচাৰি ৷

ঘৰৰ ভিতৰতে পুতি থোৱা হ’ল মহিলাৰ মৃতদেহ (ETV Bharat Assam)

মিৰ্জা, 7 মে’: বৰঝাৰ বিমান বন্দৰৰ সমীপৰ ডেকাপাৰাত ঘৰৰ ভিতৰত গাঁত খান্দি পুতি থোৱা অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ ৷ ইয়াকে লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ জানিব পৰা মতে, এবছৰমান ধৰি এক পঞ্চাশ উৰ্ধৰ দম্পত্তিয়ে ভাৰাতীয়া হিচাপে ঘৰটোত বাস কৰি আছিল ।

  • " class="align-text-top noRightClick twitterSection" data="">

বিগত কিছুদিনৰ পৰা স্থানীয় লোকে দুয়োকে দেখা নাছিল যদিও বিষয়টো বিশেষ গুৰুত্ব দিয়া নাছিল । কিন্তু মঙলবাৰে দুপৰীয়া এগৰাকী স্থানীয় লোকে ঘৰটোৰ চৌহদলৈ আহি গোন্ধ পোৱাৰ পিচত সন্দেহ প্ৰকাশ কৰি আজাৰা থানাত খবৰ দিয়ে ।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত ঘৰৰ ভিতৰত গাঁত খান্দি পুতি থোৱা মহিলাৰ মৃতদেহটো উলিয়াই আনে ৷ আনহাতে মহিলাগৰাকীৰ স্বামী প্ৰায় পাঁচদিন ধৰি নিৰুদ্দেশ হৈ থকালৈ লক্ষ্য কৰি স্বামীয়ে পত্নীক হত্যা কৰি ঘৰৰ ভিতৰত গাঁত খান্দি পুতি থৈ পলায়ন কৰা বুলি সন্দেহ কৰিছে ।

আনহাতে উক্ত ভূমিৰ গৰাকী ধাৰাপুৰ-খানামুখৰ বাসিন্দা ধ্ৰুৱজ্যোতি কাকতিয়ে বিগত প্ৰায় পোন্ধৰ বছৰ ধৰি সেই স্থানলৈ অহাই নাই বুলি মন্তব্য কৰে । পূৰ্বৰ প্ৰকৃত মালিক সত্য দাসে ধ্ৰুৱজ্যোতি কাকতি আহিলেই অত্যাচাৰ কৰাৰ লগতে দাবী-ধমকি দি খেদি পঠিয়ায় বুলিও মন্তব্য কৰে ।

তাৰ বিপৰীতে সত্য দাসে এই সন্দৰ্ভত একো নাজানে বুলিহে মন্তব্য কৰে । নিৰুদ্দেশ হৈ থকা লোকজন আৰক্ষীৰ জালত পৰিলেহে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব । আনহাতে স্থানীয় লোকে জানিবলৈ দিয়া মতে, বৃদ্ধ দম্পত্তিটো প্ৰায়ে কাজিয়াত লিপ্ত হৈছিল । ঘটনাস্থলীত চি আই ডি আৰু ফৰেনচিকৰ দল তথা পশ্চিম সংমণ্ডল আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ তদন্ত চলাই আছে ।

লগতে পঢ়ক: মৰিয়নীত বস্তাত ভৰাই থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.